RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493248

বিদেশী নাগৰিকসকললৈ বিনিময় সুবিধা

আৰ বি আই/২০১৬-১৭/২০৮
এ.পি. (ডি আই আৰ শৃংখলা) চাৰ্কুলাৰ নং ২৪

৩ জানুৱাৰী ২০১৭

প্ৰতি,

সকলো কৰ্তৃত্বশীল ব্যক্তি

মহাশয়া/মহাশয়,

বিদেশী নাগৰিকসকললৈ বিনিময় সুবিধা

বিদেশী নাগৰিকসকলক ১৫ ডিচেম্বৰ, ২০১৬লৈকে প্ৰতি সপ্তাহত ৫০০০ টকাৰ সীমাৰে ভাৰতীয় পত্ৰমুদ্ৰাৰে বিদেশী বিনিময়যোগ্য মুদ্ৰা বিনিময় কৰিবলৈ অনুমতি দিয়া A.P.(DIR Series) Circular No.20 dated November 25, 2016 আৰু A.P. (DIR Series) Circular No.22 dated December 16, 2016 দিনাংক ৩১ ডিচেম্বৰ, ২০১৬ যোগে কৰা সম্প্ৰসাৰণৰ প্ৰতি কৰ্তৃত্বশীল ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰা হল।

২. পৰ্যালোচনা কৰি সিদ্ধান্ত লোৱা হল যে A.P.(DIR Series) Circular No.20 dated November 25, 2016 ত দিয়া নিৰ্দেশাৱলী ৩১ জানুৱাৰী, ২০১৭লৈ বাহাল থাকিব।

৩. কৰ্তৃত্বশীল ব্যক্তিসকলে ওপৰৰ নিৰ্দেশাৱলী অনুসৰণ কৰিব আৰু ইয়াৰ বিষয়বস্তু তেওঁলোকৰ নিয়োজকসকলৰ দৃষ্টিগোচৰ কৰিব।

৪. এই চাৰ্কুলাৰত সন্নিৱিষ্ট নিৰ্দেশাৱলী বিদেশী বিনিময় ব্যৱস্থাপনা আইন, ১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা ১০(৪) আৰু ধাৰা ১১(১) অধীনত জাৰি কৰা হৈছে আৰু অন্যান্য আইনৰ অধীনত আৱশ্যক হব পৰা অনুমতি/অনুমোদনৰ হীন-দেঢ়ি অবিহনে কৰা হৈছে।

আপোনাৰ বিশ্বাসী,

(শেখৰ ভাটনগৰ)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?