RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78480751

ভাৰত বিল প্ৰদান প্ৰণালী (বি বি পি এছ) – সময়সীমাৰ সম্প্ৰসাৰণ

৯ মে’,২০১৭

ভাৰত বিল প্ৰদান প্ৰণালী (বি বি পি এছ) – সময়সীমাৰ সম্প্ৰসাৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে বি বি পি এছৰ চলিত কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত বিলিং (সাধন) ব্যৱসায় চলাই থকা সত্ত্বাসমূহৰ বাবে, কৰ্তৃত্বপ্ৰাপ্ত বি বি পি অ’ ইউৰ এজেণ্ট হ’বলৈ অথবা সাধন প্ৰদান ব্যৱসায়টো ত্যাগ কৰিবৰ কাৰণে বান্ধি দিয়া অন্তিম তাৰিখটো ৩১ মে’,২০১৭ৰ পৰা ৩১ ডিচেম্বৰ,২০১৭লৈকে বঢ়াই দিছে। এই সময়-সীমা এই সত্ত্বাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব-

১। যিনেকি একোটা বি বি পি অ’ ইউ হিচাপে আজ্ঞাৰ বাবে আবেদন কৰা নাছিল, অথবা

২। বি বি পি অ’ ইউৰ বাবে যাৰ আবেদনপত্ৰ ৰিজাৰ্ভ বেংকে ঘূৰাই পঠিয়াইছে, বা

৩। যাক আৰ বি আয়ে সময় বঢ়াই দিছিল কিন্তু আৱশ্যকীয় শুদ্ধ মূল্য ৩১ ডিচেম্বৰ,২০১৬ৰ ভিতৰত আহৰণ আৰু জ্ঞাপন কৰিব পৰা নাই।

২. সময়সীমা ৰক্ষা কৰাত আহুকাল পোৱা বুলি বিভিন্ন সত্ত্বাই জনোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্প্ৰসাৰণ ঘটোৱা হৈছে।

৩. বি বি পি অ’ এছৰ বৈঠকত বিকাশ, বৃদ্ধি আৰু সম্প্ৰসাৰণৰ ওপৰত নিৰ্ভৰ কৰি, ৰিজাৰ্ভ বেংকে ভৱিষ্যতৰ এটা তাৰিখত নতুন আবেদন আহ্বান কৰি, বি বি পি অ’ ইউ হিচাপে কাৰ্যপৰিচালনাৰ বাবে মঞ্জুৰী/আজ্ঞা প্ৰদান প্ৰক্ৰিয়া পুনৰ মুকলি কৰাটো বিবেচনা কৰিব পাৰে।

পৃষ্ঠভূমি

স্মৰণযোগ্য যে Guidelines for implementation of BBPS dated November 28, 2014 অনুযায়ী, বি বি পি এছৰ চলিত পৰিসৰৰ অধীনত সামৰি লোৱা বিল প্ৰদান কাম-কাজত বৰ্তমানে জড়িত বেংক আৰু অনা-বেংক সত্ত্বাসমূহে ভাৰত বিল প্ৰদান সঞ্চালনকাৰী গোট (বি বি পি অ’ ইউ) হিচাপে অথবা আজ্ঞাপ্ৰাপ্ত বি বি পি অ’ৰ এজেণ্ট হিচাপে বি বি পি এছত অংশগ্ৰহণ কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩০৩১

সমন্বিত চাৰ্কুলাৰ, এফ এ কিউ আৰু প্ৰেছ বিজ্ঞপ্তিবোৰ
৩০ আগষ্ট, ২০১৬ Authorization to operate as a Bharat Bill Payment Operating Unit (BBPOU)
১৩ মে’, ২০১৬ Applications for authorizing BBPOU : Status
২৪ নৱেম্বৰ, ২০১৫ RBI grants ‘in-principle’ approval to NPCI to function as the central unit for Bharat Bill Payment System (BBPS)
১৩ নৱেম্বৰ, ২০১৫ RBI extends last date for receipt of applications for authorizing Bharat Bill Payment Operating Units (BBPOU)
১৩ নৱেম্বৰ, ২০১৫ FAQs - Bharat Bill Payment System (BBPS)
২০ অক্টোবৰ, ২০১৫ RBI invites applications for authorizing Bharat Bill Payment Operating Units (BBPOU)
২৮ নৱেম্বৰ, ২০১৫ Implementation of Bharat Bill Payment System (BBPS)

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?