বেংকিঙ ৰেগুলেশ্ৱন আইন ১৯৪৯(AACS) ৰ ৩৫(ক্) অনুছেদত দ - আৰবিআই - Reserve Bank of India
বেংকিঙ ৰেগুলেশ্ৱন আইন ১৯৪৯(AACS) ৰ ৩৫(ক্) অনুছেদত দিয়া নিৰ্দেশনা- চৌন্দ্ৰেশ্ৱৰী চৰকাৰী বেংক লিমিটেড, ইচালকৰন্জী-কোল্হাপুৰ
৩ চেপ্তেম্বৰ,২০১৫ বেংকিঙ ৰেগুলেশ্ৱন আইন ১৯৪৯(AACS) ৰ ৩৫(ক্) অনুছেদত দিয়া নিৰ্দেশনা- ইচালকৰন্জী, কোল্হাপুৰৰ চৌন্দ্ৰেশ্ৱৰী চৰকাৰী বেংক লিমিটেড, ২৮ আগষ্ট, ২০১৪ তাৰিখৰ ইউ.বি.ডি/কে.কা./বি.এস.ডি.-১/ডি-/০৭/১২.২২.০৪৪ /২০১৪-১৫ ৰ নিৰ্দেশনা অনুসৰি ৩০ আগষ্ট, ২০১৪ৰ দিনান্তৰ সময়ৰ পৰা ছমাহলৈ নিৰ্দেশনাৰ অধীনস্থ কৰা হৈছে । উক্ত নিৰ্দেশনাৰ বৈধতাৰ সময় আৰু ছমাহলৈ অৰ্থাত ৫ ফেব্ৰুৱাৰী,২০১৫ৰ পৰা ১মাৰ্চ,২০১৫ লৈ বঢ়াই দিয়া হয় । ৰাইজৰ গ্যাতাৰ্থে জাৰী কৰা এই নিৰ্দেশনাৰ কাৰ্যকাল আমাৰ পৰিবৰ্ত্তিত নিৰ্দেশনা অনুসৰি ১সেপ্তেম্বৰ্, ২০১৫লৈ বঢাই দিয়া হৈছে। নিৰ্দেশনাৱলীৰ অন্য স্ৱৰ্ত্ত সমূহ অপৰিবৰ্ত্তীত হৈ থাকিব । এই নিৰ্দেশনাৰ এটা প্ৰতিলিপি আমাৰ কাৰ্যালয়্ৰ গৃহত প্ৰদৰ্শন কৰা হ্’ব্ । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰোক্ত সংশোধনীৰপৰা এই কথা ধৰি লব নালাগে যে বেংকটোৰ বিত্তীয় অৱস্থাৰ যথেষ্ট উন্নতি হৈছে বুলি ৰিজাৰ্ভ বেংক সম্পুৰ্ণ সন্তুষ্ট । অজিত প্ৰসাদ প্ৰেছ বিগ্গপ্ত্তি: ২০১৫-১৬/৫৮১ |