RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492308

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (এ এ চি এছ)ৰ অন্তৰ্গত নিৰ্দেশনা –
মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

২৮ ফেব্ৰুৱাৰী, ২০১৭

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (এ এ চি এছ)ৰ অন্তৰ্গত নিৰ্দেশনা –
মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ অন্তৰ্গত (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক দিনাংক ৩১ আগষ্ট, ২০১৬ত ৬ মাহ অবধিৰ বাবে (অৰ্থাত্ ২৮ ফেব্ৰুৱাৰী, ২০১৭লৈকে) নিৰ্দেশনা জাৰি কৰিছিল যিটো পৰৱৰ্ত্তী নিৰ্দেশ দিনাংক ৭ ছেপ্টেম্বৰ, ২০১৬ যোগে সালসলনি কৰা হৈছিল। এই নিৰ্দেশনা ছমাহ অবধিৰ বাবে ২৮ ফেব্ৰুৱাৰী, ২০১৭ পৰ্যন্ত পুনৰীক্ষণ সাপেক্ষে বলবত্ আছে। বৰ্তমানৰ নিৰ্দেশনাৰ চৰ্তত, অন্য চৰ্তাৱলীৰ মাজত, প্ৰতিটো সঞ্চয় বেংক বা কাৰেণ্ট একাউণ্ট বা যিকোনো নামেৰে নহওক অন্য কোনো জমা একাউণ্টৰ মুঠ উদ্বৃত্তৰ পৰা ৫,০০০ টকাৰ অধিক নোহোৱা এক ৰাশি, জমাকাৰীৰ দ্বাৰা উলিয়াবলৈ অনুমতি দিয়া হৈছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে উক্ত বেংকটোৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ আৰু ৰাজহুৱা স্বাৰ্থত ওপৰোক্ত নিৰ্দেশনাবোৰৰ সালসলনি ঘটোৱাটো আৱশ্যক বুলি বিবেচনা কৰে।

তদনুযায়ী, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫(ক)ৰ উপধাৰা (১) আৰু (২) সমন্বিতে পঠিত বি.আৰ. আইনৰ ধাৰা ৫৬ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিয়ে যে- মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক ৩১ আগষ্ট, ২০১৬ আৰু ৭ ছেপ্টেম্বৰ, ২০১৬যোগে দিয়া নিৰ্দেশনাবোৰ তলত উল্লেখ কৰা ধৰণে সালসলনি কৰা হৈছে-

ক. প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা কাৰেণ্ট একাউণ্ট বা ম্যাদী জমা একাউণ্ট বা অন্য জমা একাউণ্টৰ পৰা (যি নামেৰে নহওক কিয়) ২০,০০০ টকাৰ (বিশ হাজাৰ) অধিক নোহোৱা এক ৰাশি জমাকাৰীক উলিয়াবলৈ অনুমতি দিব পাৰে এই চৰ্তত যে এনে জমাকাৰীৰ বেংক জমাৰ বিপৰীতে ধাৰকে ধৰি, যিকোনো প্ৰকাৰে অৰ্থাত্ ঋণী অথবা জমিনদাৰ হিচাপে বেংকটোক দেয়তা থাকিলে, সংশ্লিষ্ট ধাৰ একাউণ্টত ৰাশিখিনি প্ৰথমে সমাযোজন কৰি লব। জমাকাৰীক দিবলগীয়া ৰাশি বেংকটোৱে সুকীয়াকৈ এটা এচক্ৰো একাউণ্টত আৰু/অথবা চিহ্নিত প্ৰতিভূতিত ৰাখিব লাগিব যিখিনি সংশোধিত নিৰ্দেশনা অনুযায়ী বেংকটোৱে কেৱল জমাকাৰীক প্ৰদান কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰিব।

খ. বেংকটোক জমাৰ বিপৰীতে থকা ঋণ ঘূৰাই লবলৈ অনুমতি থাকিব, যদিহে ঋণীৰ সৈতে সম্পাদিত চুক্তিখনত এই চৰ্তটো সংযোজিত থাকে যে তেওঁৰ নিৰ্দিষ্ট জমা একাউণ্টৰ (যি নামেৰে হওক) ৰাশি বেংকটোৱে জমাকাৰীৰ ঋণ একাউণ্টত উপযোজন/সমাযোজন কৰিব পাৰিব। এনে উপযোজন/সমাযোজন ঋণ একাউণ্টৰ বকেয়া ৰাশি পৰ্যন্ত কৰিব পাৰিব নিম্নোক্ত অতিৰিক্ত চৰ্ত সাপেক্ষেঃ

১. সমাযোজনাৰ তাৰিখত একাউণ্টৰ কে ৱাই চি পৰিপালন সন্মত হব লাগিব।

২. তৃতীয় পক্ষই ধাৰণ কৰা জমা কিন্তু গেৰাণ্টৰ/জামিনাদৰত সীমাবদ্ধ নোহোৱা একাউণ্টবোৰহে সমাযোজন কৰিব পাৰিব।

৩. সাধাৰণতে ঋণ ঘূৰাই লোৱাত অধিক বিলম্ব হলে ঋণ একাউণ্টটো এন পি এ হোৱৰ সম্ভাৱনা থকা ক্ষেত্ৰবোৰত জমাকাৰীক সমুচিত জাননী দি এই বিকল্প সাব্যস্ত কৰিব। মৰ্যাদাৰ্হ ঋণ (নিয়মিত পৰিচৰ্যা হোৱা) ঘূৰাই লোৱা আৰু ঋণ চুক্তি চৰ্তাৱলীৰ বিচ্যুতিৰ ক্ষেত্ৰত ঋণ ঘূৰাই লোৱাৰ বাবে জমাকাৰী – ঋণীৰ আগতীয়া অনুমতি আৱশ্যক হব।

৪. জমা বা ইয়াৰ ঘূৰাই লোৱাখিনি, আদালত বা বিধিগত প্ৰাধিকৰণ বা আইনৰ অন্তৰ্গত ক্ষমতাপ্ৰাপ্ত অন্য কোনো কৰ্তৃপক্ষৰ ক্ৰোক আদেশ/নিষেধাজ্ঞা, সমবায় সমিতি আইন আদিৰ অন্তৰ্গত আমানতৰ ধন জমা, অব্লিগেশ্যন অব ট্ৰাষ্ট, তৃতীয় পক্ষ পূৰ্বস্বত্ব আদিৰ অধীনস্থ হব নালাগিব।

অধিকন্তু, আমি জ্ঞাপন কৰো যে নিৰ্দেশনাসমূহৰ বৈধ অবধি ৩১ আগষ্ট, ২০১৭ পৰ্যন্ত ছমাহ অবধিৰ বাবে অধিকতৰ সম্প্ৰসাৰিত কৰা হৈছে।

ওপৰোক্ত সম্প্ৰসাৰণ আৰু সালসলনি অধিসূচীত কৰি জাৰি কৰা দিনাংক ২৩ ফেব্ৰুৱাৰী, ২০১৭ৰ নিৰ্দেশটোৰ প্ৰতিলিপি এটা ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰোক্ত সম্প্ৰসাৰণ আৰু/অথবা সালসলনিক আপাতঃদৃষ্টিত বেংকটোৰ বিত্তীয় স্থিতিৰ যথেষ্ট উন্নতিত ভাৰতীয় ৰিজাৰ্ভ কেং সন্তুষ্ট হৈছে বুলি ধৰি লব নালাগে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৩১০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?