ৰিজাৰ্ভবেংকে নতুন দিল্লীৰ বৈশ্য কোঅপাৰেটিভ - আৰবিআই - Reserve Bank of India
ৰিজাৰ্ভবেংকে নতুন দিল্লীৰ বৈশ্য কোঅপাৰেটিভ কমাৰ্চিয়েল বেংকলৈ জাৰী কৰা নিৰ্দেশনা
৯ চেপ্তেম্বৰ, ২০১৫ ৰিজাৰ্ভবেংকে নতুন দিল্লীৰ বৈশ্য কোঅপাৰেটিভ কমাৰ্চিয়েল বেংকলৈ জাৰী কৰা নিৰ্দেশনা জন সাধাৰনৰ হিতাৰ্থে কেইটামান দিশত নতুন দিল্লীৰ বৈশ্য কোঅপাৰেটিভ কমাৰ্চিয়েল বেংক লিমিটেডলৈ নিৰ্দেশনা জাৰী কৰি ৰিজাৰ্ভবেংক সন্তুষ্ট। সেই অনুসৰি ৰিজাৰ্ভবেংকে ১৯৪৯চনৰ বেংকিঙ ৰেগুলেশ্ৱন আইনৰ ৩৫(ক) অনুচ্ছেদৰ(যিবোৰ সমবায় সমিতি বিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য)আৰু একেখন আইনৰে ৫৬নংঅনুচ্ছেদ মৰ্মে নতুন দিল্লী-স্থিত বৈশ্য কোঅপাৰেটিভ কমাৰ্চিয়েল বেংক লিমিটেডলৈ নিৰ্দেশনা দিয়ে যে ২০১৫ চনৰ ৮ চেপ্তেম্বৰৰ কৰ্ম সমাপ্তিৰ পৰা আগতীয়াকৈ বেংকৰ লিখিত অনুমোদন প্ৰাপ্ত নকৰাকৈ কোনোধৰণৰ ঋণ,দান্ অথবা ঋণৰ বা অগ্ৰীমৰ নৱীকৰণ কৰিব নোৱাৰিব,কোনোধৰনৰ বিনিয়োগ,ধাৰ দিয়া বা পুঁজি জমা লৈ তাৰ দায়িত্বভাৰ লোৱা, টকাৰ ভুক্তান অৰ্থাত পেমেন্ট কৰা,ধাৰৰ দায়িত্বলৈ টকা আৰু লেন-দেনৰ বুজা-বুজিৰ মাজত সোমোৱা আৰু বিক্ৰী কৰা সম্পত্তিৰ হস্তান্তৰ আৰু বিক্ৰীকৰণ আদি তলত দিয়া নিয়মৰ পৰিসৰৰ ভিতৰতহে কৰিব পাৰিব। ১। জমাকাৰীয়ে চেভিংচ বেংক বা কাৰেন্ট একাউন্ট নাইবা অন্য জমা হিচাবৰ মুঠ জমাধনৰ পৰা টকা ১০০০/-(এহেজাৰ টকা)পৰ্য্যন্তহে উলিয়াব পাৰিব যদিহে জমাকাৰীৰ ঋণ নাইবা অন্য দায়বদ্ধতা নাথাকে; অন্যথা প্ৰথমে ঋণ হিচাবৰ বহীত ঋণমূক্ততা প্ৰদৰ্শিত হব লাগিব। ২। বৰ্ত্তমানৰ সময়বদ্ধ জমাৰ পৰিপক্কতাৰ নৱীকৰণ একে নাম আৰু ক্ষমতাৰ ভিতৰত হব লাগিব । ৩। তেনে ব্যয় ওপৰোক্ত নিৰ্দেশনা মতে বিধিসন্মত হব লাগিব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লিখিত অনুমতি-বহিৰ্ভুক্ত কোনো ধৰণৰ ব্যয়বহুলতা গ্ৰাহ্য নহব । নিৰ্দেশনাসমূহ সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থে বেংক্-চৌহদত আৰি দিয়া হৈছে। পৰিস্থিতি সাপেক্ষে ৰিজাৰ্ভ বেংকে নিৰ্দেশনাসমূহ সংশোধিত ৰুপত প্ৰকাশ কৰাৰ বাবে বিবেচনা কৰিব। এই নিৰ্দেশনাসমূহে ৰিজাৰ্ভ বেংকৰদ্বাৰা বেংক অনুজ্ঞাপত্ৰ বাতিল হোৱা নুবুজাব । বেংকৰ আৰ্থিক অবস্থা তনকিয়াল নোহোৱা পৰ্য্যন্ত ৰিজাৰ্ভ বেংকৰ বাধ্য বাধকতাৰ ভিতৰত লেনা-দেনা (বেংকৰ ব্যবসায় )চলাই যাব পাৰিব। পৰবৰ্ত্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত ওপৰোক্ত ব্যবস্থাসমূহ বাহাল থাকিব । অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি: ২০১৫-২০১৬/৬২৬ |