RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496916

বেংকবিলাকে প্ৰাক-২০০৫ বেংকনোট জমাত গ্ৰহণ কৰিব লাগিব – আৰ বি আইয়ে স্পষ্ট কৰি দিছে

১৯ ডিচেম্বৰ, ২০১৬

বেংকবিলাকে প্ৰাক-২০০৫ বেংকনোট জমাত গ্ৰহণ কৰিব লাগিব – আৰ বি আইয়ে স্পষ্ট কৰি
দিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে বেংকবিলাকে ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ প্ৰাক-২০০৫ বেংকনোটবোৰ জমাত গ্ৰহণ কৰিব যদিও সেইবোৰ পুনৰ জাৰি নকৰিব। এই নোটবোৰ কেৱল ৰিজাৰ্ভ বেংক কাৰ্যালয়তহে বিনিময় কৰিব পাৰিব।

ভাৰত চৰকাৰে জাৰি কৰা Gazatte Notification No.2652 dated 08 November, 2016 অনুযায়ী ৰিজাৰ্ভ বেংকে জাৰি কৰা বৰ্তমান শৃংখলাসমূহৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটবোৰ (নিৰ্দিষ্ট বেংক নোট) ৯ নৱেম্বৰ, ২০১৬ত কাৰ্যকৰী হোৱাকৈ বৈধ মুদ্ৰা হৈ থকা নাই, অধিসূচনাখনত নিৰ্দিষ্ট কৰা পৰ্যন্ত। এছ বি এনসমূহে সেয়ে ৫০০ আৰু ১০০০ মুদ্ৰাবৰ্গৰ প্ৰাক-২০০৫ বেংকনোটবোৰো সামৰিছে।

বাণিজ্যিক বেংকবোৰে প্ৰাক-২০০৫ বেংক নোটবোৰ গ্ৰহণ কৰা নাই বুলি দেশৰ বিভিন্ন অংশৰ জনসাধাৰণৰ পৰা প্ৰশ্ন/অভিযোগ অহা হেতুকে ৰিজাৰ্ভ বেংকে এই স্পষ্টীকৰণ জাৰি কৰে।

ৰিজাৰ্ভ বেংকে অধিকন্তু স্পষ্ট কৰে যে ৩০ জুন,২০১৬ত জাৰি কৰা ইয়াৰ অনুজ্ঞা অনুযায়ী প্ৰাক-২০০৫ বেংকনোট Exchange কৰিবলৈ ৰাইজক দিয়া সুবিধা ১ জুলাই, ২০১৬ৰ পৰা কেৱল ৰিজাৰ্ভ বেংকৰ নিম্নোক্ত কাৰ্যালয়বোৰত উপলব্ধ আছিল। ইয়াৰ দ্বাৰা এইটো সূচোৱা নাই যে বেংকে প্ৰাক-২০০৫ বেংকনোটবোৰ গ্ৰাহকৰ একাউণ্টত জমাভূক্তিৰ বাবে গ্ৰহণ কৰিব নোৱাৰে। এই বিনিময় সুবিধা থকা ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়বোৰ হল – আহমেদাবাদ, বাংগালুৰু, বেলাপুৰ, ভূপাল, ভূৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্নৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, তিৰুৱনন্থপুৰম আৰু কোচি।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৬৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?