বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫(ক)ৰ অধীনত নিৰ্& - আৰবিআই - Reserve Bank of India
বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫(ক)ৰ অধীনত নিৰ্দেশাৱলীৰ সম্প্ৰসাৰণ (এএচিএছ) আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰ
১ অক্টোবৰ, ২০১৬ বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫(ক)ৰ অধীনত নিৰ্দেশাৱলীৰ সম্প্ৰসাৰণ (এএচিএছ) আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰ আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰক, বেংকিং বিনিয়ম আইন,১৯৪৯ (এএচিএছ)ৰ অধীনত নিৰ্দেশ নং ডিচিবিএছ.চিঅ.বিএছডি-১ নং দি-১৯/১২.২২.৩২৮/২০১৫-১৬, দিনাংক ২৮ ছেপ্টেম্বৰ,২০১৫যোগে ৩০ ছেপ্টেম্বৰ,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহ অবধিৰ বাবে নিৰ্দেশাধীন কৰা হয়। উক্ত নিৰ্দেশৰ বৈধতা ২৯ মাৰ্চ,২০১৬ৰ নিৰ্দেশ মতে ছমাহৰ বাবে সম্প্ৰসাৰিত কৰা হয়। ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰাক ২৮ ছেপ্টেম্বৰ,২০১৫ তাৰিখে জাৰি কৰা উক্ত নিৰ্দেশ, ২৯ মাৰ্চ,২০১৬ তাৰিখৰ নিৰ্দেশৰ সৈতে ৩০ মাৰ্চ,২০১৭ পৰ্যন্ত আৰু ছমাহ অবধিৰ বাবে নিৰ্দেশ নং ডিচিবিআৰ.চিঅ.এআইডি/ডি-০৮/১২.২২.৩২৮/২০১৫-১৬ দিনাংক ২৮ ছেপ্টেম্বৰ,২০১৬ সংশোধিত নিৰ্দেশমতে, পৰ্যালোচনা সাপেক্ষে বলবত্ হৈ থাকিব। উল্লেখিত নিৰ্দেশৰ অন্য চৰ্তাৱলী অপৰিবৰ্তিত থাকিব। ২৮ ছেপ্টেম্বৰ,২০১৬ দিনাংকৰ নিৰ্দেশ ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উক্ত সংশোধিত ব্যৱস্থাক, বেংকটোৰ বিত্তীয় অৱস্থা যথেষ্ট সন্তোষজনক হোৱাটো সূচাইছে বুলি ধৰি লব নালাগিব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৮২৯ |