RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136323564

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া মুদ্ৰাবৰ্গৰ নিৰ্দিষ্ট বেংক নোটৰ (এছবিএন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰ – বিবাহ উত্সৱৰ উদ্দেশ্যে নগদ উঠোৱা

আৰ বি আই/২০১৬-১৭/১৪৫
ডিচিএম (পিএলজি) নং ১৩২০/১০.২৭.০০/২০১৬-১৭

২১ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ

মহাশয়/মহাশয়া

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া মুদ্ৰাবৰ্গৰ নিৰ্দিষ্ট বেংক নোটৰ (এছবিএন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰ – বিবাহ উত্সৱৰ উদ্দেশ্যে নগদ উঠোৱা

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ Circular No.DCM (plg) No. 1226/10.27.00/2016-17 dated November 8, 2016 ৰ সন্দৰ্ভ লওক।

২. সন্তান অথবা প্ৰতিপোষ্যৰ বিবাহ অনুষ্ঠান সম্পন্ন কৰিব পৰাকৈ জনসাধাৰণক সুবিধা দিয়াৰ উদ্দেশ্যে তেনে ব্যক্তিক নিজ নিজ একাউণ্টৰ জমাৰাশিৰ পৰা উচ্চতৰ সীমাৰ টকা উঠোৱাৰ অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হৈছে। তথাপিও বেংকবিলাকে এনেবোৰ পৰিয়ালক চেক/ড্ৰাফ্ট, ক্ৰেডিট/ডেবিট কাৰ্ড, প্ৰিপেইড কাৰ্ড, মোবাইল ট্ৰান্সফাৰ, ইণ্টাৰনেট বেংকিং চেনেল, এনইএফটি /আৰটিজিএছ আদি নগদ বৰ্জিত উপায়সমূহেৰে বিবাহৰ খৰচপাতি কৰিবলৈ উদগণি যোগাব। সেয়ে সংশ্লিষ্ট ৰাইজক বিবাহ অনুষ্ঠানৰ বাবে বৰ্ধিত সীমাৰ টকা উঠাবলৈ দিয়াৰ সময়ত, নগদ অবিহনে নোহোৱা ক্ষেত্ৰতহে নগদ টকা খৰচ কৰিবলৈ বুজাই কব। এনে নগদ উঠোৱাৰ অনুমতি দিব নিম্নোক্ত চৰ্ত অনুসৰি-

১. ৮ নৱেম্বৰ, ২০১৬ৰ ব্যৱসায়িক লেনদেন সামৰণিৰ পৰত একাউণ্ট প্ৰদেয় হৈ থকা অৱশিষ্টৰাশিৰ পৰা, ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত বেংক জমা একাউণ্টৰ পৰা সৰ্বাধিক ২,৫০,০০০ টকা উঠাবলৈ অনুমতি দিব।

২. সম্পূৰ্ণ কেৱাইচি সন্মত একাউণ্টৰ পৰাহে নগদ উঠাবলৈ দিব।

৩. ৩০ ডিচেম্বৰ, ২০১৬ৰ দিনা বা তাৰ আগৰ কোনো তাৰিখৰ বিবাহৰ বাবেহে এই অনুমতি দিব।

৪. পিতৃ-মাতৃ অথবা বিবাহ প্ৰাৰ্থীয়েহে নগদ উঠাব পাৰিব (তেওঁলোকৰ এজনকহে উঠাবলৈ দিয়া হব)।

৫. কেৱল নগদ মাধ্যমেৰে দিবলগীয়া খা-খৰচৰ বাবে নগদখিনি উঠাবলৈ বিচৰা হৈছে যেতিয়া যাক নগদ আকাৰত দিয়া হব তেনে ব্যক্তিৰ বেংক একাউণ্ট নাই বুলি প্ৰতিপন্ন হব লাগিব।

৬. এনে নগদ উঠোৱাৰ বাবে দিয়া আবেদনৰ সৈতে তলত উল্লেখ থকা নথিখিনি থাকিব লাগিব-

ক. সংলগ্ন পত্ৰমতে আবেদন।

খ. বিবাহৰ প্ৰমাণ, নিমন্ত্ৰণী-পত্ৰ, বিবাহ ভৱন বুকিং, ৰান্ধনী বা কেটাৰাৰক দিয়া আগধনৰ ৰছিদৰ প্ৰতিলিপি আদিকে ধৰি।

গ. উঠাবলৈ বিচৰা নগদৰ পৰা যি যি ব্যক্তিক নগদ দিয়া হব তেওঁলোকৰ তালিকা আৰু সেইসকল ব্যক্তিৰ বেংক একাউণ্ট নাই বুলি দিয়া এক ঘোষণা-পত্ৰ। তালিকাখনত প্ৰস্তাৱিত নগদখিনি কি উদ্দেশ্যত লবলৈ বিচৰা হৈছে তাৰো উল্লেখ থাকিব লাগিব।

৩. বেংকবিলাকে এই প্ৰমাণ নথিবোৰ উপযুক্তভাৱে সংৰক্ষিত কৰিব যাতে আৱশ্যক অনুযায়ী কৰ্তৃপক্ষই সত্যাসত্য প্ৰমাণ কৰাৰ বেলিকা দাখিল কৰিব পৰা যায়। যথাৰ্থতা/প্ৰকৃতপক্ষ কাৰণৰ ওপৰত ভিত্তি কৰি এই আঁচনিখন পৰ্যালোচনা কৰা হব।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্নঃ ওপৰত উল্লেখ কৰা মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?