RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78486791

ভাৰতীয় মহিলা বেংক লিমিটেডৰ শাখাসমূহে ১ এপ্ৰিল, ২০১৭ৰ পৰা এছ বি আইৰ
শাখা হিচাপে সঞ্চলন কৰিব

২২ মাৰ্চ, ২০১৭

ভাৰতীয় মহিলা বেংক লিমিটেডৰ শাখাসমূহে ১ এপ্ৰিল, ২০১৭ৰ পৰা এছ বি আইৰ
শাখা হিচাপে সঞ্চলন কৰিব

ভাৰতীয় মহিলা বেংক লিমিটেডৰ সকলো শাখাই ১ এপ্ৰিল, ২০১৭ৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ শাখা হিচাপে কাৰ্যপৰিচালনা কৰিব। ভাৰতীয় মহিলা বেংক লিমিটেডৰ জমাকাৰীকে ধৰি গ্ৰাহকসকলক ১ এপ্ৰিল, ২০১৭ৰ পৰা বলবত্ হোৱাকৈ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক হিচাপে গণ্য কৰা হ’ব।

ভাৰত চৰকাৰে ভাৰতীয় মহিলা বেংক লিমিটেডক অভিগ্ৰহণ আদেশ ২০১৭ জাৰি কৰিছিল। ভাৰত চৰকাৰে, ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫ (১৯৫৫ৰ ২৩)ৰ ধাৰা ৩৫ৰ উপধাৰা (২)ৰ চৰ্তাৱলী অনুসাৰে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা ভাৰতীয় মহিলা বেংক অভিগ্ৰহণৰ মঞ্জুৰী দি জাৰি কৰা দিনাংক ২০ মাৰ্চ, ২০১৭ আদেশটো ভাৰতৰ ৰাজপত্ৰৰ অসাধাৰণ অংশ-II ধাৰা ৩- উপধাৰা(i)ত প্ৰকাশিত হৈছিল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫৩৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?