চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-১ : জাৰি মূল্য
১৫ জুলাই, ২০১৬ চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-১ : জাৰি মূল্য GoI notification F.No.4(7)-W&M/2016 আৰু RBI circular IDMD.CDD.No.2020/14.04.050/2016-17 dated July 14, 2016 অনুযায়ী, ১৮ জুলাইৰ পৰা ২২ জুলাই, ২০১৬লৈ চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ৰ শৃংখলা-১, ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হ’ব। চভাৰেইন গল্ড বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ৩১১৯ টকাত (তিনি হাজাৰ এশ উনৈশ টকাত) স্থিৰ কৰা হৈছে। ১১ জুলাইৰ পৰা ১৫ জুলাই, ২০১৬ৰ সপ্তাহটোৰ বাবে, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ) প্ৰকাশ কৰা মতে ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত এই হাৰ নিৰ্ধাৰণ কৰা হৈছে। অনিৰুদ্ধ ডি. যাধৱ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৪৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: