RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498953

সূচীভুক্ত বাণিজ্যিক বেংক (এছ চি বি)ত ৰখা জমাবোৰৰ ৰচনা আৰু মালিকত্ব শৈলী – ৩১ মাৰ্চ,২০১৭

২০ ডিচেম্বৰ, ২০১৭

সূচীভুক্ত বাণিজ্যিক বেংক (এছ চি বি)ত ৰখা জমাবোৰৰ ৰচনা আৰু মালিকত্ব শৈলী – ৩১ মাৰ্চ,২০১৭

আজি ৰিজাৰ্ভ বেংকে Composition and ownership pettern of deposits with scheduled Commercial banks (SCBs) as on March 31, 2017 সম্পৰ্কীয় উপাত্তবোৰ প্ৰকাশ কৰে। বেংকে শাখা /কাৰ্যালয়বোৰ থকা কেন্দ্ৰসমূহত জনসংখ্যা গোট বৰ্গীকৰণটো লোকপিয়ল ২০১১ ভিত্তিক। লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় অনুসূচীত ফেব্ৰুৱাৰী, ২০১৭ সংযোজিত ক্ষুদ্ৰ বিত্ত বেংক দুটাকো এই উপাত্ত বিজ্ঞপ্তিত সামৰা হৈছে।

১. মুঠ জমাত গৃহস্থালিৰ অংশ সকলো প্ৰকাৰৰ জমা আৰু সকলো জনসংখ্যা গোট/ঘৰুৱা বেংক গোটতে বৰ্দ্ধিত হয়। বিদেশী বেংকবোৰত, বেচৰকাৰী যৌথখণ্ডই জমাবোৰৰ গুৰু অংশ ধাৰণ কৰে।

২. পূৰ্বৰ বিসঙ্গতিৰে, ব্যক্তিগতসকলৰ ক্ৰমবৰ্ধিত জমাবোৰৰ দুই-তৃতীয়াংশৰো অধিকখিনি আছিল সঞ্চয় জমাৰ আকাৰত।

৩. গৃহস্থালি আৰু চৰকাৰী খণ্ডবোৰে সমগ্ৰ ক্ৰমবৰ্দ্ধিত জমাখিনি আগবঢ়ায়, অন্যহাতে বিত্তীয় আৰু বিদেশী খণ্ডবোৰৰ জমা সংকুচিত হয়।

৪. বছৰটোত বিদেশী বেংকবোৰৰ পৰা প্ৰবাসী জমাৰ বহিৰ্গমন ঘটে।

৫. মহাৰাষ্ট্ৰই (২০.৪ শতাংশ) বেংক জমাত ইয়াৰ অংশত শীৰ্ষস্থান অটুট ৰাখে, দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিটি)য়ে (১০ শতাংশ) দ্বিতীয় স্থান লাভ কৰে।

৬. ক্ৰমবৰ্দ্ধমান গৃহস্থালিৰ জমাত উত্তৰ প্ৰদেশৰ সৰ্বাধিক (১২.৭ শতাংশ) বৰঙণি অটুট থাকে, ২০১৬-১৭ত মহাৰাষ্ট্ৰৰ (৯.৫ শতাংশ), পশ্চিম বংগৰ (৮.০ শতাংশ) আৰু গুজৰাটৰ (৭.১ শতাংশ) বৰঙণি যথাক্ৰমে আছিল।

জমা একাউণ্টবোৰ প্ৰতিষ্ঠানিক খণ্ড, জনসংখ্যা গোট আৰু বেংক গোটবোৰৰ ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত প্ৰকাৰবোৰত বহুল প্ৰৱণতাবোৰ বিশ্লেষণ কৰি বিস্তৃত নিৱন্ধ এটা আৰ বি আই বুলেটিনত প্ৰকাশ কৰা হব।

অনিৰুদ্ধ ডি. যাধৱ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৬১৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?