RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78486264

বেংকিং বিনিয়ম আইন (এ এ চি এছ)ৰ ধাৰা ৩৫ক-ৰ অন্তৰ্গত নিৰ্দেশনা- দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰা (ৰাজস্থান)

১০ মাৰ্চ, ২০১৭

বেংকিং বিনিয়ম আইন (এ এ চি এছ)ৰ ধাৰা ৩৫ক-ৰ অন্তৰ্গত নিৰ্দেশনা- দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰা (ৰাজস্থান)

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰাইজৰ জ্ঞাতাৰ্থে সূচনা দিয়ে যে, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ উপধাৰা(১) সহিতে পঠিত বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আয়ে) দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰাক কেইটামান নিৰ্দেশনা জাৰি কৰিছে, যাৰ দ্বাৰা ৯ মাৰ্চ, ২০১৭ত ব্যৱসায় সাৰমণিৰ পৰা উক্ত বেংকটোৱে আৰ বি আইৰ লিখিত অনুমোদন অবিহনে কোনো ঋণ বা অগ্ৰিম মঞ্জুৰ বা নবীকৰণ নকৰিব, কোনো বিনিয়োগ নকৰিব, পুঁজিৰ ধাৰ আৰু কোনো জমা গ্ৰহণকে ধৰি কোনো দেয়তা নলব, ইয়াৰ দেয়তা আৰু অনিবাৰ্যতা বা অন্য ধৰণৰ নিস্পাদন হেতু ব্যয় বা ব্যয়ৰ সন্মতি নিদিব, কোনো আপোচ বা যোগাৰত নোসোমাব আৰু দিনাংক ৭ মাৰ্চ, ২০১৭ৰ আৰ বি আইৰ নিৰ্দেশনাত সূচিতৰ বাদে ইয়াৰ কোনো সা-সম্পত্তি বা সম্পদ বিক্ৰী, হস্তান্তৰ বা অন্য ধৰণৰ নিস্পত্তি নকৰিব, যাৰ এটা প্ৰতিলিপি আগ্ৰহী ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে। বিশেষতঃ প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা চলিত একাউণ্ট বা অন্য কোনো জমা একাউণ্টৰ মুঠ উদ্ধৃত্তৰ পৰা, ওপৰৰ আৰ বি আইৰ নিৰ্দেশনাবোৰত উল্লেখিত চৰ্ত সাপেক্ষে ১০০০ টকা (এহেজাৰ টকা মাত্ৰ)ৰ অধিক নোহোৱা ৰাশি উলিয়াবলৈ অনুমতি দিব পাৰে।

ওপৰোক্ত নিৰ্দেশনাবোৰৰ জাৰিক আৰ বি আইৰ দ্বাৰা বেংকিং অনুজ্ঞাপত্ৰ বাতিলকৰণ বুলি আপাতদৃষ্টিত ধৰি লব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় অৱস্থা উন্নত হোৱালৈকে সীমাবদ্ধতাৰ ভিতৰত ইয়াৰ বেংকিং ব্যৱসায় চলাই থাকিব। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশনাবোৰৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪২৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?