আজ্ঞা প্ৰমাণপত্ৰৰ বাতিলকৰণ – মেচাৰ্ছ বীম মাö - আৰবিআই - Reserve Bank of India
আজ্ঞা প্ৰমাণপত্ৰৰ বাতিলকৰণ – মেচাৰ্ছ বীম মাণি প্ৰাইভেট লিমিটেড
৪ মে’,২০১৭ আজ্ঞা প্ৰমাণপত্ৰৰ বাতিলকৰণ – মেচাৰ্ছ বীম মাণি প্ৰাইভেট লিমিটেড ভাৰতীয় ৰিজাৰ্ভ বেংকে, নিম্নোল্লেখিত প্ৰদান প্ৰণালী পৰিচালক (পি এছ অ’)টোৱে স্বেচ্ছাই কোম্পানীটোৰ আজ্ঞা সমৰ্পন কৰা হেতুকে, প্ৰদান আৰু বন্দোবস্তি প্ৰণালী আইন,২০০৭ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি পি এছ অ’টোৰ আজ্ঞা প্ৰমাণপত্ৰ (চি অ’ এ) বাতিল কৰিছে-
চি অ’ এ-খন বাতিলকৰণৰ পাছত, ওপৰত উল্লেখিত কোম্পানীটোৱে প্ৰি-পেইড কাৰ্ড জাৰিৰ ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে। অৱশ্যে, মেচাৰ্ছ বীম মাণি প্ৰাইভেট লিমিটেডৰ ওপৰত পি এছ অ’ হিচাপে কোনো দাবী থকা গ্ৰাহক অথবা বণিকসকলে, এই বাতিলকৰণৰ তাৰিখৰ দুবছৰৰ ভিতৰত তদৰ্থে ৩.৫.২০১৯ৰ ভিতৰত সংশ্লিষ্ট দাবী নিষ্পত্তিৰ কাৰণে কোম্পানীটোৰ কাষ চাপিব পাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৯৮১ |