RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506734

এম এছ এম ই খণ্ডৰ যথাবিধিকৰণত উদগণি

আৰবিআই/২০১৭-১৮/১৮৬
ডিবিআৰ.নং.বিপি.বিচি.নং১০৮/২১.০৪.০৪৮/২০১৭-১৮

৬ জুন, ২০১৮

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা বিনিয়মিত সকলো বেংক আৰু এন বি এফ চি

মহাশয়/মহাশয়া,

এম এছ এম ই খণ্ডৰ যথাবিধিকৰণত উদগণি

অনুগ্ৰহ কৰি Circular DBR.No.BP.BC.100/21.04.048/2017-18 dated February 07,2018ৰ সন্দৰ্ভলৈ আহে যেন।

২. নিবেশ আকলন সংযোজনা আৰু আনুসঙ্গিক আনুগত্যৰ গ্ৰাহ্যতাৰে বেংক আৰু এন বি এফ চিবোৰক ১৮০ দিনৰ পাওনা নিৰ্ণায়ক মান অনুযায়ী, মানবিশিষ্ট সম্পদ হিচাপে জি এছ টিৰ অন্তৰ্গত পঞ্জীভুক্ত নোহোৱাবোৰকে ধৰি সকলো এম এছ এম ইলৈ সিবিলাকৰ উন্মোচন বৰ্গীকৰণ কৰিবলৈ সাময়িকভাৱে অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হৈছে, নিম্নোল্লেখিত চৰ্ত সাপেক্ষে-

১. ৩১ মে, ২০১৮ত, ঋণ গ্ৰাহকলৈ বেংক আৰু এন বি এফ চিবোৰৰ অনা-পুঁজি ভিত্তিক সুবিধাবোৰকে ধৰি মুঠ উন্মোচন ২৫০ নিযুত টকা অতিক্ৰম নকৰা।

২. ঋণ গ্ৰাহকৰ একাউণ্ট ৩১ আগষ্ট, ২০১৭ত মানবিশিষ্ট থকা।

৩. ঋণ গ্ৰাহকৰ পৰা পাওনা ১ ছেপ্তেম্বৰ, ২০১৭ আৰু তাৰ পাছত ৩১ ডিচেম্বৰ, ২০১৮লৈকে পাওনা হৈ থকা প্ৰদানবোৰ, মূল পাওনা তাৰিখৰ ১৮০ দিনৰ পাছত নোহোৱাকৈ প্ৰদত্ত হোৱা।

৪. ১ জানুৱাৰী, ২০১৯ৰ আগলৈ জি এছ টি পঞ্জীভুক্ত এম এছ এম ইৰ দ্বাৰা প্ৰদান কৰিবলগীয়া পাওনাৰ ক্ষেত্ৰত ১৮০ দিন অতীত পাওনা নিৰ্ণায়ক মানক Annex ত দিয়া মতে পৰ্যায়ক্ৰমে বৰ্তমানে প্ৰচলিত আই আৰ এ চি ৰীতিত বিন্যাস মান হব। অৱশ্যে, ৩১ ডিচেম্বৰ, ২০১৮লৈ জি এছ টিৰ অন্তৰ্গত পঞ্জীভুক্ত নোহোৱা এম এছ এম ইবোৰৰ বাবে ১ জানুৱাৰী, ২০১৯ৰ আগলৈ প্ৰদেয় হৈ থকা পাওনাৰ ক্ষেত্ৰত সম্পদ বৰ্গীকৰণক তত্কালে বৰ্তমানে প্ৰচলিত আই আৰ এ চি ৰীতিলৈ ওলোটাই অনা হব।

৫. চাৰ্কুলাৰ দিনাংক ৭ ফেব্ৰুৱাৰী, ২০১৮ৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্ত্তিত থাকিব।

আপোনাৰ বিশ্বাসী,

(সৌৰভ সিনহা)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক


Annex

অবধিটো যিটোত কোনো প্ৰদান দেয় হৈ পৰে অনুমতিপ্ৰাপ্ত সময়
ছেপ্তেম্বৰ ১, ২০১৭-ডিচেম্বৰ ৩১, ২০১৮ ১৮০ দিন
জানুৱাৰী ১, ২০১৯-ফেব্ৰুৱাৰী ২৮, ২০১৯ ১৫০ দিন
মাৰ্চ, ২০১৯-এপ্ৰিল ৩০, ২০১৯ ১২০ দিন
মে ১, ২০১৯ৰ আগলৈ ৯০ দিন

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?