৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা প্ৰত্যাহাৰঃ ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ, ২০১৬ৰ সময়ছোৱাত বেংকসমূহত কাম-কাজ
২১ নৱেম্বৰ, ২০১৬ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা প্ৰত্যাহাৰঃ ৮ নৱেম্বৰ, ২০১৬ৰ মাজনিশাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া বেংক নোটৰবোৰৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰিজাৰ্ভ বেংক আৰু বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু চহৰীয়া সমবায় বেংকবোৰৰ কাউণ্টাৰত এনেবোৰ নোটৰ বিনিময় আৰু/অথবা জমা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। বেংকসমূহে ইতিমধ্যে প্ৰতিবেদিত কৰিছে যে ১০ নৱেম্ব, ২০১৬ৰ পৰা ১৮ নৱেম্বৰ, ২০১৬ৰ ভিতৰত ৫,৪৪,৫৭১ কোটি টকা (৩৩,০০৬ কোটি টকাৰ বিনিময় আৰু ৫,১১,৫৬৫ কোটি টকা জমাভুক্তি) হয়। বেংকসমূহে এইটোও প্ৰতিবেদিত কৰিছে যে উক্ত সময়ছোৱাত জনসাধাৰণে কাউণ্টাৰ অথবা এটিএমযোগে নিজ নিজ একাউণ্টৰ পৰা ১,০৩,৩১৬ কোটি টকা উঠাইছে। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৬৫ |