RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491112

এছ বি বি জে, এছ বি এইছ, এছ বি এম, এছ বি পি আৰু এছ বি টিৰ শাখাসমূহে ১ এপ্ৰিল,২০১৭ৰ
পৰা এছ বি আইৰ শাখা হিচাপে সঞ্চলন কৰিব

২০ মাৰ্চ, ২০১৭

এছ বি বি জে, এছ বি এইছ, এছ বি এম, এছ বি পি আৰু এছ বি টিৰ শাখাসমূহে ১ এপ্ৰিল,২০১৭ৰ
পৰা এছ বি আইৰ শাখা হিচাপে সঞ্চলন কৰিব

ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ (এছ বি বি জে), ষ্টেট বেংক অব হায়দৰাবাদ (এছ বি এইছ), ষ্টেট বেংক অব মাইসোৰ (এছ বি এম), ষ্টেট বেংক অব পাটিয়ালা (এছ বি পি) আৰু ষ্টেট বেংক অব ট্ৰাভাংকোৰ (এছ বি টি)ৰ সকলো শাখাই ১ এপ্ৰিল, ২০১৭ৰ পৰা ভাৰতীয় ষ্টেট বেংক শাখা হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ, ষ্টেট বেংক অব হায়দৰাবাদ, ষ্টেট বেংক অব মাইসোৰ, ষ্টেট বেংক অব পাটিয়ালা আৰু ষ্টেট বেংক অব ট্ৰাভাংকোৰৰ জমাকাৰীকে ধৰি গ্ৰাহকসকলক ১ এপ্ৰিল, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক হিচাপে গণ্য কৰা হব।

ভাৰত চৰকাৰে ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ অভিগ্ৰহণ আদেশ ২০১৭, ষ্টেট বেংক অব হায়দৰাবাদ অভিগ্ৰহণ আদেশ ২০১৭, ষ্টেট বেংক অব মাইসোৰ অভিগ্ৰহণ আদেশ ২০১৭, ষ্টেট বেংক অব পাটিয়ালা অভিগ্ৰহণ আদেশ ২০১৭ আৰু ষ্টেট বেংক অব ট্ৰাভাংকোৰ অভিগ্ৰহণ আদেশ ২০১৭ জাৰি কৰিছিল। ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ, ষ্টেট বেংক অব হায়দৰাবাদ, ষ্টেট বেংক অব মাইসোৰ, ষ্টেট বেংক অব পাটিয়ালা আৰু ষ্টেট বেংক অব ট্ৰাভাংকোৰক ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫ (১৯৫৫ৰ ২৩)ৰ ধাৰা ৩৫ৰ উপ-ধাৰা(২)ৰ চৰ্ত অনুযায়ী ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা অভিগ্ৰহণ মঞ্জুৰ কৰি ভাৰত চৰকাৰে দিনাংক ২২ ফেব্ৰুৱাৰী, ২০১৭ত জাৰি কৰা আদেশসমূহ ভাৰতৰ ৰাজপত্ৰৰ অসাধাৰণ অংশ-II ধাৰা ৩- উপ-ধাৰা(i)ত প্ৰকাশিত হৈছিল।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫০৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?