RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499838

পি এম জে ডি ৱাই অধীনৰ একাউণ্ট – সতৰ্কতা

আৰ বি আই/২০১৬-১৭/১৬৫
ডি চি এম (পি এল জি) নং ১৪৫০/১০.২৭.০০/২০১৬-১৭

২৯ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংকসমূহ

মহাশয়/মহাশয়া,

পি এম জে ডি ৱাই অধীনৰ একাউণ্ট – সতৰ্কতা

নগদ উঠোৱা – সাপ্তাহিক সীমা বিষয়ক আমাৰ circular DCM (Plg) No.1424/10.27.00/2016-17 dated November 25, 2016 ৰ সন্দৰ্ভ লয় যেন। নিৰীহ কৃষক আৰু পি এম জে ডি ৱাই গ্ৰামীণ একাউণ্ট ধাৰকসকলক মাণি লণ্ডাৰ অৰ্থাত্ কলা টকা কলংকমুক্ত কৰোতাসকলৰ কাৰ্যকলাপৰ পৰা আৰু বেনামী সম্পত্তি লেনদেন আৰু মাণি লণ্ডাৰিং আইনৰ বিধিগত পৰিণামৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে সতৰ্কতামূলক পদক্ষেপ হিচাপে, ৯ নৱেম্বৰ,২০১৬ৰ পাছত নিৰ্দিষ্ট বেংকনোট (এছবিএন) জমাৰে পুষ্ট পি এম জে ডি ৱাই একাউণ্ট পৰিচালনাৰ ক্ষেত্ৰত কেতবোৰ সীমা আৰোপ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সাময়িক পদক্ষেপ হিচাপে, পি এম জে ডি ৱাই একাউণ্টৰ ক্ষেত্ৰত বেংকসমূহক নিম্নোক্তখিনি পালন কৰিবলৈ দিহা দিয়া হল-

১. সম্পূৰ্ণ কে ৱাই চি সন্মত একাউণ্ট ধাৰকসকলক তেওঁলোকৰ একাউণ্টৰ পৰা এমাহত ১০,০০০ টকা উঠাবলৈ দিব। শাখা পৰিচালকসকলে এনে প্ৰত্যাহাৰৰ যথাৰ্থতা নিশ্চিত কৰি আৰু বেংকৰ নথিত সেইখিনি নথিভুক্ত কৰিহে চলিত প্ৰযোজ্য সীমাৰ ভিতৰত ১০,০০০ টকাতকৈ অধিক ৰাশি উলিয়াব দিব পাৰে।

২. সীমিত বা কে ৱাই চি অসন্মত একাউণ্ট ধাৰকসকলক ১০,০০০ টকা সামগ্ৰিক সীমাৰ ভিতৰত ৯ নৱেম্বৰ,২০১৬ৰ পাছত এছবিএনৰ জৰিয়তে জমাৰাশিৰ পৰা প্ৰতি মাহত ৫০০০ টকা উঠাবলৈ দিব।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?