কেথলিক কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, তেলেংগানা - দণ্ডিত
১০ ফেব্ৰুৱাৰী, ২০১৭ কেথলিক কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, তেলেংগানা - দণ্ডিত ভাৰতীয় ৰিজাৰ্ভ বেংকে, ৰিজাৰ্ভ বেংকৰ নিৰ্দেশাৱলী আৰু সঞ্চালক তথা তেওঁলোকৰ আত্মীয়ক ঋণ আৰু অগ্ৰিম সম্পৰ্কীয় নিৰ্দেশনামা উলংঘনৰ বাবে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ উপবন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, দ্য কেথলিক কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, তেলেংগানাৰ ওপৰত ১,০০,০০০ টকাৰ (এক লাখ টকা)ৰ অৰ্থ দণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ দাখিল কৰে। বিষয়টোৰ প্ৰকৃত সত্য আৰু বেংকটোৰ উত্তৰটো বিবেচনাৰ অন্তত, ৰিজাৰ্ভ বেংক এই সিদ্ধান্তলৈ আহে যে উলংঘনবোৰ প্ৰমাণিত হৈছে আৰু দণ্ড আৰোপ অপৰিহাৰ্য হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১৫৯ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: