RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494309

হ্ৰস্বম্যাদী শস্য বীমা ঋণৰ বাবে ২০১৮-১৯ বৰ্ষটোত অন্তৰ্ৱৰ্ত্তী-ভিত্তিত সুত সাহায্য আঁচনিখনৰ ধাৰাবাহিকতা

আৰবিআই/২০১৭-১৮/১৯০
এফআইডিডি.চিঅ.এফএছডি.বিচি.নং২১/০৫.০৪.০০১/২০১৭-১৮

৭ জুন, ২০১৮

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ড সূচীভুক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

হ্ৰস্বম্যাদী শস্য বীমা ঋণৰ বাবে ২০১৮-১৯ বৰ্ষটোত অন্তৰ্ৱৰ্ত্তী-ভিত্তিত সুত সাহায্য আঁচনিখনৰ ধাৰাবাহিকতা

অনুগ্ৰহ কৰি হ্ৰস্বম্যাদী শস্য ঋণ ২০১৭-১৮ৰ বাবে সুদ সাহায্য আঁচনিৰ সন্দৰ্ভত আমাৰ Circular FIDD.CO.FSD.BC.No.14/05.02.001/2017-18 dated August 16, 2017ৰ সন্দৰ্ভলৈ আহক যিখনত ২০১৭-১৮ বৰ্ষৰ বাবে সুত সাহায্য আঁচনিখনৰ ধাৰাবাহিকতা আৰু ৰূপায়ণৰ দিহা দিছিলো। ২০১৮-১৯ বৰ্ষৰ বাবে আঁচনিখনৰ সন্দৰ্ভত কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰে জনাইছে যে তেওঁলোকে সুত সাহায্য আঁচনি ২০১৮-১৯ৰ ধাৰাবাহিকতা প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

২. ভাৰত চৰকাৰে জনোৱা মতে, অন্তৰ্ৱৰ্ত্তী ব্যৱস্থা হিচাপে উপৰিউক্ত চাৰ্কুলাৰখনত সন্নিৱিষ্ট অনুযায়ী, ২০১৭-১৮ বৰ্ষৰ বাবে মঞ্জুৰ কৰা চৰ্তাৱলীৰ ভিত্তিত, এতদাধিক নিৰ্দেশ নোপোৱা পৰ্যন্ত ২০১৮-১৯ বৰ্ষতো সুত সাহায্য আঁচনিখন ৰূপায়ণ কৰা হব। সকলো বেংককে সেয়ে, এই বিষয়টো অনুধাৱন কৰিবলৈ আৰু ২০১৮-১৯ৰ বাবে সুত সাহায্য আঁচনিখন সেইমতে ৰূপায়িত কৰিবলৈ দিহা দিয়া হল।

৩. অধিকন্তু, ভাৰত চৰকাৰৰ পৰামৰ্শ মতে ডিবিটি মডত আই এছ এছ পণ্যদ্ৰৱ্য/সেৱাৰ ভিত্তিত দিয়া হব আৰু নগদত নহয় আৰু ২০১৮-১৯ বৰ্ষত প্ৰক্ৰিয়াকৃত সকলো ঋণ, আঁচনি প্ৰৱৰ্তনৰ পাছত আই এ এছ পৰ্টেল/ডিবিটি প্লেটফৰ্মত আনিব লাগিব।

৪. ভাৰত চৰকাৰৰ প্ৰপত্ৰ এফ. নং ১-৪/২০১৭-ক্ৰেডিট-১ দিনাংক ১৬ আগষ্ট, ২০১৭ (প্ৰতিলিপি সংযোজিত) চৰ্তমতে সুত সাহায্য আঁচনিখনক পৰিকল্পনা-পৰিকল্পনাবহিঃভূত বৰ্গীকৃত আঁচনি হিচাপে গণ্য কৰা হব। সেইমতে সুদ সাহায্য আঁচনিখন ২০১৮-১৯ক অনুসূচিত জাতি (এছচি), অনুসূচিত জনজাতি (এছচি) আৰু উত্তৰ পূৰ্বাঞ্চল (এনইআৰ) আদিত পৰিকল্পনা আঁচনিত প্ৰযোজ্য মতে নিষ্পত্তি কৰিব লাগিব।

৫. সেইবাবে, ২০১৮-১৯ৰ পৰা আগলৈ উদ্ভুত হবলগীয়া দাবীবোৰ আই এছ এছ পৰ্টেলত গাইগুটীয়া কৃষক ভিত্তিত ৰিপোৰ্টিং ব্যৱস্থাৰ অন্তৰ্গত হিতাধিকাৰীৰ শ্ৰেণীভিত্তিক তথ্য (সাধাৰণ, অনুসূচিত জাতি (এছচি) অনুসূচিত জনজাতি (এছচি) আৰু উত্তৰ পূৰ্বাঞ্চল (এনইআৰ) সাধাৰণ, উত্তৰ পূৰ্বাঞ্চল (এনইআৰ) এছচি, উত্তৰ পূৰ্বাঞ্চল (এনইআৰ) এছটি ভিত্তিক তথ্য বেংকবোৰে যুগুতাব লাগিব। ডিবিটি পোৰ্টেলটো কাৰ্যক্ষম হৈ উঠা পৰ্যন্ত বেংকবিলাকক তেওঁলোকৰ দাবীবোৰ ওপৰোক্ত মতে শ্ৰেণীভিত্তিক কৰি দাখিল কৰিবলৈ অনুৰোধ কৰা হল।

৬. ঋণ বৰ্গীকৰণ সন্দৰ্ভত আৰ বি আয়ে চৰকাৰৰ সৈতে পৰামৰ্শ কৰি বিশদ প্ৰণালীবদ্ধ আৰ্হি যুগুতাই আছে। প্ৰণালীবদ্ধ আৰ্হিটো চূড়ান্ত হোৱালৈকে, বেংকবিলাকে স্ব-ঘোষণাৰ ভিত্তিত শ্ৰেণীভিত্তিক তথ্য আহৰণ কৰিব পাৰে। প্ৰতিটো শ্ৰেণীৰ অন্তৰ্গত দিয়া ঋণৰ ওপৰত অৱশ্যে কোনো বন্ধনী থাকিব নালাগিব।

আপোনাৰ বিশ্বাসী

(জি.পি. বৰা)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন পত্ৰ – ওপৰৰ মতে।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?