সকলো এজেন্সি বেংক ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ ৰাইজৰ বাবে খোলা থাকিব
আৰ বি আই/২০১৬-১৭/২৫৬ ২৪ মাৰ্চ, ২০১৭ সকলো এজেন্সি বেংক মহাশয়/মহাশয়া, সকলো এজেন্সি বেংক ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ ৰাইজৰ বাবে খোলা থাকিব ভাৰত চৰকাৰে দিহা দিছে যে চৰকাৰী প্ৰাপ্তি আৰু প্ৰদান কাম-কাজৰ সূচলাৰ্থে সকলো প্ৰদান আৰু একাউণ্টছ কাৰ্যালয় ১ এপ্ৰিল,২০১৭ পৰ্যন্ত সকলো দিনতে খোলা ৰাখিব লাগে। সেইমতে সকলো এজেন্সি বেংকক চৰকাৰী ব্যৱসায় সম্পাদনত জড়িত শাখাসমূহ চলিত বিত্তীয় বৰ্ষৰ সকলো দিনত আৰু ১ এপ্ৰিল,২০১৭ত (শনিবাৰ, ৰবিবাৰ আৰু সকলো বন্ধৰ দিনত) খোলা ৰাখিবলৈ কোৱা হ’ল। এই দিনবিলাকত ওপৰুক্ত সেৱাবোৰ উপলব্ধ থকাৰ বিষয়ে বেংকবিলাকে সমুচিত প্ৰচাৰ কৰিব। আপোনাৰ বিশ্বাসী (ৰাজেন্দ্ৰ কুমাৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: