RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78475046

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫ কৰ অধীনত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

৬ ফেব্ৰুৱাৰী, ২০১৭

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫ কৰ অধীনত নিৰ্দেশনা –
দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ, ২৬ জুন, ২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা, দিনাংক ২৪ জুন, ২০১৫ৰ নিৰ্দেশযোগে নিৰ্দেশনাধীন কৰা হৈছিল। পৰৱৰ্ত্তী নিৰ্দেশসমূহযোগে নিৰ্দেশনাটোৰ বৈধতা সময়ে সময়ে সম্প্ৰসাৰিত কৰি অহা হৈছিল যাৰ শেহৰটো আদেশ আছিল ২২ ছেপ্টেম্বৰ, ২০১৬ৰ আৰু পুনৰীক্ষণ সাপেক্ষে বৰ্তমানে ২৫ মাৰ্চ, ২০১৫লৈকে ই বৈধ হৈ আছে।

ৰাইজক ইয়াৰ দ্বাৰা জ্ঞাপন কৰা হ’ল যে সময়ে সময়ে সালসলনি ঘটাই অহা ২৪ জুন, ২০১৫ত তেনেকৈ আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনাবোৰ আমাৰ দিনাংক ৩১ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশযোগে আংশিকভাৱে সালসলনি ঘটোৱা হৈছে আৰু পুনৰীক্ষণ সাপেক্ষে, ২৫ মাৰ্চ, ২০১৭ পৰ্যন্ত বেংকটোত প্ৰযোজ্য হৈ থাকিব। সালসলনিবোৰ নিম্নোক্ত ধৰণৰঃ

ক. বেংকটোক জমাৰ বিপৰীতে ঋণ ঘূৰাই লোৱাৰ অনুমতি দিয়া হৈছে, যদিহে ঋণীৰ সৈতে সম্পাদিত কৰা ঋণ চুক্তিত এই দিহা থাকে যে তেওঁৰ নিৰ্দিষ্ট জমা একাউণ্টত (যি নামেৰেই হওক) থকা ৰাশিক, তেওঁৰ ঋণ একাউণ্টলৈ অভিগ্ৰহণ/সমাযোজন লব পাৰিব; এনে অভিগ্ৰহণ/সমাযোজন সাধন, ঋণ একাউণ্টত বকেয়া উদ্ধৃত পৰ্যন্ত কৰিব পাৰিব নিম্নোক্ত অতিৰিক্ত চৰ্তসমূহ সাপেক্ষে-

১. সমাযোজন সাধন লোৱাৰ তাৰিখত একাউণ্টবোৰ কেৱাইচি সন্মত হ’ব লাগিব।

২. অন্তৰ্ভুক্ত কিন্তু গেৰাণ্টৰ/জামিনদাৰত সীমাবদ্ধ নোহোৱা তৃতীয় পক্ষৰ দ্বাৰা ধাৰণ কৰা জমাবোৰ সমাযোজন লোৱাৰ অনুমতি নাই।

৩. সাধাৰণতে ঋণ ঘূৰাই লোৱাত অধিক বিলম্বনৰ ফলত এনপিএ হ’বগৈ পৰা ঘটনাবোৰত জমাকাৰীক বিহিত জাননী দি/তেওঁৰ অনুমতি লৈহে এই বিকল্প সাব্যস্ত কৰিব। মানস্বৰূপ ঋণবোৰ (নিয়মীয়া পৰিচৰ্যা হৈ থকা) ঘূৰাই লোৱাৰ বাবে আৰু ঋণ চুক্তিৰ চৰ্তাৱলীৰ কোনো বিসঙ্গতিৰ বাবে লিখিত অনুমতি আৱশ্যক হ’ব।

৪. জমা বা ইয়াৰ ঘূৰাই লোৱা ৰাশি আইনৰ আদালত বা বিধিবদ্ধ কৰ্তৃপক্ষৰ ক্ৰোক আদেশ/বাৰণ আদেশৰ দৰে কোনো নিষেধাজ্ঞাৰ অধীন নোহোৱা, ৰাজ্যিক সমবায় সমিতি আইন আদিৰ উপবন্ধৰ অন্তৰ্গত আমানতৰ ধন, বিশ্বাসৰ দায়বদ্ধতা, তৃতীয় পক্ষৰ বন্ধকী হ’ব নালাগিব।

ওপৰোক্ত সালসলনি জ্ঞাপন কৰি দিনাংক ৩১ জানুৱাৰী, ২০১৭ত জাৰি কৰা নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ওপৰোক্ত সালসলনিক, বেংকটোৰ বিত্তীয় পৰিস্থিতিত যথেষ্ট উন্নতিত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে বুলি আপাতঃদৃষ্টিত ধৰি ল’ব নালাগে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১০২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?