RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493412

মহাত্মা গান্ধী (নতুন) শৃংখলা বেংকনোটৰ বিতৰণৰ বাবে কৰ্মবাহিনী গঠন - এটিএমবোৰ ৰিকেলিব্ৰেচন আৰু পুনৰ সক্ৰিয়কৰণ

১৪ নৱেম্বৰ, ২০১৬

মহাত্মা গান্ধী (নতুন) শৃংখলা বেংকনোটৰ বিতৰণৰ বাবে কৰ্মবাহিনী গঠন - এটিএমবোৰ
ৰিকেলিব্ৰেচন আৰু পুনৰ সক্ৰিয়কৰণ

নতুন আৰ্হিৰে মহাত্মা গান্ধী (নতুন) শৃংখলাত নতুন উচ্চ মুদ্ৰাবৰ্গ (২০০০ টকীয়াকে ধৰি) প্ৰৱৰ্তন কৰা নোটবোৰৰ নতুন আৰ্হিৰ নোটবোৰ বিতৰণ কৰিব পৰাকৈ সকলো এটিএম/নগদ বিতৰণত জড়িত মেচিনবোৰ ৰিকেলিব্ৰেট কৰাৰ প্ৰয়োজন হৈ পৰিছে।

২. জনসাধাৰণৰ পত্ৰমুদ্ৰা চাহিদাৰ জোৰা মৰা আৰু নগদ শোধৰ বাবে এটিএমবোৰ এক প্ৰধান মাধ্যম হৈ পৰিছে। এটিএম পুনৰ সক্ৰিয়কৰণৰ লগত সুবিধাজনক সময়ত বেংকে গ্ৰাহকসকলৰ বাবে নোটৰ প্ৰাপ্ততা আৰু বিতৰণ আৰু সুবিধাজনক স্থানত উচ্চ মূল্য আৰু নিম্ন মূল্যৰ নোটবোৰ যুক্তিসংগত অনুপাতত যোগানো জড়িত হৈ আছে।

৩. এটিএমৰ ৰিকেলিব্ৰেচনত বিভিন্ন অভিকৰণ- বেংক, এটিএম নিৰ্মাণকাৰী, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰদান নিগম (এনপিচিআই), ছুইচ অপাৰেটৰ আদি জড়িত থকাৰ লগতে এই অভিকৰণসমূহৰ মাজত সমন্বয় সাধনৰ বাবে আৱশ্যক হোৱা বিভিন্ন জটিল কৰ্মপ্ৰক্ৰিয়াও আছে।

৪. এই ক্ষেত্ৰত দিহা পৰামৰ্শ দিবৰ কাৰণে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ.এছ. মুন্দ্ৰাৰ অধ্যক্ষতাত এটা কৰ্মবাহিনী গঠন কৰা হৈছে। কৰ্মবাহিনীত থকা অন্যান্যসকল হ’লঃ

  1. ভাৰত চৰকাৰ, বিত্ত মন্ত্ৰণালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিনিধিবৰ্গ – সদস্য

  2. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়, বিত্তীয় সেৱা বিভাগৰ প্ৰতিনিধি – সদস্য

  3. ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰতিনিধি – সদস্য

  4. বৃহত্তম সংখ্যক এটিএম পৰিগাঁথনি থকা ৪টা বেংক – ভাৰতীয় ষ্টেট বেংক, এক্সিছ বেংক, আই চি আই চি আই বেংক আৰু এইছ ডি এফ চি বেংকৰ প্ৰতিনিধিবৰ্গ – সদস্য

  5. এন পি চি আইৰ প্ৰতিনিধি – সদস্য

  6. মুখ্য মহা প্ৰৱন্ধক, পত্ৰমুদ্ৰা পৰিচালনা বিভাগ – সদস্য

  7. মুখ্য মহা প্ৰৱন্ধক, প্ৰদান আৰু বন্দোবস্তি প্ৰণালী বিভাগ – সদস্য

৫. এটিএম অফিচ ইকুইপমেণ্ট মেনুফেকচাৰাৰ্ছ (অইএমএছ), মেনেজড ছাৰ্ভিচ প্ৰভাইডাৰ্ছ, কেশ্ব ইন ট্ৰেনজিত কোম্পানী (চিআইটি) আৰু হোৱাইট লেবেল এটিএম (ডব্লিউএলএ) অপাৰেটৰৰ একোজনকৈ প্ৰতিনিধিক কৰ্মবাহিনীৰ আলোচনাবোৰলৈ আমন্ত্ৰণ জনোৱা হ’ব। কৰ্মবাহিনীয়ে আৱশ্যক বোধে অন্যান্যকো আমন্ত্ৰণ জনাব পাৰিব।

৬. কৰ্মবাহিনীৰ বিচাৰ্য বিষয় এনেধৰণৰঃ

  1. পৰিকল্পিতভাৱে সকলো এটিএমৰ খৰতকীয়া সক্ৰিয়কৰণ

  2. ওপৰত উল্লেখিতৰ সৈতে সংলগ্ন বা জড়িত অন্যান্য বিষয়।

৭. ডিপিএছএছ, চিঅ’ই সম্পাদনমূলক সহায়তা আগবঢ়াব।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?