New FAQ Page 2 - আৰবিআই - Reserve Bank of India
প্ৰাথমিক চেভিং বেংক ডিপ'জিট একাউণ্ট (বিএচবিডিএ)
হয়, বিএচবিডিএ গ্ৰাহক সকলক আমাৰ চাৰ্কুলাৰ ডিবিওডি. নং. এলইজি.বিচি.32 /09.07.005 /2006-07 তাৰিখ 4 অক্টৱৰ, 2006 চনৰ নিৰ্দেশমৰ্মে পাছবুক বিনামূলীয়াকৈ প্ৰদান কৰা হব
এটা বিএচবিডিএ একাউণ্ট খোলাৰ সময়ত গ্ৰাহকজনৰ পৰা লিখিত অনুমতি এখন লব লাগিব যে তেঁওৰ অ-বিএচবিডিএ একাউণ্টখন, বিএচবিডিএ একাউণ্ট খোলাৰ 30 দিনৰ পিছত বন্ধ হব আৰু এনে একাউণ্টসমূহ বন্ধ কৰিবলৈ বেংকক অধিকাৰ দিয়া হৈছে।
বিএচবিডিএ একাউণ্টৰ ক্ষেত্ৰত বেংকে বিনামূলীয়াকৈ চাৰিবাৰ ধন উঠোৱা কাৰ্যৰ অনুমতি প্ৰদান কৰে, এটিএম আৰু অন্যান্য মাধ্যমৰ জৰিয়তে। এই চাৰিটা ধন উঠোৱা কাৰ্যৰ বাহিৰে, এয়া বেংকৰ ওপৰত নিৰ্ভৰ কৰিব যে বেংকে পিছৰ এনে কাৰ্যৰ বাবে অতিৰিক্ত মাশুল লব নে নাই।যদিও এনে কাৰ্যৰ মাশুল ধাৰ্য কৰাৰ ক্ষেত্ৰত বেংকে উচিত অবৈষম্যমূলক, অনা ব্যক্তিগত আচৰণত মূল্য ধাৰ্য কৰিব লাগিব।
চেভিং বেংক একাউণ্টৰ সুদৰ হাৰৰ ওপৰত থকা আমাৰ চাৰ্কুলাৰ ডিবিওডি.ডিআইআৰ.বিডি. 75/13.03.00/2011-12, 25 জানুৱাৰী 2012 চন, ‘প্ৰাথমিক সঞ্চয় বেংক জমা একাউণ্টৰ ক্ষেত্ৰতও প্ৰযোজ্য’
ডিপিএচএচ. চিও.ছিএইছডি.নং.274/03.01.02/2012-13 10আগষ্ট 2012 চনৰ চাৰ্কুলাৰ অনুসৰি, বিএচবিডিএ গ্ৰাহকৰ বাবে থকা নুন্যতম সুবিধাসমূহৰ ভিতৰত চেক বুক সুবিধাটো অন্তৰ্ভুক্ত কৰা হোৱা নাই। সিঁহতে যি কোনো অতিৰিক্ত সুবিধা, চেক বুক আদি বিনামূলীয়াকৈ আগবঢ়াবলৈ স্বতন্ত্ৰ (যি ক্ষেত্ৰত একাউণ্টটো বিএচবিডিএ হৈ থাকে)নাইবা অতিৰিক্ত সুবিধাৰ বাবে শুল্ক লব পাৰে(যি ক্ষেত্ৰত একাউণ্টটো বিএচবিডিএ হৈ নাথাকে)।
সকলো বৰ্তমান “ন’ ফ্ৰিল” একাউণ্ট 10 আগষ্ট 2012 চনৰ চাৰ্কুলাৰ অনুসৰি বিএচবিডিএ একাউণ্ট হিচাপে গণ্য কৰা হব পাৰে আৰু বেকে সেই চাৰ্কুলাৰ অনুসৰি তাত লিখিত সুবিধাসমূহ যেনে এটিএম কাৰ্ড ইচু হোৱা, আদি বৰ্তমানৰ “ন’ ফ্ৰিল” একাউণ্ট প্ৰদান কৰিব পাৰে, যেতিয়া গ্ৰাহকে বিচাৰে।আমাৰ চাৰ্কুলাৰটো ইছু হোৱাৰ পিছত একাউণ্ট খোলা মানুহবোৰে তাত লিখিত সুবিধা সমূহ একাউণ্ট খোলাৰ পিছত তৎক্ষণাত লাভ কৰিব লাগিব।
এনে গ্ৰাহকে তেঁওলোকৰ অনুমতি লিখিতভাবে দিব লাগিব আৰু সিঁহতক বিএচবিডিএ-ত থকা বৈশিষ্ট্যসমূহ আৰু বিস্তৃত সেৱাসমূহৰ বিষয়ে অৱগত কৰা লাগিব