পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ ২০১৬-১৭ মৌদ্ৰিক নীতি কমিটী (এম পি চি) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰস্তাৱ
৭ ডিচেম্বৰ, ২০১৬ পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ ২০১৬-১৭ আজিৰ বৈঠকত চলিত আৰু উদ্ভুত্ স্থুল অৰ্থনৈতিক পৰিস্থিতি মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি কমিটী (এম পি চি)য়ে এনেদৰে কৰিবলৈ সিদ্ধান্ত লৈছে- নীতিগত ৰেপ’ হাৰ নগদী সমিলমিল সুবিধা (এল এ এফ)ৰ অধীনত ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখা হওক। পৰিণামস্বৰূপে ৰিভাৰ্ছ ৰেপ’ হাৰ এল এ এফৰ অধীনত ৫.৭৫ শতাংশত অপৰিৱৰ্তিত থাকিব আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ ৬.৭৫ত থাকিব। এম পি চিৰ সিদ্ধান্ত গ্ৰাহক মূল্য সূচাংক স্ফীতি (চি পি আই) ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকলৈ ৫ শতাংশত ৰখাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আৰু বিকাশ সমৰ্থক ২ শতাংশ কম-বেচিৰে ইয়াক ৪ শতাংশ মধ্যমাদী লক্ষ্যৰ বাবে লোৱা মৌদ্ৰিক নীতিৰ কৌশলৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত প্ৰধান বিবেচনাসমূহ তলৰ প্ৰবিৱৰণত উপস্থাপন কৰা হল- মূল্যায়ন ২. গোলকীয় বিকাশ প্ৰথমাৰ্দ্ধত দুৰ্বল হোৱাৰ পাছত দ্বিকতীয়াৰ্দ্ধত সংযতভাৱে উৰ্দ্ধমুখী হয়। উন্নত অৰ্থব্যৱস্থাবোৰ (এ ই)ত মাৰ্কিন যুক্তৰাষ্ট্ৰত উৰ্দ্ধমুখী প্ৰৱণতাৰে ইতঃস্ততভাৱে উন্নত হবলৈ লয়। উদীয়মান বজাৰ অৰ্থনীতিসমূহত (ই এম ই) বিকাশ মজলীয়া হয় যদিও চীনৰ নীতিগত উত্তেজক আৰু বৃহত্ সামগ্ৰী ৰপ্তানিকৰণৰ চাপ হ্ৰাস পোৱাৰ গতি ক্ষীপ্ৰ হয়। বিশ্ব বাণিজ্য জুলাই-আগষ্টত নিম্নগামী হোৱাৰ পৰা উন্নীত হৈ সুস্থিৰতাৰ প্ৰৱণতা লয়। কেতবোৰ এ-ইত মুদ্ৰাস্ফীতি লক্ষ্যৰ বহু তলত থাকে আৰু ই-এম-ইবোৰত সহজ হবলৈ লয়। ইউৰো অঞ্চল আৰু যুক্তৰাজ্যৰ অদ্যাপি অব্যাহত ৰাজনৈতিক বিপদশংকা, উন্নীত ভূ-ৰাজনৈতিক বিপদশংকা আৰু বিত্তীয় বজাৰৰ অস্থিৰতাই মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আৰু চীনৰ বিত্তীয় নীতি আৰু ই-এম-ইৰ নিম্নমুখী চাপ লাঘৱ প্ৰক্ৰিয়া প্ৰভাৱিত কৰিছে। ৩. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলে আন্তৰ্জাতিক বিত্তীয় বজাৰ প্ৰভাৱিত কৰিছে আৰু প্ৰাপ্ত তথ্যই ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা মৌদ্ৰিক নীতি কঠোৰ হোৱাৰ আভাস দিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইকুইটীত বিপদশংকাৰ কাৰকতাই ই-এম-ইবিলাকৰ পৰা মূলধনৰ বহিৰ্গমন ঘটাই সেইবিলাকৰ মুদ্ৰা তথা ইকুইটী বজাৰলৈ সংকট চপায়। নিৰ্বাচনী ফলাফলৰ পাছত মাৰ্কিন ডলাৰৰ উৰ্দ্ধগতিয়ে বিশ্বজুৰি মুদ্ৰামূল্য অৱনমিত কৰিছে। মাৰ্কিন নিৰ্বাচনী ফলাফলৰ পাছত ডলাৰৰ ওচৰত সোণে সেও মনাত সোণৰ বাদে সামগ্ৰী বজাৰত চাহিদা বৃদ্ধি পাবলৈ লয়। উত্পাদন কৰ্তন কৰিবলৈ অনেকে লোৱা সিদ্ধান্তৰ বাবে খাৰুৱা তেলৰ মূল্য দৃঢ়মুখী হৈছে। ৪. ঘৰুৱা দিশৰ ঔদ্যোগিক কাৰ্যকলাপ আশা সবাতোকৈ অধিক মন্থৰ হোৱাত ২০১৬-১৭ৰ দ্বিতীয় ত্ৰিমাসিকৰ প্ৰকৃত মুঠ মুল্য সংযোজনৰ বিকাশ লক্ষ্যতকৈ তলত ৰয়। দুৰ্বল চাহিদা অৱস্থা আৰু উত্পাদন ব্যয় বৃদ্ধিয়ে কোম্পানী খণ্ডক নিৰূত্সাহিত কৰাত প্ৰস্তুতকাৰক কাৰ্যকলাপ মন্থৰ হৈ আহে। মুঠ মূলধনী গঠন তৃতীয় দ্বিমাসিক সংকুচিত হয়। চৰকাৰী অন্তিম ভোগ ব্যয় হ্ৰাস পালেও ই বেচৰকাৰী অন্তিম ভোগ ব্যয় পুষ্ট কৰে। ৰপ্তানি কাৰ্যকলাপ ধনাত্মক হয় যদিও তুলনামূলকভাৱে আমদানি সংকুচিত হয়। ৫. তৃতীয় ত্ৰিমাসিকৰ ক্ষেত্ৰত নিৰ্দিষ্ট বেংকনোট (এছ বি এন) প্ৰত্যাহাৰান্তিক পৰিস্থিতিয়ে মূল্যায়ন ধূসৰ কৰিছে বুলি কমিটীয়ে অনুভৱ কৰে। এবছৰ আগৰ তুলনাত প্ৰধান ৰবি শস্যসমূহৰ উত্পাদন দ্বিতীয় ত্ৰিমাসিকৰ উন্নত কৃষি অৱস্থামুখী হবগৈ লাগে। ইয়াৰ বিপৰীতে ঔদ্যোগিক কাৰ্যকলাপ দুৰ্বল হয়। ঔদ্যোগিক উত্পাদন সূচাংকত মুখ্য উদ্যোগসমূহৰ ভিতৰত কয়লাৰ উত্পাদন চাহিদা হ্ৰাস পোৱা হেতুকে অক্টোবৰত সংকুচিত হয় আৰু গাঁথনিগত আহুকালৰ বাবে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উত্পাদন হ্ৰাস পায়। চিমেণ্ট, সাৰ আৰু বিদ্যুতৰ নিম্নগামী উত্পাদনে অন্তৰ্নিহিত অৰ্থনৈতিক কাৰ্যকালপক প্ৰতিফলিত কৰে। তীখাৰ উত্পাদন ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হয় আৰু শোধনাগাৰৰ উত্পাদনো দ্ৰুতগামী হৈ থাকে। এছ বি এন প্ৰত্যাহাৰে মজুৰি প্ৰদান আৰু কেঁচা মাল ক্ৰয় বিঘ্নিত কৰাত নৱেম্বৰ-ডিচেম্বৰত ঔদ্যোগিক কাৰ্যকলাপৰ কোনো কোনো অংশক সাময়িকভাৱে প্ৰভাৱিত কৰিব পাৰে যদিও বা বিস্তৃত মূল্যায়ন সম্পূৰ্ণ হোৱা নাই। সেৱা খণ্ডত নিৰ্মাণ, কাৰবাৰ, পৰিবহন, হোটেল আৰু যোগাযোগ, উদ্যোগ এছ-বি-এনে সাময়িকবাৱে বিঘ্নিত কৰে যদিও সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ, এক ৰেংক এক পেন্সন (অ আৰ অ পি) ব্যৱস্থা পৰিৱৰ্তনে প্ৰতিৰক্ষা, ৰাজহুৱা প্ৰশাসন আৰু অন্যান্য সেৱাসমূহ স্বচ্ছল কৰি ৰাখিব। নিম্নব্যয়ী জমালৈ বৃহত্ পৰিমাণৰ অন্তঃশ্ৰোতে বিত্তীয় সেৱাসমূহক হ্ৰস্বকালীন উত্সাহ দিয়াৰ সম্ভাৱনা আছে। ৬. শীৰ্ষ গ্ৰাহক মূল্য সূচাংকৰে পৰিমাপিত খুচুৰা স্ফীতি একেৰাহে তৃ-তীয় মাহলৈ অক্টোবৰত শাক-পাচলিৰ মূল্য ডাটাই সহজ কৰি ৰাখে। অৱশ্যে মাহে মাহে সামগ্ৰিকভাৱে মূল্য পৰিস্থিতি গতিশীল হৈ আছে। দানাদাৰ শস্য, মাহজাতীয় শস্য, সংসাধিত খাদ্যৰ লগতে চেনীৰ বৰ্দ্ধিত মূল্যই খাদ্যমূল্য গতিশীল কৰাত খাদ্য মুদ্ৰাস্ফীতি আংশিকভাৱে শিথিল কৰে। ইন্ধন শ্ৰেণীত, বাৰ্ষিক ভিত্তিত এল-পি-জিৰ মূল্য হ্ৰাস আৰু এমাহ আগৰ পৰা বিদ্যুত্ মূল্যৰ অৱনতিয়ে স্ফীতি সহজ কৰি তোলে। স্বাস্থ্য, শিক্ষা, চিকিত্সাৰ লগতে পৰিবহন আৰু যোগাযোগ সেৱাৰ বৃদ্ধিয়ে এই শ্ৰেণীটোৰ স্ফীতি আঠালেটীয়া কৰে। ৭. নগদী অৱস্থা তৃতীয় ত্ৰিমাসিক অদ্যপৰিমিত বৃহত্ পৰিৱৰ্তনমুখী হৈ আছে। অক্টোবৰ আৰু প্ৰাৰম্ভিক নৱেম্বৰত ৰাহি অৱস্থাক ৯ নৱেম্বৰৰ পৰা এছ-বি-এন প্ৰত্যাহাৰে সম্প্ৰসাৰিত কৰে। প্ৰচলনৰত মুদ্ৰা ২ ডিচেম্বৰলৈ ৭.৪ ত্ৰিলিয়ন টকা হ্ৰাস পোৱাত বেংকিং প্ৰণালীলৈ শুদ্ধ বদলি, জমাৰ বৃহত্ বৃদ্ধিয়ে অতিৰিক্ত আৰক্ষণ চমকপ্ৰদভাৱে বৃদ্ধি কৰে। ৰিজাৰ্ভ বেংকে ইয়াৰ নগদী পৰিচালনা ত্বৰান্বিত কৰি ৫.২ ত্ৰিলিয়ন টকাৰ নগদী পোষণ কৰে। ৰিজাৰ্ভ বেংকে এল-এ-এফৰ অধীনত চৰকাৰে জাৰি কৰা অইল বণ্ডকযোগ্য প্ৰতিভূতি হবলৈ দিয়ে। প্ৰণালীৰ পৰা অতিৰিক্ত নগদী স্থিতি নিষ্কাশিত কৰাৰ সাময়িক ব্যৱস্থা হিচাপে ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পষেকটোৰ পৰা ১৬ ছেপ্টেম্বৰ,২০১৬ৰ পৰা ১১ নৱেম্বৰ,২০১৬ৰ মাহৰ শুদ্ধ চাহিদা আৰু কালীন দায়বদ্ধতা (এন-ডি-টি-এল)ত ক্ৰমবৰ্দ্ধমান ১০০ শতাংশ চি-আৰ-আৰ প্ৰয়োগ কৰে। নগদী পোষণৰ বাবে গৃহীত ব্যৱস্থাৰ পৰিণাম স্বৰূপে অৰ্থবজাৰ পৰিস্থিতি আটিল হৈ পৰে। ২৮ নবেম্বৰৰ পৰা তাৰল্য শোষণ নিম্নগামী হয় ৩.৩০ ট্ৰিলিয়ন টকাৰ পৰিৱৰ্তনশীল ৰিপো হাৰত নিলামী ব্যৱস্থা গ্ৰহণ কৰে । আশাকৰা মতে তাৰ পিছৰে পৰা মুদ্ৰা বজাৰ দৃঢ় হবলৈ ধৰে আৰু সেই দিনা ভৰযুক্ত গড় কল হাৰ (WACR) এল এ এফ (LAF) কৰিডৰৰ উৰ্দ্ধ সীমাত বেচা কিনা হয় আৰু তাৰ পিচত ৩০ নবেম্বৰত নীতিশীল ৰিপো হাৰলৈ নিম্নগামী হয় ।ম্যাদী অধিহাৰ স্বাভাৱিক অৱস্থালৈ অহাৰ লগতে অন্যান্য হাৰবোৰো সমান তালত দৃঢ় হবলৈ ধৰে। এই অধ্যায়ত সক্ৰীয় তাৰল্য ব্যৱস্থাপনাই ভৰযুক্ত গড় কল হাৰ (WACR) ক স্থিৰ বিপৰীত ৰিপো হাৰতকৈ নিম্নগামী কৰাৰ পৰা বিৰত ৰাখে যিটো এল এ এফ (LAF) ৰ নিম্নসীমা । ২৯ নবেম্বৰত তাৰল্য ব্যৱস্থাপনাই বজাৰ সুস্থিৰতা আচঁনি (MSS) ৰ অধীনত প্ৰতিভূতিৰ সীমা ০.০৩ ট্ৰিলিয়ন টকাৰ পৰা ৬ ট্ৰিলিয়ন টকালৈ বৃদ্ধি কৰে।৬ ডিচেম্বৰ,২০১৬লৈ এম -এছ-এছৰ অধীনত নগদ ব্যৱস্থাপনা বিলৰ তিনিবাৰ জাৰি কৰা হয়। ৮. পৰৰাষ্ট্ৰ খণ্ডত, ভাৰতৰ পণ্য ৰপ্তানি ছেপ্টেম্বৰ-অক্টোবৰত পুনৰ উত্সাহিত হয়। ২২ মাহজোৰা অৱনতিৰ পাছত সোণ আমদানিৰ আকাৰ বৃদ্ধিৰে অক্টোবৰত আমদানি উৰ্ধমুখী হয়। ৭ মাহৰ পাছত অনা-তৈল আৰু অনা-স্বৰ্ণ আমদানি বৃদ্ধি ধনাত্মক হয়। এবছৰ আগৰ তুলনাত এপ্ৰিল-অক্টোবৰ সময়ছোৱাত পণ্য বাণিজ্য ঘাটি ২৫ বিলিয়ন মাৰ্কিন ডলাৰ কম হয়। কাৰেণ্ট একাউণ্ট ঘাটিও মুক হৈ থকাৰ আশা আছে। শুদ্ধ বিদেশী প্ৰত্যক্ষ বিনিয়োগ যথেষ্ট বৃদ্ধি পোৱাত ইয়াৰ অৰ্ধাংশৰ অধিক ৰাশিয়ে প্ৰস্তুতকৰণ, যোগাযোগ আৰু বিত্তীয় সেৱা পুষ্ট কৰে। অক্টোবৰ-নৱেম্বৰত ৭.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰ্টফলীয় বিনিয়োগ বহিৰ্গমন ঘটে আৰু আমেৰিকাৰ নিৰ্বাচনী ফলাফলে দেশখনৰ মৌদ্ৰিক নীতিৰ সম্ভাৱ্য ৰূক্ষতাই ঘৰুৱা স্থিতি শক্তিশালী হোৱাৰ আভাস দিয়ে। ২ ডিচেম্বৰ,২০১৬ত বিদেশী বিনিময় আৰক্ষণৰ পৰ্যায় আছিল ৩৬৪ মিলিয়ন মাৰ্কিন ডলাৰ। ভৱিষ্যত সম্ভাৱনা ৯. কমিটীয়ে অক্টোবৰত সামগ্ৰিক স্ফীতি অনুকূল থকা সত্বেও কেইবাবিধো দ্ৰৱ্যৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিষয়টো বিবেচনা কৰে। কিছু যোগানবিঘিনি সত্বেও এছ বি এন প্ৰত্যাহাৰ হেতুকে নৱেম্বৰৰ আকস্মিক চাহিদা সংকোচনে পচনশীল সামগ্ৰীৰ মূল্য নিম্নগামী কৰিব পাৰে। আনহাতে ঘেঁহু, বুট আৰু চেনীৰ মূল্য দৃঢ়িভূত হৈছে। খাদ্য আৰু ইন্ধন বাদে সামগ্ৰী আৰু সেৱাত ঐচ্ছিক ব্যয় নগদ নাটনিৰ বাবে ক্ষতিগ্ৰস্ত হোৱাত এইবোৰ পণ্যৰ মূল্যই সাময়িক প্ৰভাৱবোৰ লাঘৱ কৰিব পাৰে। এইবিলাকে চি পি আইৰ ১৬ শতাংশ দখল কৰে। চি পি আইৰ ৩৮ শতাংশ অধিকাৰ কৰা আৱাস, ইন্ধন আৰু পোহৰ, স্বাস্থ্য, পৰিবহন আৰু যোগাযোগ, পান, ধঁপাত আৰু নিচাপ্ৰদায়ক দ্ৰৱ্য আৰু শিক্ষাৰ মূল্য বেছি ক্ষতিগ্ৰস্ত নোহোৱাকৈ থাকিব পাৰে। খাদ্যমূল্যৰ শীতকালীন স্বাভাৱিক শিথিলতা বিঘিনী হেতুকে নাহিলে খাদ্যমূল্য চাপ পুনৰ উম্বিত হবগৈ পাৰে। উত্পাদন কৰ্তন কৰিবলৈ অপেকে লোৱা ঐক্যমতে সমাগত মাহবোৰত খাৰুৱা তেলৰ মূল্য দৃঢ় কৰিবগৈ পাৰে। আমেৰিকাৰ সম্ভাৱ্য কঠোৰ মৌদ্ৰিক তথা বিত্তীয় নীতিকে ধৰি গোলকীয় ঘটনা প্ৰবাহে বিনিময় হ্ৰাস অস্থিৰ কৰি মুদ্ৰাস্ফীতিত অৰিহণা যোগাব পাৰে। এছ বি এন প্ৰত্যাহাৰে তৃতীয় ত্ৰিমাসিকত ১০-১৫ বেছিছ পইণ্ট পৰ্যন্ত স্ফীতি হ্ৰাস কৰিব পাৰে। এইবিলাক কাৰকলৈ চাই চতুৰ্থ ত্ৰিমাসিকত শীৰ্ষ স্ফীতি ৫ শতাংশত থাকিব বুলি অনুধাৱন কৰা হৈছে। অৱশ্যে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগোৰ অধীনত ঘৰভাৰা, বাচন বৃদ্ধিৰ প্ৰভাৱ নিৰূপণ কৰিবলৈ বাকী আছে আৰু বেছলাইন স্ফীতি পাথত (সংচিত্ৰ-১) ত সন্নিৱিষ্ট হোৱা নাই। ১০. ২০১৬-১৭ৰ জি ডি এ বিকাশৰ ভৱিষ্যত সম্ভাৱনা দ্বিতীয় ত্ৰিমাসিকত অভাৱনীয়ভাৱে ৫০ বেছিছ পইণ্ট হানি আৰু বৰ্তমানেও বাহাল থকা এছ বি এন প্ৰত্যাহাৰ প্ৰভাৱ হেতু অনিশ্চিত হৈ আছে। নিস্কট ম্যাদী নিম্নমুখী বিপদশংকাই (ক) খুচুৰা বেপাৰ, হোটেল তথা ৰেঁষ্টোৰা আৰু পৰিবহনৰ দৰে নগদবহুল খণ্ডবোৰৰ অৰ্থনৈতিক কাৰ্যকলাপত ক্ষণিক বিঘিনী ঘটাব পাৰে, (খ) চাহিদা সংকোচনৰ লগতে বিৰূপ সম্পদ প্ৰভাৱ সংঘটিত কৰিব পাৰে। তৃতীয় ত্ৰিমাসিকত সম্ভাৱ্য বিশাল গতিৰ মন্থৰতা আৰু বৰ্দ্ধিত সৃষ্টি উত্পাদনেৰে তথা সপ্তম দৰমহা আয়োগৰ ৰূপায়ণে পুনৰ স্বচ্ছলমুখী কৰাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৬-১৭ৰ জি ডি এ বিকাশ ৭.৬ শতাংশৰ পৰা ৭.১ শতাংশত স্থিৰ কৰা হৈছে (সংচিত্ৰ-২)। ১১. নগদী ব্যৱস্থাপনা সংৰচনা এপ্ৰিলত শোধন কৰি নিয়মীয়া সুবিধাসমূহেৰে হ্ৰস্বম্যাদী নগদী চাহিদা পূৰণৰ যোগেদি বিকাশমুখী কৰা হয়। ৰিজাৰ্ভ বেংকে চলোৱা এনে ব্যৱস্থাপনাৰে তৃতীয় ত্ৰিমাসিক নৱেম্বৰৰ আগভাগলৈ নগদী অৱস্থা সামান্য ৰাহি হৈ থাকে। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে অ-এম-অ ক্ৰয়যোগে ৰিজাৰ্ভ বেংকে ১.১ ত্ৰিলিয়ন টকাৰ অন্তঃস্ৰোত ঘটায়। এছ বি এন বদলিৰ ফলত হোৱা বৃহত্ নগদী ৰাহি চম্ভালিবলৈ ব্যতিক্ৰমী অভিযান চলোৱা হয় যদিও ইয়াক ক্ষণস্থায়ী হিচাপে গণ্য কৰিব লগা হয়। ৰাহি নগদী চাপ লাঘৱ হোৱাৰ লগে লগে চিষ্টেম পৰ্যায়ৰ নগদীক বিযুক্ত স্থিতিলৈ অনাৰ কাৰণে ৰিজাৰ্ভ বেংকে নগদী অভিযান অব্যাহত ৰাখিব। ১২. কমিটীৰ মতে বৰ্দ্ধিত অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত দ্বিমাসিক পৰ্যালোচনা হৈছে। গোলকীয়ভাৱে আমেৰিকাৰ আসন্ন ৰূঢ় মৌদ্ৰিক নীতিয়ে বিত্তীয় বজাৰবোৰ অস্থিৰ কৰি ৰাখিছে যাৰ প্ৰতিক্ৰিয়াই ই-এম-ই বিলাকৰ স্থূল অৰ্থনৈতিক স্থিতি সলনি কৰিবগৈ পাৰে। ভাৰতত মুদ্ৰা বদলিয়ে যোগান বিঘ্নিত কৰি এই বছৰ বিকাশ মন্থৰ কৰিব পাৰে যদিও তাৰ সম্পূৰ্ণ পৰিণাম বিচাৰৰ পূৰ্বে অধিকতৰ বিশ্লেষণ আৰু অভিজ্ঞতা ভিত্তিক অনুধাৱনৰ প্ৰয়োজন। হ্ৰস্বম্যাদী ঘটনাপ্ৰবাহে দৃষ্টিকোণ প্ৰভাৱিত কৰাটো স্বাভাৱিক যেতিয়া মৌদ্ৰিক নীতি কৌশল অৱলম্বনৰ বেলিকাও সতৰ্কতাৰ আৱশ্যক হয়। এই বিৰূপ প্ৰভাৱ স্থিতি সাময়িক বুলি অনেকে আশা কৰা মতে হয়, বিকাশ পুনৰ উত্সাহজনক স্থিতিলৈ পুনৰাগমন হবগৈ লাগে। মুদ্ৰাস্ফীতিৰ প্ৰসঙ্গত, শাক-পাচলিৰ বাবে খাদ্যমূল্য দৃঢ়ীভূত হৈ অহাৰ প্ৰৱণতা পৰিলক্ষিত হৈছে। খাদ্য আৰু ইন্ধন বাদে স্ফীতিও নিম্নমুখী অস্থিতিস্থাপকতা আন এক অস্বস্তিকৰ প্ৰৱণতা হিচাপে দেখা গৈছে। তদুপৰি খাৰুৱা তেলৰ অস্থিৰতা আৰু বিত্তীয় বজাৰসমূহৰ উত্তাল অৱস্থাই ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ মুদ্ৰাস্ফীতি লক্ষ্যলৈ কিছু বিপদ চপাবগৈ পাৰে। সমগ্ৰ পৰিস্থিতিৰ আধাৰত এছ বি এন প্ৰত্যাহাৰৰ ক্ষণস্থায়ী অথচ অস্পষ্ট প্ৰভাৱবোৰক সমুচিত বিবেচনাৰে মৌদ্ৰিক নীতি দৃষ্টিকোণ লবলগীয়া হয়। তৰ্জুত সেয়ে এই কাৰকবিলাকে কেনেকৈ ক্ৰিয়া কৰে আৰু দৃষ্টিকোণ প্ৰভাৱিত কৰে তাৰ বাবে অপেক্ষা কৰি দৃষ্টিপাত কৰাটো সমীচিন হব। সেই অনুসাৰে এই পৰ্যালোচনাত সংগত নীতি কৌশল ৰাখি নীতিগত ৰেপ’ হাৰ অপৰিৱৰ্তিত ৰখা হল। ১৩. মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে ছগৰাকী সদস্যই মত দিয়ে। এম পি চি বৈঠকৰ কাৰ্য বিৱৰণী ২১ ডিচেম্বৰ,২০১৬ত প্ৰকাশ কৰা হব। এম পি চিৰ পৰৱৰ্ত্তী বৈঠক ৭ আৰু ৮ ফেব্ৰুৱাৰী,২০১৭ত অনুষ্ঠিত হব আৰু ইয়াৰ প্ৰস্তাৱ ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত ৮ ফেব্ৰুৱাৰী,২০১৭ত স্থাপন কৰা হব। (আল্পনা কিল্লাৱালা) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৪৪২ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: