RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78702067

2000 মূল্যৰ বেংকনোট – প্ৰচলনৰ পৰা প্ৰত্যাহাৰ; বৈধ বেংকনোট হিচাপে চলি থাকিব

19 মে, 2023

2000 মূল্যৰ বেংকনোট – প্ৰচলনৰ পৰা প্ৰত্যাহাৰ; বৈধ বেংকনোট হিচাপে চলি থাকিব

2016 চনৰ নৱেম্বৰ মাহত আৰ বি আই অধিনিয়ম, 1934 ধাৰা 24(1)ৰ অধীনত মূলতঃ সকলো 500 আৰু 1000 টকা নোটৰ বৈধ বেংকনোটৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত, অৰ্থনীতিত মুদ্ৰাৰ প্ৰয়োজনীয়তা ক্ষিপ্ৰতাৰে পূৰণ কৰাৰ উদ্দেশ্যেৰে, 2000 মূল্যৰ নোট প্ৰৱৰ্তন কৰা হৈছিলI অন্য মূল্যৰ নোট পৰ্যাপ্ত পৰিমাণত উপলব্ধ হোৱাৰ ফলস্বৰূপে, 2000 টকাৰ নোট প্ৰৱৰ্তনৰ উদ্দেশ্য পূৰণ হয়। সেয়েহে 2018-19 চনৰ পৰা 2000 টকাৰ নোটৰ ছপা বন্ধ কৰা হয়।

2. 2000 মূল্যৰ প্ৰায় 89% বেংকনোট 2017 চনৰ মাৰ্চ মাহৰ আগতে প্ৰচলন কৰা হৈছিল আৰু ইয়াৰ আনুমানিক আয়ুস 4-5 বছৰৰ অন্তিম পৰ্যায়ত আছে। প্ৰচলিত এই বেংকনোটসমূহৰ মুঠ মূল্য 2018 চনৰ 31 মাৰ্চলৈকে শীৰ্ষত 6.73 লাখ কোটি টকাৰ পৰা (প্ৰচলিত নোটৰ 37.3%) 31 মাৰ্চ, 2023 চনত 3.62 লাখ কোটিলৈ হ্ৰাস পাইছে, যিটো সৰ্বমুঠ প্ৰচলিত নোটৰ মাত্ৰ 10.8% হে গঠন কৰিছেI ইয়াৰ উপৰিও দেখা গৈছে যে, এই মূল্যৰ নোট সাধাৰণতে লেনদেনৰ বাবে ব্যৱহাৰ কৰা নহয়। তদুপৰি, অন্যান্য মূল্যৰ বেংকনোটৰ উপলব্ধতা জনসাধাৰণৰ নোটৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমানত আছে।

3. ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ “নিকা মুদ্ৰা নীতি” মানি চলি, 2000 মূল্যৰ বেংকনোটসমূহ প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

4. 2000 মূল্যৰ বেংকনোটসমূহ বৈধ মুদ্ৰা হিচাপে চলি থাকিবI

5. মন কৰিবলগীয়া যে 2013-2014 চনতো আৰ বি আইয়ে একেধৰণেৰে বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰিছিল।

6. সেই অনুসৰি, জনসাধাৰণে তেওঁলোকৰ বেংক একাউণ্টত 2000 টকাৰ নোট জমা কৰিব পাৰিব আৰু/অথবা যিকোনো বেংক শাখাত অন্য মূল্যৰ বেংকনোটেৰে বিনিময় কৰিব পাৰিব। বেংক একাউণ্টত জমা ধন সাধাৰণ পদ্ধতিৰে, অৰ্থাৎ নিষেধাজ্ঞা অবিহনে আৰু প্ৰচলিত নিৰ্দেশনা আৰু অন্যান্য প্ৰযোজ্য বিধিগত বিধানৰ অধীনত কৰিব পাৰিব।

7. কাৰ্য্যকৰী সুবিধা নিশ্চিত কৰিবলৈ আৰু বেংক শাখাসমূহৰ নিয়মীয়া কাৰ্য্যকলাপত ব্যাঘাত নোহোৱাকৈ, 23 মে 2023 চনৰ পৰা যিকোনো বেংকত, এটা সময়ত 20,000/- টকাৰ সীমালৈকে 2000 নোটৰ বিনিময় অন্য মূল্যৰ বেংকনোটলৈ কৰিব পাৰিবI

8. এই কাৰ্য সময়সীমাবদ্ধভাৱে সম্পূৰ্ণ কৰিবলৈ আৰু জনসাধাৰণক পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ সকলো বেংকে 30 ছেপ্টেম্বৰ, 2023 চনলৈকে 2000 টকাৰ নোটৰ জমা আৰু/ অথবা বিনিময়ৰ সুবিধা প্ৰদান কৰিব। এই সন্দৰ্ভত বেংকসমূহক পৃথক নিৰ্দেশনা জাৰি কৰা হৈছে।

9. 2000 মূল্যৰ বেংকনোট 20,000/- টকাৰ সীমালৈকে 23 মে, 2023 চনৰ পৰা নিৰ্গম বিভাগ1 থকা আৰ বি আইৰ 19 টা আঞ্চলিক কাৰ্যালয় (আৰ অ’) তো বিনিময়ৰ সুবিধা প্ৰদান কৰা হ’বI

10. ভাৰতীয় ৰিজাৰ্ভ বেংকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বেংকসমূহক 2000 মূল্যৰ বেংকনোট প্ৰদান বন্ধ কৰিবলৈ পৰামৰ্শ দিছে।

11. জনসাধাৰণক উৎসাহিত কৰা হৈছে যাতে তেওঁলোকে 2000 টকাৰ বেংকনোট জমা আৰু/অথবা বিনিময় কৰিবলৈ 30 ছেপ্টেম্বৰ, 2023 চনলৈকে উপলব্ধ সময়খিনি ব্যৱহাৰ কৰে যেন। জনসাধাৰণৰ জ্ঞাতাৰ্থে আৰু সুবিধাৰ বাবে এই বিষয়ত সঘনাই সোধা প্ৰশ্ন (এফ এ কিউ) ৰ এখন নথি আৰ বি আইৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে।

(যোগেশ দয়াল)
মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি: 2023-2024/257


1 আহমেদাবাদ, বাংগালুৰ, বেলাপুৰ, ভোপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা আৰু তিৰুৱনন্তপুৰম

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?