RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489916

অনুজ্ঞাপত্ৰ বাতিল আৰু আৰবান কো-অপাৰেটিভ বেংকক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ
অধীনত এখন সমবায় সমিতিলৈ পৰিৱৰ্তন – দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড জিলা আননú

১৫ ফেব্ৰুৱাৰী, ২০১৭

অনুজ্ঞাপত্ৰ বাতিল আৰু আৰবান কো-অপাৰেটিভ বেংকক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ
অধীনত এখন সমবায় সমিতিলৈ পৰিৱৰ্তন – দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড জিলা আনন্দ
(গুজৰাট)

ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে অধিসূচিত কৰা হল যে ৰিজাৰ্ভ বেংকে দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ আদেশযোগে দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড, জিলা – আনন্দ (গুজৰাট)ৰ অনুজ্ঞাপত্ৰখন বাতিল কৰিছে। অসন্তোষজনক বিত্তীয় আৰু অনুপালন ৰেকৰ্ডৰ প্ৰতি লক্ষ্য ৰাখি, বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ গণ্ডীৰ পৰা বাহিৰ ওলাবলৈ আৰু এখন সমবায় সমিতিলৈ পৰিৱৰ্তিত হবলৈ বেংকটোক পৰামৰ্শ দিয়া হৈছিল। বেংকটোৱে তত্স্থানে ইয়াত দ্য সজিত্ৰা কো-অপাৰেটিভ ছচাইটী লিমিটেডলৈ পৰিৱৰ্তনৰ অনুমতি প্ৰদান কৰিবলৈ আইনখনৰ ধাৰা ৩৬(ক)(২)ত নিৰ্ধাৰিত সকলো চৰ্তাৱলী পৰিপূৰণ কৰে। তদনুযায়ী, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ সৈতে পঠিত আইনখনৰ ধাৰা ৫(cci)ত সংজ্ঞাৰোপিত মতে বেংকটো “এটা সমবায় বেংক” হিচাপে নিবৃত্ত হৈছে আৰু উক্ত সমবায় বেংকটোত প্ৰযোজ্য উক্ত আইনখনৰ সকলো উপবন্ধ ইয়াত প্ৰযোজ্য হোৱাটো নিবৃত্ত হৈছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ (সমবায় সমিতিত প্ৰযোজ্য মতে)ৰ সৈতে পঠিত বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২ৰ অধীনত, ভাৰতত বেংকিং ব্যৱসায় চলাই যোৱাৰ পৰা বেংকটোক নিষেধ কৰা হৈছে।

এতেকে, বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫(খ)ত সংজ্ঞাৰোপন কৰা মতে (সমবায় সমিতিত প্ৰযোজ্য অনুযায়ী)জমাৰ গ্ৰহণ/পৰিশোধকে ধৰি –“বেংকিং” ব্যৱসায়ৰ লেনদেন কৰাৰ পৰা প্ৰতিৰোধ কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১৯৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?