RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78472480

দীনদয়াল অন্ত্যোদয়া যোজনা – ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিশ্যন (DAY-NRLM) - আজীৱিকা সুত স্থায়ী সাহায্য নিধি আঁচনি

RBI/2016-17/42
FIDD.GSSD.CO.BE.No.13/09.01.03/2016-17

আগষ্ট ২৫,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক
ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহ

মহাশয়/মহাশয়া

দীনদয়াল অন্ত্যোদয়া যোজনা – ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিশ্যন (DAY-NRLM) - আজীৱিকা সুত স্থায়ী সাহায্য নিধি আঁচনি

অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিশ্যন (NRLM) অধীনৰ সুত সাহায্য নিধি সম্পৰ্কীয় আমাৰ চাৰ্কুলাৰ FIDD.GSSD.CO.BC.No.19/01/03/2015-16 দিনাংক জানুৱাৰী 21, 2016 উনুকিয়াব।

2. গ্ৰামোন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ পৰা পোৱা মতে DAY-NRLMৰ অধীনৰ সুত সাহায্য নিধি আঁচনি সম্পৰ্কীয় 2016-17 বৰ্ষৰ সংশোধিত নিৰ্দেশনাসমূহ, সকলো ৰাজহুৱা খণ্ডৰ বেংক আৰু 15টা বেচৰকাৰী খণ্ডৰ বেংকৰ দ্বাৰা (সংলগ্ন তালিকা অনুযায়ী) ৰূপায়ণৰ বাবে ইয়াৰ সৈতে সংযোজিত কৰা হ’ল।

আপোনাৰ বিশ্বাসী

(উমা শংকৰ)
মুখ্য মহা প্ৰৱন্ধক

সহপত্ৰ – উপৰি উল্লেখিত মতে


মহিলা আত্ম-সহায়ক গোটৰ বাবে সুত সাহায্যনিধি আঁচনি – বৰ্ষ ২০১৬-২০১৭

1. সকলো বাণিজ্যিক বেংক (কেৱল ৰাজহুৱা খণ্ডৰ বেংক, বেচৰকাৰী খণ্ডৰ বেংক আৰু আঞ্চলিক গ্ৰামীণ বেংক) আৰু 250 জিলাস্থিত সমবায় বেংকৰ বাবে 2016-17 বৰ্ষত মহিলা আত্মসহায়ক গোটলৈ দিয়া ঋণত সুত সাহায্যনিধি আঁচনি

i. সকলো মহিলা আত্মসহায়ক গোট বাৰ্ষিক 7% হাৰত 3 লাখ টকা পৰ্যন্ত ঋণৰ ক্ষেত্ৰত সুত সাহায্যৰ বাবে যোগ্য হ’ব। বৰ্তমানৰ ঋণ দেনাত SGSYৰ অধীনত মূলধনী ৰাজসাহায্য লোৱা SHG সমূহ এই আঁচনিৰ বাবে যোগ্য নহব।

ii. 250খন জিলাত 7% হাৰত মহিলা SHGক ঋণ দিব লগা বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ তালিকাখন সংযোজন 1ত দিয়া হৈছে।

iii. সকলো বাণিজ্যিক বেংকক ভাৰপ্ৰাদপ্ত গড় সুতৰ হাৰ (বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে 2016-17 বৰ্ষৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া WAIC- সংযোজন II) আৰু 2016-17 বৰ্ষৰ বাবে সৰ্বোচ্চ সীমা 5.5% সাপেক্ষে 7% হাৰৰ মাজৰ ব্যৱধানখিনি সুত সাহায্য হিচাপে দিয়া হব। 250খন জিলাত বাৰ্ষিক 7% হাৰত SHGক প্ৰাপ্ত কৰোৱা ঋণৰ চৰ্তসাপেক্ষে সকলো বেংকক এই সুত সাহায্য দিয়া হব।

iv. তদুপৰি, ক্ষিপ্ৰতাৰে ঋণ পৰিশোধ কৰা SHG সমূহক অতিৰিক্ত 3% সুত সাহায্য দিয়া হব। ক্ষিপ্ৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত অতিৰিক্ত 3% সুত সাহায্যৰ উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া নিম্নোক্ত নিৰ্ণায়কসমূহ পৰিপূৰণ কৰা SHG একাউণ্টসমূহ বিবেচনা কৰা হব:

ক. কেশ্ব ক্ৰেডিট লিমিটৰ বাবে –

i. একেৰাহে 30ৰ অধিক দিনৰ বাবে লিমিট/টকা উলিওৱা ক্ষমতাতকৈ অধিক ৰাশি দেয় হৈ থাকিব নালাগিব।

ii. একাউণ্টত নিয়মীয়া জমা আৰু ব্যয় থাকিব লাগিব। যিকোনো ক্ষেত্ৰত এটা মাহত কমেও এজন গ্ৰাহকে দিয়া জমা থাকিব লাগিব

iii. গ্ৰাহক প্ৰদত্ত জমাৰাশি, মাহটোত প্ৰদত্ত সুতৰাশি সামৰালৈ পৰ্যাপ্ত হব লাগিব।

খ. মিয়াদী ঋণৰ বাবে – ঋণৰ কালাবধিত দেয় তাৰিখৰ 30 দিনৰ ভিতৰত সকলো পৰিশোধ্য সুত প্ৰদান আৰু/ অথবা মূলধনৰ কিস্তি পৰিশোধ কৰা মিয়াদী ঋণ একাউণ্টহে ক্ষিপ্ৰতাৰে প্ৰদান কৰা একাউণ্ট হিচাপে গণ্য কৰা হব।

ক্ষিপ্ৰ প্ৰদত্ত নিৰ্দেশাৱলীসমূহ ভৱিষ্যতে RBIয়ে দিব লগা নিৰ্দেশাৱলী সাপেক্ষ হৈ থাকিব।

ৰিপোৰ্টিং ত্ৰৈমাসিকৰ অন্তত পোৱা সকলো ক্ষিপ্ৰ প্ৰদত্ত একাউণ্ট অতিৰিক্ত 3% সুত সাহায্যৰ বাবে যোগ্য হব। বেংকসমূহে যোগ্য SHG ঋণ একাউণ্টত 3% সুত সাহায্য ৰাশি জমা দিব আৰু তাৰ পাছত ব্যয়পূৰ্তি বিচাৰিব।

v. গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ ক্ষেত্ৰতহে এই আঁচনি সীমাবদ্ধ হব।

vi. DAY-NRLM অধীনৰ কেন্দ্ৰীয় আবণ্টনৰ পৰাহে আঁচনিখনৰ বাবে পুঁজি যোগান ধৰা হব।

vii. গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা (MoRD) নিৰ্দ্ধাৰিত নডেল বেংকৰ জৰিয়তে সকলো ৰাজহুৱা খণ্ডৰ বেংক আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ বাবে সুত সাহায্যনিধি আঁচনিখন ৰূপায়ণ কৰা হব। MoRDএ উল্লেখ কৰা ধৰণে, নডেল বেংকে এই আঁচনিখন ৱেব-ভিত্তিক প্লেটফৰ্মৰ জৰিয়তে কাৰ্যকৰী কৰিব। 2016-17 বৰ্ষৰ বাবে MoRDএ কানাড়া বেংকক নডেল বেংক হিচাপে মনোনীত কৰিছে।

viii. ক’ৰ বেংকিং চলিউশ্যন (CBS)ত কাৰ্য পৰিচালিত সকলো বেংকে আঁচনিখনৰ অধীনত সুত সাহায্য লাভ কৰিব পাৰিব।

ix. SHG সমূহলৈ 7% হাৰত আগবঢ়োৱা ঋণৰ ক্ষেত্ৰত নিয়মীয়াকৈ সুত সাহায্য লাভ কৰিবৰ কাৰণে সকলো ৰাজহুৱা খণ্ডৰ বেংকে আৱশ্যকীয় কাৰিকৰী বিনিৰ্দেশ মতে নডেল বেংকৰ পৰ্টেলত SHG ঋণ একাউণ্ট তথ্য আপলড কৰিব লাগিব। ৰাজহুৱা খণ্ডৰ বেংকসমূহে অতিৰিক্ত 3% ঋণ সাহায্য দাবীসমূহো একেটা পৰ্টেলতে দাখিল কৰিব লাগিব। ৰাজহুৱা খণ্ডৰ বেংকসমূহে নিয়মীয়া ভিত্তিত দাবীসমূহ (WAIC বা আৰোপিত সুত আৰু 7%ৰ ব্যৱধানখিনি) আৰু ক্ষিপ্ৰ প্ৰদত্ত একাউণ্টৰ বাবে অতিৰিক্ত 3% দাবীসমূহ ত্ৰৈমাসিক ভিত্তিত, যেনে জুন 30, 2016, চেপ্তেম্বৰ 30, 2016, ডিচেম্বৰ 31, 2016 আৰু মাৰ্চ 31, 2017 ভিত্তিত পৰৱৰ্ত্তী মাহৰ অন্তিম সপ্তাহৰ ভিতৰত নিশ্চিতভাৱে দাখিল কৰিব লাগিব।

x. SHG সমূহলৈ 7% হাৰত আগবঢ়োৱা ঋণৰ বাবদ সুত সাহায্য আৰু অতিৰিক্ত 3% সুত সাহায্য লাভৰ কাৰণে সকলো ৰাজহুৱা খণ্ডৰ বেংক আৰু বেচৰকাৰী খণ্ডৰ বেংকে নডেল বেংকত ত্ৰৈমাসিক ভিত্তিত দাবী প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। যিকোনো বেংকে দাখিল কৰা দাবীত সুত সাহায্যৰ দাবীসমূহ সত্য আৰু শুদ্ধ বুলি (সংযোজন - iiiৰ পৰা v পৰ্যন্ত) প্ৰত্যায়ন কৰি দাবী প্ৰমাণপত্ৰ (মূল) সংলগ্ন হব লাগিব। মাৰ্চ,2017ত অন্ত পৰা ত্ৰৈমাসিকৰ বাবে যিকোনো বেংকৰ দাবীসমূহ, বেংকটোৰ পৰা সম্পূৰ্ণ 16-17 বিত্তীয় বৰ্ষৰ বাবে বিধিগত হিচাপ পৰীক্ষকৰ প্ৰমাণপত্ৰ সাপেক্ষে MoRDএ নিষ্পত্তি কৰিব।

xi. 2016-17 বৰ্ষত বণ্টন কৰা আৰু বৰ্ষটোত অন্তৰ্ভুক্ত নোহোৱাকৈ থকা বাকী ৰাশিখিনি, ৰাজহুৱা খণ্ডৰ বেংক আৰু বেচৰকাৰী খণ্ডৰ বেংকে জুন, 2017ৰ ভিতৰত শুদ্ধতা সম্পৰ্কে বিধিগত হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষণ প্ৰমাণপত্ৰসহ অতিৰিক্ত দাবী হিচাপে চিহ্নিত কৰি নডেল বেংকত দাখিল কৰিব লাগিব।

xii. হিচাপ পৰীক্ষকৰ প্ৰমাণ-পত্ৰৰ ভিত্তিত পৰৱৰ্ত্তী দাবীৰ পৰা পূৰ্বৰ দাবীৰ শুধৰণীসমূহ মিলাই লোৱা হব। ৰাজহুৱা খণ্ডৰ বেংক আৰু বেচৰকাৰী খণ্ডৰ বেংকৰ ক্ষেত্ৰত এনে শুধৰণী নডেল বেংকৰ পৰ্টেলত উল্লেখ কৰিব লাগিব।

II. কেটেগৰী-II জিলাসমূহৰ বাবে (২৫০খন জিলা বাদে) সুত সাহায্য আঁচনি

উপৰিউক্ত ২৫০খন জিলা বাদে অন্যান্য জিলাসমূহক লৈ গঠিত কেটেগৰী-II জিলাৰ বাবে DAY-NRLM অধীনৰ সকলো মহিলা SHG, 7% হাৰত ঋণ সুবিধা লাভ কৰিব পৰাকৈ সুত সাহায্য আঁচনিৰ বাবে যোগ্য হব। DAY-NRLMৰ আবণ্টনৰ পৰা ৰাজ্যিক গ্ৰামীণ জীৱিকা মিশ্যনসমূহলৈ (SRLM) সুত সাহায্যৰ বাবে পুঁজি যোগান ধৰা হব। কেটেগৰী-II জিলাসমূহত সংশ্লিষ্ট ঋণ-চৰ্ত অনুযায়ী বেংকে SHGৰ পৰা সুতৰ হাৰ আদায় কৰিব আৰু সুতৰ হাৰ আৰু বিত্তীয় বৰ্ষ 16-17 বৰ্ষৰ বাবে 5.5% সৰ্বোচ্চ সীমা সাপেক্ষে 7% হাৰৰ মাজৰ ব্যৱধানখিনি SRLMএ SHGৰ ঋণ একাউণ্টত জমা দিব। শ্ৰেণী-II জিলাসমূহৰ বাবে 2016-17 বৰ্ষৰ কাৰণে মূল বৈশিষ্ট্য আৰু পৰিচালনা নিৰ্দেশাৱলী নিম্নোক্ত ধৰণৰ –

(ক) বেংকৰ ভূমিকা

ক’ৰ বেংকিং চলিউশ্যন (CBS) পৰিচালিত সকলো বেংকে SHG প্ৰদত্ত ফৰ্মেটত সকলো জিলাৰ MoRD প্ৰদত্ত ফৰ্মেটত সকলো জিলাৰ SHG সমূহক বিতৰণ কৰা ঋণৰাশি আৰু বকেয়া ঋণৰাশিৰ বিৱৰণ CBS প্লেটফৰ্মৰ পৰা পোনপটীয়াকৈ (FTP যোগে) গ্ৰামোন্নয়ন মন্ত্ৰালয়লৈ আৰু SRLM সমূহত দাখিল কৰিব লাগিব। গণনা আৰু SHG সমূহলৈ সুত সাহায্যৰাশি মোকলাই দিয়াৰ সুবিধাৰ্থে এই তথ্যসমূহ মাহিলি ভিত্তিত যোগান ধৰিব লাগিব।

(খ) ৰাজ্য চৰকাৰসমূহৰ ভূমিকা

i. সকলো মহিলা SHGক DAY-NRLM অধীনৰ SHG হিচাপে গণ্য কৰা হ’ব আৰু বছৰি 7% হাৰে 3 লাখ টকা পৰ্যন্ত ঋণ লোৱা সকলে ক্ষিপ্ৰতাৰে পৰিশোধ কৰিলে সুত ৰেহাইৰ বাবে যোগ্য হ’ব।

ii. এই আঁচনি ৰাজ্যিক গ্ৰামীণ জীৱিকা মিশ্যনে (SRLM) ৰূপায়ণ কৰিব। বাণিজ্যিক আৰু সমবায় বেংকৰ পৰা ঋণ গ্ৰহণ কৰা যোগ্য SHG সমূহক SRLMয়ে সুত সাহায্য প্ৰদান কৰিব। ভাৰত চৰকাৰৰ স্বীকৃত নীতি-নিয়ম মতে কেন্দ্ৰীয় আবণ্টন আৰু ৰাজ্যিক বৰঙণিৰ পৰা এই সুত সাহায্যৰ বাবে পুঁজি যোগান ধৰা হব।

iii. SRLM সমূহে 2016-17 বৰ্ষৰ বাবে বেংকে লোৱা ঋণৰ হাৰ আৰু সৰ্বোচ্চ সীমা 5.5% সাপেক্ষে 7% মাজৰ ব্যৱধানৰাশি পৰ্যন্ত SHGক সুত সাহায্য পোনপটীয়াকৈ মাহিলি/ত্ৰৈমাসিক ভিত্তিত প্ৰদান কৰিব। ক্ষিপ্ৰতাৰে পৰিশোধ কৰা SHG বিলাকৰ ঋণ একাউণ্টলৈ SRLMএ সাহায্যৰাশি ই-ট্ৰেন্সফাৰ (বৈদ্যুতিন প্ৰেৰণ) কৰিব।

ঘ. সুত সাহায্যৰ বাবে একোটা একাউণ্টক ক্ষিপ্ৰ পৰিশোধকাৰী হিচাপে বিবেচনা কৰা হব যদিহে সিবিলাকে RBIয়ে নিৰ্দিষ্ট কৰা নিম্নোক্ত নিৰ্ণায়কসমূহ পৰিপূৰণ কৰে –

ক. কেশ্ব ক্ৰেডিট লিমিটৰ বাবে

1. একেৰাহে 30 দিনৰ অধিক সময়ৰ বাবে লিমিট/ধন লোৱা ক্ষমতাতকৈ অধিক ধন পৰিশোধ কৰিবলগা ৰাশি হিচাপে থাকিব নালাগিব।

2. একাউণ্টত নিয়মীয়া জমা আৰু খৰচ থাকিব লাগিব। একোটা মাহত কমেও এটা হলেও গ্ৰাহক প্ৰদত্ত জমা থাকিব লাগিব।

3. গ্ৰাহক প্ৰদত্ত জমাৰাশি, মাহটোত পৰিশোধ কৰিব লগা সুতৰাশি সামৰি লোৱাকৈ পৰ্যাপ্ত হব লাগিব।

খ. মিয়াদী ঋণৰ বাবে – ধাৰৰ কালাবধিত দেয় তাৰিখৰ 30 দিনৰ ভিতৰত পৰিশোধ কৰিবলগীয়া সকলো সুত আদায় দিয়া আৰু /অথবা মূলধনৰ কিস্তি আদায় দিয়া মিয়াদী ঋণ একাণ্টক ক্ষিপ্ৰ প্ৰদানকাৰী একাউণ্ট হিচাপে গণ্য কৰা হব।

ক্ষিপ্ৰ প্ৰদান নিৰ্দেশাৱলী ভৱিষ্যতে RBIয়ে এই ক্ষেত্ৰত দিব লগা নিৰ্দেশাৱলীৰ দ্বাৰা পৰিচালিত হৈ থাকিব।

v. মহিলা SHG, যিবিলাকে বৰ্তমানৰ ঋণত SGSYৰ অধীনত মূলধনী সাহায্য লাভ কৰিছে, তেওঁলোক অৱশিষ্ট ঋণৰ সুত সাহায্যৰ বাবে এই আঁচনিৰ সুবিধা লাভৰ কাৰণে যোগ্য বিবেচিত নহব।

vi. SRLM সমূহে যোগ্য SHGৰ ঋণ একাউণ্টলৈ প্ৰেৰণ কৰা সুত সাহায্যৰাশি উল্লেখ কৰি ত্ৰৈমাসিক ইউটিলাইজেশ্যন চাৰ্টিফিকেট দাখিল কৰিব লাগিব।

iii. ৰাজ্য নিৰ্দিষ্ট সুত সাহায্য আঁচনি থকা ৰাজ্যসমূহক কেন্দ্ৰীয় আঁচনিৰ নিৰ্দেশাৱলীৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ নিৰ্দেশনামা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়া হ’ল।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?