RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78481252

আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি

৮ নৱেম্বৰ, ২০১৬

আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে, উভয় নম্বৰ সূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ সমন্বিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষ থকা আৰু স্বচ্ছ ভাৰতৰ প্ৰতীক ছপা কৰা ৫০০ টকীয়া বেংকনোট জাৰি কৰিব।


নতুন ৫০০ টকীয়া নোটবোৰ, ৰং, আকাৰ, মূলভাৱ, সুৰক্ষা বৈশিষ্ট্যবোৰৰ অৱস্থান আৰু আৰ্হিৰ দিশৰ পৰা আগৰ নিৰ্দিষ্ট বেংকনোটতকৈ নিম্নোক্ত দিশবোৰৰ সুকীয়া হব-

  • আকাৰ হৈছে ৬৬ মিমি X ১৫০ মিমি।

  • ৰং হৈছে শৈলধুসৰ

  • পিঠিফালে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ভাৰতীয় ঐতিহ্য স্থলী- লালকিল্লাৰ প্ৰতিকৃতি

এই বেংকনোটবোৰত অন্য কিছুমান বৈশিষ্ট্যও আছে (মহাত্মা গান্ধীৰ প্ৰতিকৃতিৰ সাঁচ, অশোক স্তম্ভ, বিৰিং ৰেখা, সোঁফালে ৫০০ টকা সমন্বিতে বিৰিং ৰেখা আৰু চিনাক্তকৰণ চিহ্ন) যাৰ সহায়ত দৃষ্টিশক্তিহীন ব্যক্তিয়ে মুদ্ৰাবিধৰ চিনাক্তকৰণ কৰিব পাৰে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?