RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497469

জাল কাৰেন্সি নোটৰ প্ৰচলন - ৰাজহুৱা জাননী

২৬ অক্টোবৰ, ২০১৬

জাল কাৰেন্সি নোটৰ প্ৰচলন - ৰাজহুৱা জাননী

আমাৰ দৃষ্টিগোচৰ হৈছে যে অসাধু শক্তিয়ে হোজা আৰু ৰাইজৰ একাংশ শংকাবিহীন লোকৰ সুবিধা লৈ, স্বাভাৱিক লেনদেন প্ৰক্ৰিয়াত উচ্চ মুদ্ৰাবৰ্গৰ ভাৰতীয় বেংক নোটৰ প্ৰচলন ঘটাইছে।

আমি ৰাইজক আনৰ পৰা নোটবোৰ যত্ন সহকাৰে চাই-চিতিহে লবলৈ সতৰ্ক কৰি দিলো। উচ্চ মুদ্ৰাবৰ্গৰ ভাৰতীয় পত্ৰমুদ্ৰাবোৰত শক্তিশালী জাল প্ৰতিৰোধক সুৰক্ষা বৈশিষ্ট্য আছে। খুটি-নাতিবোৰ পৰীক্ষা কৰিলে জাল নোটবোৰ চিনাক্ত কৰিব পাৰি। বেংকনোটবোৰৰ সুৰক্ষা বৈশিষ্ট্যবিলাকৰ বিশদ তথ্য আমাৰ ৱেবছাইট http://paisaboltahai.rbi.org.in ত পোৱা যায় আৰু ৰাইজে এইবোৰৰ সৈতে পৰিচিত হৈ আনকো বুজাব পাৰে। স্বাভাৱিক লেন-দেন প্ৰক্ৰিয়া গ্ৰহণৰ সময়ত আগতে নোটবোৰ চাইচিতি লোৱাৰ অভ্যাস গঢ়িবলৈ আৰু ভাৰতীয় বেংকনোট জালকৰণ ৰোধ কৰাত সহায় কৰিবলৈ ৰাইজক অনুৰোধ কৰা হ’ল।

ৰিজাৰ্ভ বেংকে সোৱৰাই দিয়ে যে নোট জাল কৰা বা জাল নোট ৰখা, বিনিময় কৰা, গ্ৰহণ কৰা, প্ৰচলনত এৰি দিয়া বা এনে কাৰ্যত উদগণি দিয়াটো ভাৰতীয় দণ্ডবিধি মতে অপৰাধ আৰু কঠোৰ শাস্তিযোগ্যও।

বৃহত্ সংখ্যাত ভাৰতীয় নোট ব্যৱহাৰৰ বাবে অতিৰিক্ত চিনাক্তকৰণ ব্যৱস্থাৰ কথা ৰিজাৰ্ভ বেংকে চিন্তা কৰিছে।

জালনোট প্ৰচলনৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক আৰু ৰাজহুৱা কৰ্তৃপক্ষৰ সৈতে সহযোগ কৰিবলৈ ৰাইজক অনুৰোধ কৰা হ’ল।

ৰাইজক সতৰ্ক কৰা আৰু বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত এই জাননী জাৰি কৰা হ’ল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৩৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?