RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477895

পহিলা চেপ্তেম্বৰৰ পৰা মাহৰ দ্বিতীয আৰু চতুৰ্থ শনিবাৰ সমূহৰ বন্ধ ঘোষণা কাৰ্য্যকৰীক শনিবাৰবোৰত বেঙ্ক সমূহলৈ ৰিজাৰ্ভ বেঙ্কৰ সমৰ্থন

২৮ আগষ্ট ২০১৫

পহিলা চেপ্তেম্বৰৰ পৰা মাহৰ দ্বিতীয আৰু চতুৰ্থ শনিবাৰ সমূহৰ বন্ধ ঘোষণা
কাৰ্য্যকৰীক শনিবাৰবোৰত বেঙ্ক সমূহলৈ ৰিজাৰ্ভ বেঙ্কৰ সমৰ্থন

সকলো অনুসূচিভূক্ত আৰু অনা-অনুসূচিভূক্ত ৰাজহুৱা, ব্যক্তিগত, বিদেশী, সমবায়, আঞ্চলিক গ্ৰাম্য আৰু স্থানীয় বেঙ্কসমূহে মাহৰ দ্বিতীয আৰু চতুৰ্থ শনিবাৰবোৰ ২০১৫ চনৰ পহিলা চেপ্তেম্বৰৰ পৰা ৰা জহুৱা বন্ধ দিন হিচাবে পালন কৰিব আৰু অন্য শনিবাৰ সমূহক সম্পূৰ্ণ কাৰ্য্যকৰী ( প্ৰেছবিজ্ঞপ্তিত কাৰ্য্যকৰী শনিবাৰ হিচাপে ঘোষিত ) দিন হিচাবে ঘোষনা কৰিব। । এই পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ২০১৫ চনৰ ১ চেপ্তেম্বৰৰ পৰা নিম্নানুযায়ী কাৰ্য্যবাহ কৰিব ।

১) অৰ্থনৈতিক বজাৰ খণ্ড -

(ক) বৰ্তমান শনিবাৰবোৰত যেনেকৈ অৰ্থনৈতিক বাণিজ্য খণ্ডৰ লেনাদেনা চলি থাকে তেনেকৈ কাৰ্য্যকৰী শনিবাৰবোৰতো চলি থাকিব–অৰ্থাৎ

i) সকলো বজাৰ যেনে কল/নটিচ/টাৰ্ম মানি, ৰেপো বজাৰ, কোলেটাৰাইজড বৰ’ আৰু লেণ্ডিং অবলিগেচন (চি বি এল অ) ইত্যাদি কাৰ্যকৰী শনিবাৰবোৰত অন্যদিনৰ দৰেই চলি থকিব ।

ii) ফৰেক্স মাৰ্কেট, ও.টি.চি.ডিৰাইভেটিভ মাৰ্কেটৰ লগতে গৱৰ্নমেণ্টে চিকিউৰিটি মাৰ্কেট আগৰদৰেই সকলো শনিবাৰে বন্ধ থাকিব ।

(খ) ৰিজাৰ্ভ বেঙ্কে নিৰ্ধাৰিত দৰৰ ৰিভাৰ্চ ৰেপো আৰু মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি (এম.এচ.এফ.) ৰ কামকাজ অন্য দিনৰ দৰেই ৰাতি ৭ .০০ বজাৰ পৰা ৭.৩০ বজালৈ কাৰ্য্যকৰী শনিবাৰ শনিবাৰবোৰতো চলাই থাকিব ।

(গ) ৰিজাৰ্ভ বেংকে সকলো কাৰ্য্যকৰী শনিবাৰবোৰত ৰাতি পূৱা ৯.৩০ পৰা ১০.৩০ বজাৰ ভিতৰত ফিক্সড ৰেট লিকুইডিটি এডজাচমেণ্ট ফেচিলিটিৰ (এল.এ.এফ) সুবিধা প্ৰদান কৰিব।কাৰ্য্যতঃ কাৰ্য্যকাৰী শনিবাৰবোৰৰ এল.এ.এফ ৰেপ উইণ্ড শুক্ৰবাৰৰ এল.এ.এফ উইণ্ড’ৰ সম্প্ৰসাৰিত কাৰ্য্য হব । অৰ্থাৎ বেংক সমূহে শুক্ৰবাৰে নিৰ্ধাৰিত পৰিমাণৰ ধাৰ লব পাৰিব আৰু অব্যৱ্হৃত ৰাশি কাৰ্য্যকৰী শনিবাৰবোৰত দুদিনৰ বাবে ব্যৱহাৰ কৰিব ।

২) ভূক্তান পদ্ধতি

ক) মাহৰ দ্বিতীয আৰু চতুৰ্থ শনিবাৰবোৰত ভূক্তান সম্পন্ন নহব কিন্তু কাৰ্য্যকৰী শনিবাৰে এইকাৰ্য্য সম্পূৰ্ণ দিন চলিব । এই পদ্ধতিৰ অন্তৰ্ভূক্ত সেৱাসমূহ হ’ল ৰিয়েল গ্ৰচ চেটেলমেন্ট (আৰ্.টি.জি. এচ), নেচনেল ইলেক্ট্ৰনিক ফাণ্ড টেন্সফাৰ (এন্.ই.এফ্.টি.) বিভিন্ন বেংকে পৰিচালনা কৰা চেক্‌ ট্ৰেনজেকচন পদ্ধতি (চি.টি.এচ্.), ইলেক্ট্ৰনিক ক্লিয়াৰিং চাৰ্ভিচ (ই.টি.এচ্.), ৰিজিয়নেল ইলেক্ট্ৰনিক ক্লিয়াৰিং চাৰ্ভিচ (আৰ.ই.চি.এচ) আৰু নেচনেল ইলেক্ট্ৰনিক ক্লিয়াৰিং চাৰ্ভিচ (এন্.ই.চি.এচ্.) ।

খ) ভৱিষ্যতৰ মূল্যসংযোজিত মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লেনদেনবোৰ আৰ্.টি.জি.এচ. আৰু ই.টি.এচ ৰ দ্বাৰা সম্পন্ন নহ’ব ।

৩) বেঙ্কিং বিভাগ

ৰিজাৰ্ভ বেঙ্কৰ আঞ্চলিক কাৰ্য্যালয়ৰ বেঙ্কিং বিভাগসমূহ কাৰ্য্যকৰী শনিবাৰবোৰত ফাইনেন্সিয়েল মাৰ্কেট আৰু পেমেণ্ট চিষ্টেম চলাই নিবলৈ সম্পূৰ্নদিন খোলা থাকিব । লগতে এজেন্সী বেঙ্কবোৰত চৰকাৰী লেনাদেনা সেইদিনবোৰত চলিব । জ্ঞাত থাকে যে ২০১৫ চনৰ আগষ্টৰ ভাৰত চৰকাৰৰ জাননী মৰ্মে (গেজেট অৱ ইণ্ডিয়া, একষ্ট্ৰা অৰ্ডিনেৰি, পাৰ্ট ২২, চেক্সন ৩, চাব চেক্সন) ১৮৮১ চনৰ নিগচিয়েবল ইন্ষ্ত্ৰুমেন্ট এক্টৰ ২৫ ধাৰামতে প্ৰত্যেক মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ সমূহ ৰাজহুৱা বন্ধ হিচাবে ধাৰ্য্য হব । তদনুসাৰে, ১৯৩৪ চনৰ ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়া এক্টৰ মতে দ্বিতীয় অনুসূচী অন্তৰ্ভূক্ত নোহোৱা বেঙ্কসমূহে ২০১৫ চনৰ ১ চেপ্তেম্বৰৰ পৰা কাৰ্য্যলয় বন্ধ ৰাখিব । ৰিজাৰ্ভ বেঙ্কে বেঙ্কসমূহৰ পৰিচালনা, ফাইনেন্সিয়েল মাৰ্কেট, পেমেণ্ট আৰু চেটেলমেণ্ট চিষ্টেম চলোৱাৰ বাবে কিছু খণ্ডৰ কাৰ্য্যাৰ্ৱলীৰ সালসলনি ঘটাব।

ওপৰোক্ত ব্যৱস্থাবোৰ ছ্মাহৰ পিচত পুনৰীক্ষণ কৰা হব ।

আল্পনা কিল্লাৱালা
প্ৰধান মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি : ২০১৫-২০১৬ / ৫২৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?