যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা অনুযায়ী নোট বিনিময় কৰিবলৈ ৰাইজক আহ্বান জনাইছে
১১ নৱেম্বৰ, ২০১৬ যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি জাৰি কৰা এক বিবৃতিত কয় যে ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি নতুন ২০০০ টকীয়া আৰু অন্যান্য মুদ্ৰাবৰ্গৰ নোট বিতৰণৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংকবোৰৰ হাতত পৰ্যাপ্ত নোট জমা আছে আৰু দেশৰ সকলো ঠাইতে পোৱাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংক শাখাবোৰ ইতিমধ্যে ১০ নৱেম্বৰ,২০১৬ৰ পৰাই নোটৰ বিনিময় আৰম্ভ কৰিছে। আৰ বি আই বিভক্তিটোত উল্লেখ কৰা মতে, সকলো এটিএম ৰিকেলিব্লেটৰ দিহা কৰা হৈছে আৰু এই কাম হোৱাৰ লগে লগে ৰাইজে ১৮ নৱেম্বৰলৈকে প্ৰতি কাৰ্ডত প্ৰতি দিনে ২০০০ টকা এটিএমৰ পৰা উলিয়াব পাৰিব; আৰু তাৰ পাছত এই সীমা ৪০০০ টকালৈকে বঢ়োৱা হব। আজি পুৱাৰে পৰা বিভিন্ন এটিএম কাৰ্যক্ষম হৈছে আৰু পোনতে ২০০০ টকাকৈ দিব পৰাকৈ বেংকবোৰে এটিএমবোৰ সাজু কৰি তুলিব। প্ৰত্যাহাৰ কৰা ৫০০ টকীয়া আৰু ২০০০ টকীয়া বেংকনোটবোৰ বিনিময়ৰ কাৰণে ৫০ দিনৰ সুবিধা দিয়া আছে। ৰিজাৰ্ভ বেংকে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু ৩০ ডিচেম্বৰ,২০১৬ৰ আগতে যিকোনো সময়ত নিজৰ সুবিধা মতে পুৰণি নোটবোৰ বিনিময় কৰিবলৈ আহ্বান জনাইছে। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৮২ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: