RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78495746

ড.উৰ্জিত আৰ পেটেলদেৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিছে

চেপ্তেম্বৰ ০৫,২০১৬

ড.উৰ্জিত আৰ পেটেলদেৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিছে

ড. উৰ্জিত আৰ পেটেলদেৱে ৪ চেপ্তেম্বৰ ২০১৬ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গৱৰ্ণৰ স্বৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেখেতে জানুৱাৰী ২০১৩ চনৰ পৰা ডেপুটি গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তিনিবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱাৰ পিচত ১১ জানুৱাৰী, ২০১৬ তাৰিখে সেই পদতে পুণৰ নিযুক্তি লাভ কৰিছিল। ডেপুটি গৱৰ্ণৰ হিচাপে কৰা উল্লেখযোগ্য কাৰ্যসমূহৰ ভিতৰত ড. পেটেলদেৱে মুদ্ৰা নীতিৰ কঠামু পুণৰীক্ষণ আৰু সাৱলীকৰণৰ উদ্দেশ্যে গঠিত বিশেষজ্ঞ কমিটিৰ অধ্যক্ষতা কৰিছিল । ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি তেখেতে ব্ৰিক্স (BRICS) ৰাষ্ট্ৰসমূহৰ সৈতে আন্ত: চৰকাৰী বুজাবুজি আৰু আন্ত: কেন্দ্ৰীয় বেংক চুক্তিত (ICBA) স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল যাৰ ফলস্বৰূপে এটি স্বাপ লাইনৰ (Swap Line) জৰিয়তে আকস্মিক আৰক্ষণ ব্যৱস্থা (CRA) সেই ৰাষ্ট্ৰসমূহৰ কেন্দ্ৰীয় বেংকৰ মাজত স্থাপিত হয়।

ড. পেটেলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিতো সেৱা আগবঢাইছিল । ইং ১৯৯৬-১৯৯৭ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকত ডেপুটেচনত আছিল আৰু সেই পদত থাকোঁতে ঋণ বজাৰৰ উন্নয়ন, বেংকিং খণ্ডৰ সংস্কাৰ, পেন্ছন নিধিৰ সংস্কাৰ আৰু বিদেশী বিনিময় বজাৰৰ বিবর্তন সন্দৰ্ভত পৰামৰ্শ আগবঢাইছিল| ইং ১৯৯৮-২০০১ চনত ভাৰত চৰকাৰৰ অধীনস্থ বিত্ত মন্ত্ৰালয়ত(অৰ্থনীতি পৰিক্ৰমা বিভাগ)তেখেত পৰামৰ্শদাতা আছিল। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত তেখেতে অন্যান্য দায়িত্বও বহন কৰিছিল।

প্ৰত্যক্ষ কৰৰ ওপৰত গঠিত কৰ্মবাহিনী (কেলকাৰ কমিটি), অসামৰিক আৰু সামৰিক সেৱাৰ পেন্ছন ব্যৱস্থাৰ পুনৰীক্ষণ কৰাৰ বাবে উচ্চস্তৰীয় দক্ষ বাহিনী, প্ৰধানমন্ত্ৰীৰ পৰিকাঠামোৰ ওপৰত গঠিত কৰ্মবাহিনী, দুৰসন্চাৰ বিষয়ক মন্ত্ৰীগোঠ, অসামৰিক বিমান পৰিবহন সংস্কাৰ কমিটি আৰু ৰাজ্যিক বিজুলী বোৰ্ডসমুহৰ ওপৰত গঠিত শক্তি-মন্ত্ৰালয়ৰ দক্ষ বাহিনীকে আদি কৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় কমিটিবোৰৰ লগত তেখেতে ঘণিষ্ঠ ভাবে কাম কৰিছে।

ড. পেটেলে ভাৰতীয় সামষ্টিক অর্থনীতি, মুদ্ৰা-নীতি, ৰাজস্ব বিজ্ঞান, ভাৰতীয় বিত্তীয় খণ্ড, আন্তর্জাতিক বাণিজ্য আৰু নিয়ন্ত্রন অর্থনীতিৰ ওপৰত ভালে সংখ্যক লিখনি প্ৰকাশ কৰিছে।

ড. পেটেল য়েল বিশ্ববিদ্যালয়ৰ অর্থনীতিৰ ডক্টৰেট, অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এম.ফিল. আৰু লন্ডন বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক।

আল্পনা কিল্লাৱালা
মুখ্য পৰামৰ্শদাতা

প্ৰেছ প্ৰকাশনী :- ২০১৬-২০১৭/৫৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?