RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492721

Amended circular on Gold Monetisation Scheme, 2015

আৰ বি আই/২০১৬-১৭/৩০০
ডিবিআৰ.আইবিডি.বিচি.৭৪/২৩.৬৭.০০১/২০১৫-১৬

২১ জানুৱাৰী, ২০১৬

সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে)

মহাশয়/মহাশয়া,

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫-কৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে (স্বৰ্ণ মৌদ্ৰিকৰণ আঁচনি, ২০১৫) Master Direction No.DBR.IBD.No. 45/23.67.003/2015-16 dated October 22, 2015, তলত দিয়া ধৰণে সালসলনি ঘটোৱা হ’লঃ

(ক) বৰ্তমানৰ উপ-দফা ২.১.১ (iii) সংশোধন কৰি তলৰ মতে পঠিত হ’বঃ

মূলধন আৰু এছ টি বি ডিৰ সুদখিনি সোণত মুদ্ৰাংকিত হ’ব। এম এল টি জি ডিৰ ক্ষেত্ৰত মূলধনখিনি সোণত মুদ্ৰাংকিত হ’ব। অৱশ্যে এম এল টি জি ডিৰ সুদখিনি জমাৰ সময়ত সোণৰ মূল্য মতে ভাৰতীয় টকাত গণনা কৰা হ’ব।

(খ) বৰ্তমানৰ উপ-দফা ২.১.১ (iv) সংশোধন কৰি তলৰ মতে পঠিত হ’বঃ

জমা কৰাৰ বাবে যোগ্য ব্যক্তিসকল – ভাৰতত নিবাসী ব্যক্তিসকল (গাইগুটিয়া ব্যক্তি, এইছ ইউ এফ, স্বত্বাধিকাৰী তথা যুটীয়া ব্যৱসায় প্ৰতিষ্ঠান, এছইবিআই (মিউচুৱেল ফাণ্ড) বিনিময়ৰ অধীনত পঞ্জীভুক্ত মিউচুৱেল ফাণ্ড/বিনিময় বাণিজ্য পুঁজিকে ধৰি ন্যাসসমূহ আৰু কোম্পানী)য়ে আঁচনিখনৰ অধীনত জমা কৰিব পাৰিব। দুই বা ততোধিক যোগ্য জমাকাৰীৰ যুটীয়া জমাও আঁচনিখনৰ অধীনত অনুমতি দিয়া হ’ব আৰু এনে ক্ষেত্ৰত জমাখিনি, এনে জমাকাৰীৰ নামত খোলা একাউণ্টত এই জমাৰাশি জমাভুক্ত কৰা হ’ব। বেংক জমা একাউণ্টবোৰৰ যুটীয়া পৰিচালনা আৰু মনোনয়নৰ সন্দৰ্ভত বৰ্তমানে প্ৰযোজ্য নিয়মবোৰ এই স্বৰ্ণ জমাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

(গ) বৰ্তমানৰ উপ-দফা ২.১.১(v)ৰ সংশোধিত হৈ তলৰ মতে পঠিত হ’বঃ

সৰ্ত সংযোজিত হ’ল যে নিজৰ বিচাৰ বুদ্ধিৰে, বেংকবিলাকে মনোনীত শাখাবোৰত সোণৰ জমা গ্ৰহণ কৰিব পাৰে, বিশেষকৈ বৃহত্ জমাকাৰীসকলৰ পৰা।

অধিকতৰ সৰ্তসংযোজিত হ’ল যে বেংকাৰবিলাকে নিজৰ বিচাৰবুদ্ধিৰে, প্ৰকৃত চূড়ান্ত মূল্য নিৰ্ধাৰণ কৰিব পৰাকৈ বিশ্লেষণ সুবিধা থকা আৰু জমাকাৰীক ৯৯৫ সুক্ষ্মতাৰ মানক সোণৰ জমা ৰছিদ দিব পৰা শোধনকাৰীত পোনপটীয়াকৈ জমা দিবলৈ জমাকাৰীক অনুমতি দিব পাৰে।

(ঘ) বৰ্তমানৰ ২.১.১(ix) নামাকৰণৰ উপ-দফাটো সংশোধিত ৰূপত তলৰ মতে পঠিত হবঃ

মনোনীত বেংকবোৰৰ বৰ্ডে আঁচনিখন ৰূপায়ণ কৰিবলৈ সন্মতি দিয়াৰ লগে লগে মনোনীত বেংকবোৰে আঁচনিখনত অংশগ্ৰহণ কৰিবলৈ লোৱা তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে আৰ বি আইক জনাব লাগিব। নিজৰ সকলো শাখাৰদ্বাৰা আঁচনিখনৰ অধীনত সঞ্চালিত সোণখিনিৰ একত্ৰিত ৰূপত মাহিলী ভিত্তিত, সংলগ্ন পত্ৰ-২ত দিয়া ফৰ্মেটত তেওঁলোকে আৰ বি আইক ৰিপৰ্ট কৰিব পাৰিব।

(ঙ) এটা দফা ২.১.১(x) তলৰ মতে অন্তৰ্ভুক্ত হবঃ জিএমএছত সুদৰ প্ৰযুক্ত ফলবোৰ কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে ঘোষণা কৰিব।

(চ) নম্বৰ ২.১.১(xi) নামাংকনৰ এটা দফা তলত দিয়া মতে অন্তৰ্ভুক্ত হ’বঃ

সোণৰ পৰিমাণ, এক গ্ৰামৰ তিনিটা দশমিকলৈকে প্ৰকাশিত হ’ব।

(ছ) বৰ্তমানৰ উপ-দফা ২.২.২(iv) সংশোধিত কৰি তলৰ ধৰণে পঠিত হ’বঃ

১. মধ্যম্যাদী চৰকাৰী জমা (এমটিজিডি) ৫-৭ বছৰৰ বাবে কৰিব পাৰিব আৰু দীৰ্ঘম্যাদী চৰকাৰী জমা (এলটিজিডি) ১২-১৫ বছৰৰ বাবে অথবা কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে স্থিৰ কৰিবলগীয়া অবধিৰ বাবে কৰিব পাৰিব।

২. এনে জমাৰ ওপৰত সুদৰ হাৰ কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰিব আৰু ৰিজাৰ্ভ বেংকে সময়ে সময়ে জনাই থাকিব। কেন্দ্ৰীয় চৰকাৰে জ্ঞাপন কৰা চলিত হাৰ তলত দিয়া ধৰণৰঃ

ক. মধ্যম্যাদী জমাত – ২.২৫ শতাংশ প্ৰতি বৰ্ষত

খ. দীৰ্ঘম্যাদী জমাত – ২.৫০ শতাংশ প্ৰতি বৰ্ষত

৩. মনোনীত বেংকবোৰে তলত দিয়া প্ৰত্যাহাৰ-নিৰুদ্ধ অবধি আৰু দণ্ড সাপেক্ষে, মনোনীত বেংকবোৰে এনে জমাৰ সামগ্ৰিক বা আংশিক প্ৰত্যাহাৰৰ অনুমতি দিব পাৰে-

ক. ন্যূনতম প্ৰত্যাহাৰ-নিৰুদ্ধ অবধি

মধ্যম্যাদী চৰকাৰী জমা (এমটিজিডি)ক তিনি বছৰৰ পাছত আৰু দীৰ্ঘম্যাদী চৰকাৰী জমা (এলটিজিডি)ক পাঁচ বছৰৰ পাছত প্ৰত্যাহাৰৰ অনুমতি আছে।

খ. প্ৰাক্-পৰিপক্ক প্ৰত্যাহাৰত দণ্ড

প্ৰাক্-পৰিপক্ক প্ৰত্যাহাৰত জমাকাৰীক প্ৰদেয় ৰাশিটো, তলত দিয়া ধৰণে (ক) আৰু (খ)ৰ যোগফল গণনা কৰি নিৰ্ণয় কৰা হবঃ

(ক) প্ৰত্যাহাৰৰ দিনা স্বৰ্ণ জমাৰ প্ৰকৃত বজাৰ মূল্য।

(খ) জমাৰ সময়ত সোণখিনিৰ মূল্যত প্ৰদেয় সুদ তলৰ মতে হ’বঃ

জমাৰ প্ৰকাৰ প্ৰত্যাহাৰ-নিৰুদ্ধ অবধি (বছৰত) জমাটো চলি থকা প্ৰকৃত অবধি (বছৰত)
    > ৩ আৰু <৫ > ৫ আৰু <৭
এম টি জি ডি জমাৰ সময়ত এম টি জি ডিৰ বাবে প্ৰযোজ্য হাৰ- ০.৩৭৫ শতাংশ জমাৰ সময়ত এম টি জি ডিৰ বাবে প্ৰযোজ্য হাৰ – ০.২৫ শতাংশ
    > ৫ আৰু <৭ >৭ আৰু <১২ > ১২ আৰু <১৫
এম টি জি ডি জমাৰ সময়ত এম টি জি ডিৰ বাবে প্ৰযোজ্য হাৰ – ০.২৫ শতাংশ জমাৰ সময়ত এল টি জি ডিৰ বাবে প্ৰযোজ্য হাৰ – ০.৩৭৫ শতাংশ জমাৰ সময়ত এল টি জি ডিৰ বাবে প্ৰযোজ্য হাৰ – ০.২৫ শতাংশ

(জ) নম্বৰ ২.২.২(ix) নামাংকনৰ এটা দফা তলত দিয়া ধৰণে অন্তৰ্ভুক্ত কৰা হ’বঃ

কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে আঁচনিখনৰ প্ৰৱৰ্তনৰ তাৰিখ অৰ্থাত্ ৫ নৱেম্বৰ, ২০১৫ৰ পৰা প্ৰাৰম্ভিক এবছৰৰ অবধিৰ বাবে মনোনীত বেংকবোৰক এমএলটিজিডিৰ বাবদ ১.৫% স্থিৰ হাৰত ব্যৱসায়িক লেনদেন মাচুল (সোণৰ বিশুদ্ধতা পৰীক্ষণ, শোধন, পৰিবহন, সংৰক্ষণ আৰু আনুসঙ্গিক খৰচকে ধৰি) দিয়া হ’ব আৰু আঁচনিখনৰ অধীনত সঞ্চালিত সোণৰ সমমূল্যৰ ৰাশিৰ ওপৰত ১% হাৰত কমিছন দিয়া হ’ব।

Explanation : For the purpose of computing the charges and commissions payable to the banks, the rupee equivalent of gold deposited shall be calculated based on the price of gold prevailing at the time of deposit.

(ঝ) বৰ্তমানৰ উপ-দফা ২.৪(i) সংশোধিত কৰি তলৰ ধৰণে পঠিত হ’বঃ

কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ অন্তৰ্গত বিআইএছ প্ৰমাণিত চিপিটিচি/শোধনকাৰীবিলাকক এখন তালিকা অধিসূচিত কৰিব আৰু সেইখন ইণ্ডিয়ান বেংক এছোচিয়েশ্যন (আই বি এ)ৰ জৰিয়তে বেংকবিলাকক জ্ঞাপন কৰা হ’ব।

(ঞ) নম্বৰ ২.৬(iii) নামাংকনেৰে এটা দফা তলত দিয়া ধৰণে অন্তৰ্ভুক্ত কৰা হবঃ

ত্ৰিপাক্ষিক চুক্তিখনত শোধানাগাৰবিলাকত প্ৰত্যক্ষভাৱে সোণ জমাৰ বাবে সামৰ্থ্যসূচক প্ৰাৱধান থাকিব। বিকল্প হিচাপে বেংকবিলাকে ত্ৰিপাক্ষিক চুক্তিখনৰ উপৰিও, ব্যৱস্থাৰ চৰ্তাৱলী উল্লেখ কৰি শোধনকাৰীসকলৰ সৈতে দ্বিপাক্ষিক চুক্তি কৰি ল’ব।

আপোনাৰ বিশ্বাসী,

(ৰাজিন্দৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্নঃ ওপৰৰ মতে


১. সুদ গণনাৰ দৃষ্টান্ত তলত দিয়া হ’লঃ

জমাৰ প্ৰকাৰ প্ৰত্যাহাৰ-নিৰুদ্ধ অবধি (বছৰ) জমাটো চলি থকা প্ৰকৃত অবধি (বছৰ)
    > ৩ আৰু <৫ > ৫ আৰু <৭
এম টি জি ডি অদ্যপৰিমিত স্থিতি ২.২৫০%-০.৩৭৫% = ১.৮৭৫% ২.২৫০%-০.২৫০% = ২.০০%

    > ৫ আৰু <৭ > ৭ আৰু <১২ > ১২ আৰু <১৫
এল টি জি ডি অদ্যপৰিমিত স্থিতি ২.২৫০%-০.২৫০% = ২.০০% ২.৫০০%-০.৩৭৫% = ২.১২৫% ২.৫০০%-০.২৫০% = ২.২৫%

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?