ড০ বিৰাল ভি. আচাৰ্যক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ নিযুক্তি
২৮ ডিচেম্বৰ,২০১৬ ড০ বিৰাল ভি. আচাৰ্যক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ নিযুক্তি কেন্দ্ৰীয় চৰকাৰে অধিসূচনা এফ নং ৭/১/২০১২-বিঅ-১ (পিটি) তাৰিখ ২৮ ডিচেম্বৰ, ২০১৬ যোগে বৰ্তমান অৰ্থনীতিৰ চি ভি ষ্টাৰ অধ্যাপক, বিত্ত বিভাগ, নিউয়ৰ্ক বিশ্ববিদ্যালয় – ষ্টাৰ্ণ স্কুল অব বিজিনেছ, ড০ বিৰাল ভি. আচাৰ্যক কাৰ্যভাৰ গ্ৰহণৰ তাৰিখৰ পৰা তিনি বছৰীয়া কাৰ্যকালৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তি দিছে। ড০ আচাৰ্যই ২০ জানুৱাৰী, ২০১৭ত যোগদান কৰিব। ডেপুটী গৱৰ্ণৰ হিচাপে ড০ আচাৰ্যই মৌদ্ৰিক নীতি আৰু গৱেষণা গুচ্ছৰ কাম-কাজ চোৱাচিতা কৰিব। জছ জে কাট্টুৰ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৬৮৫ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: