New FAQ Page 2 - আৰবিআই - Reserve Bank of India
প্ৰাথমিক চেভিং বেংক ডিপ'জিট একাউণ্ট (বিএচবিডিএ)
বৰ্তমান সকলো ‘ন’ ফ্ৰিল’ একাউণ্ট যিবোৰ ডিবিওড.নং.এলইজি.বিচি.44/09.07.005/2005-06 11 নভেম্বৰ 2005 চনৰ চাৰ্কুলাৰত থকা নিৰ্দেশনা অনুসৰি খোলা হৈছে, সেই সকলো একাউণ্ট ডিবিওডি.নং.এলইজি.বিচি.35/09.07.005/20012-13 10 আগষ্ট 2012 চনৰ চাৰ্কুলাৰ অনুসৰি বিএচবিডিএ একাউণ্টত পৰিৱৰ্তিত কৰা হব লগতে এই চাৰ্কুলাৰ মতে নতুনকৈ খোলা সকলো একাউণ্ট বিএচবিডিএ হিচাপে গণ্য কৰা হব। উচিত মূল্যত যি সকল একাউণ্টত অতিৰিক্ত সুবিধা উপলব্ধ আছে, বিশেষকৈ বিএচবিডিএ একাউণ্টৰ গ্ৰাহকৰ বাবে, সেই সকল একাউণ্ট বিএচবিডিএ হিচাপে গণ্য কৰা নহব।
নহয়, ন’ ফ্ৰিল একাউণ্টৰ ওপৰত 11নভেম্বৰ 2005 চনৰ চাৰ্কুলাৰ ডিবিওডি নং এলইজি. বিচি.44/09.07.005/2005-06 ত থকা নিৰ্দেশমৰ্মে বেংকক সিঁহতৰ সকলো গ্ৰাহকক প্ৰাথমিক সঞ্চয় জমা একাউণ্ট প্ৰদান কৰিবলৈ 10আগস্ট 2012 চনৰ ডিবিওডি. নং. এলইজি. বিচি.35/09.07.005/20012-13 দ্বাৰা নিৰ্দেশ দিয়া হৈছে, যি সৰ্বনিম্ন সাদাৰণ সুবিধাসমূহ পূৰ্বত কোৱাৰ দৰে প্ৰদান কৰিব। বেংকে বৰ্তমানৰ ন’ ফ্ৰিল একাউণ্টসমূহ প্ৰাথমিক সঞ্চয় জমা একাউণ্টত পৰিৱৰ্তিত কৰিব লাগিব।
‘প্ৰাথমিক সঞ্চয় বেংক জমা একাউণ্ট’ খোলাৰ উদ্দেশ্য, আৰবিআই-ৰ আৰ্থিক অন্তৰ্ভুক্তিৰ লক্ষ্যৰ প্ৰতি লোৱা পদক্ষেপসমূহৰ এটা অংশ। আগতে সকলো একাউণ্ট সমূহ ন ফ্ৰিল একাউণ্ট হিচাপে খোলা সকলো একাউণ্ট, 11 নভেম্বৰ 2005 চনৰ ডিবিওডি নং.এলইজি.বিচি.44/09.07.005/2005-06 ডিবিওডি চাৰ্কুলাৰ অনুসৰি বিএচবিডিএ হিচাপে পুনৰ নামকৰণ কৰিব লাগিব, 10 আগষ্ট 2012 চাৰ্কুলাৰ ডিবিওডি নং.এলইজি.বিচি.35/09.07.005/2012-13 ৰ পেৰাগ্ৰাফ 2 ত থকা নিৰ্দেশ অনুসৰি আৰু আমাৰ চাৰ্কুলাৰ ডিবিওডি.নং.এলইজি.বিচি.35 10 আগষ্ট 2012ৰ ইচু হোৱাৰ পিছত খোলা সকলো নতুন একাউণ্টৰ তথ্য বেংকক আৰপিচিডি, চিও-ক মাহেকিয়া ভাবে জমা দিবলগীয়া আৰ্থিক অন্তৰ্ভুক্তিৰ পৰিকল্পনাকৰ অগ্ৰগতিৰ খতিয়ানত ৰিপোৰ্ট কৰিব লাগিব।
‘প্ৰাথমিক সঞ্চয় বেংক জমা একাউণ্ট’ সমূহ পিএমএল আইন আৰু নিয়ম ব্যৱস্থাৰ অধীনত হব আৰু একাউণ্ট খোলাৰ বাবে আপোনাৰ গ্ৰাহকক জানক(কেৱাইচি)/এণ্টি মানি লন্ডাৰিং(এএমএল)বিষয়সমূহ সময়ে সময়ে আৰিআই-ৰ দ্বাৰা নিৰ্ধাৰিত হোৱা নিয়মৰ অধীনত থাকিব।বিএচবিডিএ সহজ কেৱাই আৰ্হিৰ সৈতে খোলিব পাৰি। যদিও, যদি বিএচবিডি সহজ কেৱাইচি আৰ্হিৰ মাধ্যমে খোলা হয় তেন্তে একাউণ্টক বিএচবিডিএ-স্ম’ল একাউণ্ট হিচাপে ধৰা হব আৰু এনে একাউণ্টৰ বাবে থকা নিৰ্দেশনাসমূহৰ অধীনত থাকিব যি 2 জুলাই 2012 চনৰ মাস্টাৰ চাৰ্কুলাৰৰ ডিবিওডি.এএমএল.বিচি.নং 11/14.01.001/2012-13 2.7 পেৰাত দিয়া আছে।
নাই, এজন বিএচবিডি গ্ৰাহকে একেটা বেংকত আন জমা একাউণ্ট ৰাখিব নোৱাৰে। যদি’প্ৰাথমিক সঞ্চয় জমা একাউণ্ট’ সহজ কেৱাইচিৰ ওপৰত ভিত্তি কৰি খোলা হৈছে তেন্তে, একাউণ্টটোক অতিৰিক্ত ভাবে ‘সৰু একাউণ্ট’ হিচাপে গণ্য কৰা হব আৰু একাউণ্টৰ বাবে থকা নিৰ্দেশনাসমূহৰ অধীনত থাকিব যি 2 জুলাই 2012 চনৰ মাস্টাৰ চাৰ্কুলাৰৰ ডিবিওডি.এএমএল.বিচি.নং 11/14.01.001/2012-13 2.7 পেৰাত দিয়া আছে, ‘কেৱাইচি আৰ্হি এএমএল মান কমবেটিং অফ ফাইনেনচিং অফ টেৰোৰিজাম(চিএফটি) পিএমএলএ ৰ অধীনত বেংকৰ বাধ্যতা, 2002, বিষয়ে’।
ভাৰত চৰকাৰৰ16 ডিচেম্বৰ 2010 চনৰ নিৰ্দেশ অনুসৰি ‘বিএচবিডি সৰু একাউণ্ট’ নিম্নলিখিত চৰ্তৰ অধীনত থাকিব:
- এনে একাউণ্টত এবছৰত এক লাখত কৈ বেছি টকা সোমাব নালাগে
- এনে একাউণ্টৰ সৰ্বোচ্চ জমা কেতিয়াও পঞ্চাস হাজাৰতকৈ বেছি হব নালাগে।
- টকা উঠোৱা নাইবা স্থানান্তৰ কৰাৰ ক্ষেত্ৰত মুঠ ধন কৰ্তন এমাহত দশ হাজাৰৰ বেছি হব নালাগে।
- সাধাৰণ কেৱাইচি চৰ্ত পূৰণ নকৰাকৈ বিদেশ প্ৰেৰিতসমূহ সৰু একাউণ্টত ভৰাব নোৱাৰি।
- সৰু একাউণ্টসমূহ 12 মাহৰ এটা সময়কালৰ বাবে বৈধ যি পৰৱৰ্তী 12 মাহলৈ বঢ়াব পাৰি যদি একাউণ্টৰ ধাৰকজনে চৰকাৰিভাবে বৈধ তথ্যৰ বাবে আবেদন কৰাৰ প্ৰমান প্ৰদান কৰিব পাৰে।
- সৰু একাউণ্টসমূহ কেৱল চিবিএচ লিঙ্ক কৰা শাকা সমূহত খোলিব পাৰি নাইবা এনে শাখা যত চৰ্তসমূহৰ পূৰ্ণতা হাতেকামে নিৰীক্ষণ কৰিব পাৰি
হয় অনুগ্ৰহ কৰি উপৰত দিয়া উত্তৰটো চাব( প্ৰশ্ন নং 13) ।
তথাপি যদি বেংকে কোনো অতিৰিক্ত চাৰ্জ নিবিচাৰে আৰু অধিক বিনামূলীয়া সুবিধা আগ বঢ়ায় তেন্তে যিসকল নুন্যতম বেলেঞ্চ নথকা একাউণ্টক বিএচবিডি হিচাপে গণ্য কৰা হয়, সেইসকলক বিএচবিডি বুলিয়ে আখ্যা দিয়া হব।