RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78509507

বিভিন্ন সমবায় সমিতিয়ে সিবিলাকৰ নামত বেংক শব্দটো ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কীকৰণ

২৯ নৱেম্বৰ, ২০১৭

বিভিন্ন সমবায় সমিতিয়ে সিবিলাকৰ নামত বেংক শব্দটো ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কীকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৃষ্টিগোচৰ হৈছে যে কোনো কোনো সমবায় সমিতিয়ে তেওঁলোকৰ নামটোত বেংক শব্দটো ব্যৱহাৰ কৰিছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ (সমবায় সমিতিত প্ৰযোজ্য মতে) (বি আৰ আইন, ১৯৪৯)ৰ ধাৰা ৭ৰ এইটো উলংঘন হৈছে।

এইটো আৰ বি আইৰ দৃষ্টিগোচৰ হৈছে যে কোনো কোনো সমবায় সমিতিয়ে অনা-সদস্য/নামমাত্ৰ সদস্য/সহযোগী সদস্যৰ পৰা জমা গ্ৰহণ কৰি আছে যিটো নেকি বি আৰ আইন, ১৯৪৯ৰ উলংঘনেৰে বেংকিং ব্যৱসায় চলোৱা এক পৰিপন্থী কাৰ্য।

ৰাইজক ইয়াৰ দ্বাৰা সূচিত কৰা হল যে এনে সমিতিবোৰক বি আৰ আইন, ১৯৪৯ৰ অন্তৰ্গত কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই নাইবা বেংকিং ব্যৱসায় চলোৱাৰ বাবে তেওঁলোকক আৰ বি আইৰ দ্বাৰা কৰ্তৃত্ত্বও প্ৰদান কৰা নাই। এই সমিতিবিলাকত ৰখা জমাত জমা বীমা তথা আকলন নিশ্চয়তা নিগম (ডিআইচিজিএছ)ৰ পৰা বীমা আবৃত্তিও উপলব্ধ নহয়। এনে সমবায় সমিতিৰ সৈতে লেনদেন কৰাৰ আগতে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বিহিত কৰ্তব্যবোধ অৱলম্বন কৰিবলৈ জনসাধাৰণক দিহা দিয়া হল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৪৬৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?