RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491471

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰ

৩০ মাৰ্চ, ২০১৭

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰ

শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰক দিনাংক ১ এপ্ৰিল, ২০১৩ৰ নিৰ্দেশযোগে বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। আমাৰ নিৰ্দেশসমূহ যথাক্ৰমে দিনাংক ২৩ ছেপ্তেম্বৰ, ২০১৩, ২৭ মাৰ্চ, ২০১৪, ১৭ ছেপ্তেম্বৰ, ২০১৪, ১৯ মাৰ্চ, ২০১৫, ১৫ ছেপ্তেম্বৰ,২০১৫, ১১ মাৰ্চ,২০১৬ আৰু ২৬ ছেপ্তেম্বৰ,২০১৬যোগে প্ৰতিবাৰত ছমাহকৈ অবধিৰ বাবে সাত বাৰ ইয়াৰ বৈধতা সম্প্ৰসাৰিত কৰা হৈছিল। অধিকন্তু, নিৰ্দেশনা দিনাংক ১৮ জুলাই, ২০১৬যোগে টকা উঠোৱাৰ সীমা ৫০,০০০ টকালৈ বঢ়াই দিয়া হৈছিল। এই নিৰ্দেশনা ২৯ মাৰ্চ,২০১৭ পৰ্যন্ত বাহাল আছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে উক্ত বেংকটোৰ বিত্তীয় অৱস্থাৰ পৰ্যালোচনা কৰে আৰু ৰাজহুৱা স্বাৰ্থত উপৰিউক্ত নিৰ্দেশসমূহ সালসলনি কৰাটো ৰাজহুৱা স্বাৰ্থত আৱশ্যক বুলি বিবেচনা কৰে। তদনুযায়ী, বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫কৰ উপধাৰা (১) আৰু (২) সমন্বিতে বি আৰ আইন,১৯৪৯ৰ ধাৰা ৫৬ৰ সৈতে পঠিত উপবন্ধৰ অন্তৰ্গত ইয়াক প্ৰদত্ত প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা আদেশ দিয়ে যে-

শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিকক সেইমৰ্মে জাৰি কৰা দিনাংক ১৮ জুলাই,২০১৬ নিৰ্দেশটোৰ দফা ১(১) নিন্মোক্তধৰণে সলনি কৰা হওক-

“i. প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা কাৰেণ্ট একাউণ্ট বা ম্যাদী জমা একাউণ্ট বা অন্য জমা একাউণ্টৰ (যি নামেৰে হওক লাগে) ৭০,০০০ টকাৰ (সত্তৰ হাজাৰ টকা মাত্ৰ) অধিক নোহোৱা ৰাশি উলিয়াবলৈ জমাকাৰীক অনুমতি দিব পাৰে এই চৰ্তত যে যিকোনো ধৰণে, অৰ্থাত্ ঋণী হিচাপে অথবা জামিনদাৰ হিচাপে, বেংক জমাৰ বিপৰীতে ধাৰকে ধৰি বেংকটোত দেয়তা থকা জমাকাৰীৰ ক্ষেত্ৰত সেই ৰাশি প্ৰথমে সংশ্লিষ্ট ঋণ একাউণ্ট/সমূহত সমাযোজন কৰি লব। জমাকাৰীক প্ৰদান কৰিব লগা ৰাশি এটা এছক্ৰ একাউণ্ট আৰু/অথবা চিহ্নিত প্ৰতিভূতিত আছুতীয়াকৈ ৰাখিব লাগিব যিখিনিক বেংকটোৱে কেৱল জমাকাৰীসকলক প্ৰদানৰ বাবেহে সংশোধিত নিৰ্দেশ অনুযায়ী ব্যৱহাৰ কৰিব।“

অধিকন্তু, শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিকক জাৰি কৰা দিনাংক ১ এপ্ৰিল,২০১৩ নিৰ্দেশটোৰ সম্প্ৰসাৰিত অবধি, ৰাজহুৱা স্বাৰ্থত অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰাটো আৱশ্যক বুলি ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে। তদনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৫৬ সমন্বিত পঠিত ধাৰা ৩৫কৰ উপ-ধাৰা(১)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে দিনাংক ১ এপ্ৰিল, ২০১৩ নিৰ্দেশটো, যাৰ বৈধতা শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিকৰ ক্ষেত্ৰত ২৯ মাৰ্চ, ২০১৭লৈকে বাহাল আছিল, এতিয়া বেংকটোৰ ক্ষেত্ৰত ৩০ মাৰ্চ,২০১৭ৰ পৰা ২৯ ছেপ্তেম্বৰ,২০১৭ পৰ্যন্ত অধিকতৰ ছমাহ অবধিৰ বাবে পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰা হ’ল।

বেংকটোৰ পুনৰুত্থান প্ৰক্ৰিয়াত সহায়ক হিচাপে, দিনাংক ২৪ মাৰ্চ, ২০১৭ৰ আদেশটোত বান্ধি দিয়া চৰ্ত আৰু চৰ্তাৱলী সাপেক্ষে, বেংকটোক নিয়মীয়া আৰু সুৰক্ষিত কেশ্ব-ক্ৰেডিট একাউণ্টবোৰ নবীকৰণ কৰিবলৈ, জমাৰ বিপৰীতে ঋণ ঘূৰাই লবলৈ আৰু নতুন সভ্যভূক্তি কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ল।

উল্লেখিত নিৰ্দেশটোৰ অন্যান্য চৰ্তাৱলী আৰু স্বৰ্তসমূহ অপৰিৱৰ্তিত থাকিব।

ওপৰোক্ত সম্প্ৰসাৰণ আৰু সালসলনি সন্নিৱিষ্ট দিনাংক ২৪ মাৰ্চ,২০১৭ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়াৰ বাবে বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপৰিউক্ত সম্প্ৰসাৰণ আৰু/অথবা সালসলনিক, বেংকটোৰ বিত্তীয় অৱস্থাত পৰ্যাপ্ত উন্নতিত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে বুলি আপাতঃদৃষ্টিত ধৰি লব নালাগে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬১৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?