RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136324257

নিৰ্দিষ্ট বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য আয়কৰ আইন, ১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধান মানি চলা

আৰবিআই/২০১৬-১৭/১৩৫
ডিবিআৰ.আৰআৰবি.বিচি.নং৩৬/৩১.০১.০০২/২০১৬-১৭

১৬ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়/মহাশয়া,

নিৰ্দিষ্ট বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধান মানি চলা

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭ৰ দিনাংক ৮ নৱেম্বৰ,২০১৬ মন কৰক। আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধানসমূহ মানি চলাৰ ক্ষেত্ৰত বেংকসমূহক তলৰ ধৰণে পৰামৰ্শ দিয়া হ’ল-

(১) নিজ নিজ বেংক একাউণ্টত ৫০,০০০ টকাৰ অধিক নগদ জমা দিয়া যিকোনো ব্যক্তিয়ে বেংক একাউণ্টত আগতে পিএএন সংলগ্ন কৰা নহলে পেন কাৰ্ডৰ এটা প্ৰতিলিপি দাখিল কৰিব লাগিব।

(২) ইয়াৰ উপৰিও একে আয়কৰ আইনত অন্য লেনদেনৰ বাবেও পিএএন দাখিলৰ আৱশ্যকতা আছে, সেইখিনিও বেংকে পূৰাব লাগিব।

২. বেংকসমূহক সেয়ে ওপৰোল্লেখিত কথাখিনি গুৰুত্ব সহকাৰে লবলৈ আৰু আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধানসমূহ কটকটীয়াকৈ পালন কৰাটো নিশ্চিত কৰিবলৈ কোৱা হ’ল। আয়কৰ আইন,১৯৬২ৰ সংশ্লিষ্ট প্ৰাৱধান প্ৰতিলিপি সমলগ্ন কৰা হ’ল।

আপোনালোকৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?