RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78504554

পঞ্চম দ্বি-মাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮ মৌদ্ৰিক নীতি সমিতিৰ (এমপিচি)ৰ প্ৰস্তাৱ - ভাৰতীয় ৰিজাৰ্ভ বেংক

৬ ডিচেম্বৰ, ২০১৭

পঞ্চম দ্বি-মাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮
মৌদ্ৰিক নীতি সমিতিৰ (এমপিচি)ৰ প্ৰস্তাৱ - ভাৰতীয় ৰিজাৰ্ভ বেংক

চলিত আৰু উদীয়মান স্থুল ৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি সমিতি (এমপিচি)য়ে এইমৰ্মে সিদ্ধান্ত লয়-

• চলনিধি সমাযোজন সুবিধা (এলঅএফ)ৰ অন্তৰ্গত নীতিগত ৰেপ হাৰ ৬.০ শতাংশত অপৰিৱৰ্ত্তিত ৰখা হওক।

পৰিণামস্বৰূপে, এলএএফৰ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ হাৰ ৫.৭৫ শতাংশত আৰু উপান্ত স্থায়ী সুবিধা (এমএছএফ) হাৰ আৰু বেংক হাৰ ৬.২৫ শতাংশত থাকে।

এমপিচিৰ সিদ্ধান্তটো বিকাশ সমৰ্থন পুষ্টিৰে +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ গ্ৰাহক মূল্য স্ফীতিৰ মধ্যম্যাদী লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ, এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ নিম্নোল্লেখিত বিবৃতিত বৰ্ণোৱা হৈছে।

মূল্যায়ন

অক্টোবৰ,২০১৭ত এমপিচিৰ যোৱাখন বৈঠকৰ পৰা গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপে ঘাইকৈ উন্নত অৰ্থব্যৱস্থাবোৰৰ দ্বাৰা বলপ্ৰাপ্ত হৈ, বছৰটোৰ অন্তিম ত্ৰিমাসিকতে গতি লাভ কৰি আছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিকাশ প্ৰভূতভাৱে হাৰিকেনৰ স্থিতিস্থাপক হৈ থাকে আৰু বেচৰকৰী উপভোগ, বিনিয়োগ কাৰ্যকলাপ আৰু শুদ্ধ ৰপ্তানিৰ পৰা অনুকূল অৰিহণাৰে ২০১৭ৰ তৃতীয় ত্ৰিমাসিকত বিগত তিনি বছৰৰ ভিতৰত সৰ্বাধিক দ্ৰুতিৰে বিকশিত হৈ উঠে। নিবনুৱাৰ হাৰ অক্টোবৰত ৪.১ শতাংশ অৱনমিত হয়, যোৱা ১৭ বছৰত নিম্নতম। ইউৰো অঞ্চলত সুবিধাপ্ৰদ মৌদ্ৰিক নীতি আৰু শক্তিশালী চাকৰি লাভৰ পৰিবেশেৰে অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰিত হয়। জাপানী অৰ্থব্যৱস্থাত তৃতীয় ত্ৰিমাসিকত বৃদ্ধি পাই থাকে, ঘাইকৈ বহিঃৰাষ্ট্ৰীয় চাহিদাৰ সমৰ্থনেৰে যিয়ে সুন্দৰ ঘৰুৱা উপভোগৰ সম্পূৰ্তি কৰে।

৩. উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰৰ ভিতৰত, তৃতীয় ত্ৰিমাসিকত চীনত সেৱা খণ্ডটো প্ৰধান চালক হৈ থাকে। অৱশ্যে, ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ কাৰ্যকলাপৰ দুৰ্বলতাই বৃদ্ধিত হাতোৰা লগায়। ব্ৰাজিলত অন্তৰ্গামী তথ্যবোৰে দিয়া আভাস মতে চেপ্তেম্বৰত কৰ্মসংস্থানহীনতাই বছৰটোৰ নিম্ন অৱস্থা পোৱাত অধিকতৰ গতিবেগেৰে সকাহ লাভ কৰে। অক্টোবৰত ব্যৱসায় আৰু গ্ৰাহক আস্থা বৃদ্ধি পায়। ৰাছিয়াত তৃতীয় ত্ৰিমাসিকত ঔদ্যোগিক উত্পাদনত দুৰ্বলতা হেতু অৰ্থনৈতিক কাৰ্যকলাপ সংযত হয়। দক্ষিণ আফ্ৰিকীয় অৰ্থনীতিয়ে দুৰ্বল প্ৰস্তুতকাৰী কাৰ্যকলাপ, নিবনুৱা অৱস্থাৰ উচ্চতৰ পৰ্যায় আৰু ৰাজনৈতিক অস্থিৰতা হেতু বিপৰীত বায়ুৰ সন্মুখীন হয়।

৪. বিশ্ব বাণিজ্য সংস্থা (ডব্লিউটিএ)ই চতুৰ্থ ত্ৰিমাসিকৰ বাবে কৰা শেহতীয়া সমীকৰণত ৰপ্তানি ফৰমাছ হ্ৰাস হেতু বা বিশ্ব বাণিজ্যৰ সংবেদকোব লাঘৱ হোৱা সূচাইছে। পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশসমূহে (অপেকে) বজাৰ পুনৰসুষম কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ কাৰণে খাৰুৱা তেলৰ মূল্য নৱেম্বৰত বিগত আঢ়ৈ বছৰ শীৰ্ষলৈ উঠে। ক্ৰমবৰ্দ্ধমান ডলাৰ মূল্যৰ কাৰণে বুলিয়ন মূল্য় অল্পবিক্ৰী চাপত পৰে। দুৰ্বল অনা-তৈল পণ্যৰ মূল্য আৰু মন্থৰ দৰমহা আপেক্ষিক তীব্ৰতাই ভালেমান উদীয়মান অৰ্থব্যৱস্থাত মুদ্ৰাস্ফীতি ৰুদ্ধ কৰে যদিও ঘাই ঘাই ইএমইবোৰত স্ফীতি পৰিস্থিতিৰ ভিন্নতা পৰিলক্ষিত হয়।

৫. গোলকীয় বিত্তীয় বজাৰসমূহ প্ৰাণচঞ্চল হৈ থকাই উন্নতিমুখী অৰ্থনৈতিক দৃশ্যপট আৰু মাৰ্কিন ফেডাৰেশ্যনৰ দ্বাৰা মৌদ্ৰিক নীতিৰ ক্ৰমাগত স্বাভাৱিকৰণক সূচাইছে। ইএছত উন্নত কৰ্পোৰেট আয় আৰু বুজন কৰ-কৰ্তনৰ আশাৰে ইকুইটি বজাৰবোৰ লাভান্বিত হয়। ইএমইবোৰত সাধাৰণতে ইকুইটি বজাৰে লাভ কৰিলেও কেতবোৰ অৰ্থব্যৱস্থাত বিপদশংকা বিৰাগৰ সন্মুখীন হয়। সৰহভাগ এ.ই.ত বণ্ড প্ৰতিফল স্ফীতি চাপৰ অভাৱত পাৰ্শ্বগামী হয় যদিও দেশ-বৈশেষিক কাৰকতাৰ বাবে সৰহভাগ ইএমইত উৰ্দ্ধমুখী হয়। কাৰেন্সি বজাৰত মাৰ্কিন ডলাৰ লাভান্বিত হয়, যোগাত্মক অৰ্থনৈতিক ডেটাত ৰাজনৈতিক অস্থিৰতাৰ কাৰণে নৱেম্বৰত ইউৰোৰ অগ্ৰগতি কিছু বিয়োগৰ সন্মুখীন হয়। ভালেসংখ্যক উদীয়মান বজাৰ কাৰেন্সি ঘৰুৱা কাৰকবোৰ হেতু দুৰ্বল হৈ পৰে। ইএমইবোৰলৈ মূলধনী অন্তঃশ্ৰোত। ৰিস্ক ৰিটাৰ্ণ ট্ৰেড-অফৰ বিনিয়োগকাৰী ধাৰণাত ভিত্তি কৰি দেশবোৰৰ মাজত ভিন্নমুখী হৈ পৰে।

৬. ঘৰুৱা খণ্ডত, পাঁচটাকৈ ধাৰাবাহিক প্ৰতিবেগী ত্ৰিমাসিকৰ পাছত ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰকৃত মুঠ মূল্য সংযোজিত (জিভিএৰ বৃদ্ধি দ্ৰুতগামী হয়। ঔদ্যোগিক কাৰ্যকলাপ তীব্ৰ দ্ৰুতিয়ে ইয়াত শক্তি সঞ্চাৰ কৰে। উদ্যোগৰ তিনিওটা উপখণ্ডই উচ্চতৰ বৃদ্ধি আহৰণ কৰে। উদ্যোগৰ মুখ্য অংগৰ প্ৰস্তুতকাৰী খণ্ডত জিভিএ বৃদ্ধি –উন্নত চাহিদা আৰু পণ্য তথা সেৱা কৰ (জিএছটি) পৰৱৰ্ত্তী ৰি-ষ্টকিঙত যথেষ্ট দ্ৰুতগামী হয়। উচ্চতৰ কয়লা আৰু প্ৰাকৃতিক গেছ উত্পাদন হেতু দ্বিতীয় ত্ৰিমাসিকত খনি খণ্ড সম্প্ৰসাৰিত হয়। বিদ্যুত, গেছ, পানী যোগান আৰু অন্যান্য জনসেৱা খণ্ডত জিভিয়ে বৃদ্ধি শক্তিশালী হয়। বিপৰীতে, কৃষি আৰু আনুসংগিক খণ্ডৰ বিকাশ শিথিল সূচাইছে। সেৱা খণ্ডত কাৰ্যকলাপ মন্থৰ হয়, ঘাইকৈ দ্বিতীয় ত্ৰিমাসিকত চৰকাৰী ব্যয় বুজনভাৱে সমুখভাৰী হৈ উঠাৰ ফলত বিত্তীয়, বীমা, ৰিয়েল ইষ্টেট তথা বৃত্তিমুখী সেৱা আৰু লগতে ৰাজহুৱা প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যান্য সেৱা (পি.এ.ডি.অ)বোৰ লেহেমীয়া হোৱাৰ বাবে। সামান্য উন্নতি সত্বেও, নিৰ্মাণ খণ্ডৰ বিকাশ, আৰইআৰএ আৰু জিএছটি ৰূপায়ণৰ অস্থায়ী পৰিণাম হেতু কুহুমীয়া হৈ থাকে। বেহাবেপাৰ, হোটেল, পৰিবহন আৰু যোগাযোগ উপগোটৰ বিকাশ, দ্বিতীয় ত্ৰিমাসিকৰ তুলনাত স্থিতিস্থাপক হৈ থাকে। ব্যয় দিশটোত, একেৰাহে দ্বিতীয়টো ত্ৰিমাসিকৰ বাবে মুঠ নিৰূপিত মূলধন গঠনত বৃদ্ধি উন্নত হয়। অৱশ্যে, বেচৰকাৰী চূড়ান্ত উপভোগ ব্যয়- একত্ৰিত চাহিদাৰ প্ৰধান অৱলম্বনত বৃদ্ধি দ্বিতীয় ত্ৰিমাসিকত অষ্ট ত্ৰিমাসিকৰ তললৈ নামে।

৭. দ্বিতীয় ত্ৰিমাসিকৰ আগলৈ চালে, তৃতীয় ত্ৰিমাসিকত ৰবি শস্য বপন আগৰটো বছৰৰ একে সময়ছোৱাৰ তুলনাত হেক্টৰ হিচাপত সামান্য পাছ পৰি থাকে। অক্টোবৰৰ পৰা বৃষ্টিপাত দীৰ্ঘ অবধি গড় (এলপিএ)তকৈ প্ৰায় ১৩ শতাংশ তলত আছে। ৰবি ঋতুত জলসিঞ্চনৰ মূল উত্স প্ৰধান জলাধাৰবোৰ, আগৰ বছৰটোৰ ৬৭ শতাংশৰ বিপৰীতে পূৰ্ণ জলাধাৰ পৰ্যায়ৰ ৬৪ শতাংশত থাকে। যোগাত্মক দিশত, দাইলজাতীয় শস্যৰ বপন এবছৰ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাই সকলো দাইলৰ ৰপ্তানি-নিষেধ প্ৰত্যাহাৰৰ প্ৰভাৱ প্ৰতিফলিত কৰিছে।

৮. প্ৰাপ্ত হাই-ফ্ৰিকুৱেন্সি সূচকবোৰে তৃতীয় ত্ৰিমাসিকত ঔদ্যোগিক কাৰ্যকলাপৰ মিশ্ৰিত ছবি সূচাইছে। মূল উদ্যোগসমূহৰ বিকাশ, তীখা আৰু সাৰ বাদে সকলো উপাদানত মন্থৰতা হেতু গতিৰুদ্ধ হৈ থাকে। দ্বিতীয় ত্ৰিমাসিকত বলেৰে উত্থান ঘটা কয়লা খনন মন্থৰ হৈ পৰে, চিমেণ্ট উত্পাদনো সংকুচিত হয়। বিপৰীতে অক্টোবৰত পৰি যোৱা প্ৰস্তুতকাৰী খণ্ডৰ পাৰ্চেছিং মেনেজাৰ্ছ সূচকাংক (পিএমআই) নৱেম্বৰত প্ৰতিক্ষিপ্ত হয়, আউটপুট আৰু নতুন ফৰমাছৰ দ্বাৰা চালিত হৈ। লগতে ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপ (আই-অ-এছ) মতে ফৰমাছ বহীবোৰ বাঢ়িবলৈ লোৱাত তৃতীয় ত্ৰিমাসিকত উত্পাদন বৃদ্ধিৰ আশা কৰা হৈছে।

৯. সেৱা খণ্ডৰ কাৰ্যকলাপ অক্টোবৰত মিশ্ৰিত হৈ থাকে। পৰিৱহন খণ্ডত, বাণিজ্যিক বাহনৰ বিক্ৰী কম হয়, যাত্ৰীবাহী আৰু দুচকীয়া বাহনৰ বিক্ৰী সংকুচিত হয়। ইয়াৰ বিপৰীতে, ঘুৰৱা আৰু আন্তৰ্জাতিক বিমান যাত্ৰী আৰু মাল পৰিবহন আৰু ৰেলৱে মাল পৰিবহনৰ বিৰাট সম্প্ৰসাৰণ হয়। ৰিজাৰ্ভ বেংকৰ জৰীপে তৃতীয় ত্ৰিমাসিকত সেৱাখণ্ড কাৰ্যকলাপত প্ৰৱণতা বৃদ্ধি সূচাইছে আৰু নৱেম্বৰত মটৰগাড়ীৰ বিক্ৰীও প্ৰতিক্ষিপ্ত হয়। আনহাতে, সেৱা খণ্ডৰ পিএমআই নৱেম্বৰত সংকোচন মণ্ডললৈ গতি কৰে।

১০. গ্ৰাহক মূল্য সূচকাংকত (চিপিআই) বৰ্ষোপৰি বৰ্ষ পৰিৱৰ্তনেৰে পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি, কিছু অনুগ্ৰহমূলক আধাৰ পৰিনামৰ আংশিক প্ৰভাৱেৰে উৰ্ধগতি প্ৰৱণতাৰে চালিত হৈ অক্টোবৰত সাত মহীয়া উচ্চতালৈ উঠি যায়। খাদ্য মুদ্ৰাস্ফীতি বিগত দুটা মাহত উদ্বায়ী হৈ থাকে- চেপ্তেম্বৰত হুৰহুৰাই নামি আৰু অক্টোবৰত প্ৰতিক্ষিপ্ত হৈ, প্ৰধানতঃ শাক-পাচলি আৰু ফলমূলৰ বাদে গাখীৰ আৰু কণীৰ স্ফীতি উৰ্দ্ধগামী হোৱাৰ বিপৰীতে দাইলৰ স্ফীতি অক্টোবৰত একেৰাহে এঘাৰ মাহৰ বাবে ঋণাত্মক হৈ থাকে। দানাদাৰ শষ্যৰ স্ফীতি সুস্থিৰ হৈ থাকে। জুলাইৰ পৰা উৰ্দ্ধমুখী অৱস্থাত থকা ইন্ধন গোট স্ফীতি, তৰলীকৃত পেট্ৰলিয়াম গেছ (এলপিজি), কেৰাচিন, কক কয়লা আৰু বিদ্যুতত তীক্ষ্ণভাৱে উৰ্দ্ধমুখী স্ফীতি হেতু অধিকতৰ বেগেৰে বৃদ্ধি পায়।

১১. জুলাইৰ পৰা ছেপ্তেম্বৰলৈ বৃদ্ধি পোৱা চিপিআই স্থিতি খাদ্য আৰু ইন্ধন বাদে অক্টোবৰত ধীৰ হৈ থাকে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পেট্ৰলিয়াম সামগ্ৰীত কৰ কমোৱা বাবে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য কোমল প্ৰতিফলিত হৈছে। অৱশ্যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী কেন্দ্ৰীয় কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধি কৰাৰ পাছত গৃহ নিৰ্মাণ স্ফীতি কঠোৰ হৈ উঠে।

১২. ৰিজাৰ্ভ বেংকৰ গৃহস্থালী জৰীপে তিনিমহীয়া আৰু এবছৰীয়া পূৰ্ব উভয় মণ্ডলৰ বাবে শেহতীয়ালানিত স্ফীতি প্ৰত্যাশা দৃঢ় হোৱা দেখুৱাইছে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপৰ প্ৰতি সঁহাৰি জনোৱা প্ৰতিষ্ঠানবোৰে ইনপুট মূল্যৰ বৃদ্ধিখিনি তেওঁলোকৰ আউটপুট মূল্যলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে। অন্যান্য বেচলৈ ঘূৰিলে, সংগঠিত খণ্ডত দৰমহা বিকাশ চোকা হৈ উঠাৰ বিপৰীতে গ্ৰামীণ দৰমহা বিকাশ বিশেষকৈ কৃষি খণ্ডত দুৰ্বল হয়।

১৩. অক্টোবৰ আৰু নৱেম্বৰত প্ৰণালীটোৰ উদ্ধৃত্ত চলনিধি নিম্নগামী হৈ থাকে। ঔদ্যোগিক চাহিদা হেতু শেহ চেপ্তেম্বৰৰ পৰাই তৃতীয়টো ত্ৰিমাসিকত (১ ডিচেম্বৰ, ২০১৭লৈকে) প্ৰচলনৰত মুদ্ৰা ৭৩৬ বিলিয়ন টকা বৃদ্ধি পায়। ৰিজাৰ্ভ বেংকে এনিশীয়াৰ পৰা ২৮ দিনীয়া পৰ্যন্ত বিভিন্ন অবধিৰ নিয়মীয়া ভেৰিয়েবল ৰেট ৰিভাৰ্ছ ৰেপৰ নিলাম পৰিচালনাৰে উদ্ধৃত চলনিধি ব্যৱস্থাপিত কৰে। এলএএফ অন্তৰ্গত চলনিধিৰ শুদ্ধ গড় দৈনিক অৱলোকন চেপ্তেম্বৰত ২২২৯ বিলিয়ন টকাৰ পৰা অক্টোবৰত ১৪০০ বিলিয়ন টকালৈ আৰু নৱেম্বৰত ৭১৮ বিলিয়ন টকালৈ অধিক হ্ৰাস পায়। ৰিজাৰ্ভ বেংকে অক্টোবৰ-নৱেম্বৰত ৩০০ বিলিয়ন টকাৰ মুকলি বজাৰ বিক্ৰী কৰাত, বিত্তীয় বছৰটোৰ অদ্যপৰিমিত সময়ছোৱাত দীঘলীয়া চলনিধি অৱশোষণ ১.৯ ত্ৰিলিয়ন টকালৈ আনে, যাৰ ৯০০ বিলিয়ন টকা মুকলি বজাৰ বিক্ৰীৰ পৰা আৰু ১ ত্ৰিলিয়ন টকা বজাৰ সুস্থিৰকৰণ আঁচনিৰ অন্তৰ্গত দীৰ্ঘম্যাদী ৰাজকোষীয় মূল্যপত্ৰৰ পৰা। ৱেইট এভাৰেজ কল ৰেট (ডব্লিউএচিআৰ), চেপ্তেম্বৰত ১৩ বিপিএছৰ বিপৰীতে অক্টোবৰ-নৱেম্বৰত ৰেপ হাৰৰ তলত যথাক্ৰমে ১২ বিপিএছ আৰু ১৫ বিপিএছত লেন-দেন হয়।

১৪. সদাগৰী ৰপ্তানি, ১৪ মহীয়া ধাৰাবাহিক বৃদ্ধি প্ৰদৰ্শনৰ পাছত অক্টোবৰ, ২০১৭ত ১.১ শতাংশ হ্ৰাস পায়। মাহটোত অভিযান্ত্ৰিক সামগ্ৰী, পেট্ৰলিয়াম সামগ্ৰী আৰু ৰাসায়নিক পণ্যৰ ক্ৰমাগত ৰপ্তানি বৃদ্ধিক, ৰত্ন-গহণাগাঠৰি, প্ৰস্তুত সাজ-পোছাক আৰু ঔষধ তথা ঔষধী পণ্য জাহাজ বোজাইৰ বুজন চ্যুতিয়ে ভাৰী কৰি তোলে। আমদানি সম্প্ৰসাৰিত হৈ থাকে, সংযত গতিত হলেও। অক্টোবৰত সোণৰ আমদানি অক্টোবৰত চাহিদাবশতঃ বৃদ্ধি পালেও এবছৰ পূৰ্ব অৱস্থাৰ পৰা মৃদু হৈ উঠে। ছেপ্তেম্বৰত সংযম সত্ত্বেও ২০১৭-১৮ৰ এইছ-১ত শুদ্ধ বিদেশী প্ৰত্যক্ষ বিনিয়োগ এবছৰ পূৰ্ব পৰ্যায়তে থাকে। ৰাজহুৱা খণ্ডৰ বেংকৰ বাবে পুনৰ মূলধনীকৰণৰ ঘোষণাত ইকুইটীলৈ বিদেশী পৰ্টফলিঅ অন্তঃস্ৰোত, আগৰ মাহটোত বহিঃগমন দেখুওৱাৰ পাছত অক্টোবৰত চকুত লগাকৈ পুনৰাম্ভ হয়। ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত ৩০ নৱেম্বৰ, ২০১৭ত ৪০১.৯৪ মাৰ্কিন ডলাৰ মজুত আছিল।

দৃশ্যপট

১৫. অক্টোবৰ দ্বিমাসিকত প্ৰবিৱৰণে এই বছৰৰ দ্বিতীয়াৰ্ধত ৪.২-৪.৬ মাত্ৰাত থাকি মুদ্ৰাস্ফীতি বৃদ্ধিৰ পূৰ্বাভাষ দিছিল, যত কেন্দ্ৰৰ দ্বাৰা ঘৰ ভাড়া বানচত বৃদ্ধিৰ প্ৰভাৱক ধৰা হৈছিল। হেডলাইন ইনফ্লেশ্যন ফলশ্ৰুতিয়ে পূৰ্বানুমানৰ সংগতি দেখুৱাইছে। আগলৈ গৈ, বিভিন্ন কাৰকে স্ফীতি পথ প্ৰভাৱিত কৰিব। প্ৰথমতে, ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত পৰিলক্ষিত খাদ্য আৰু ইন্ধন বাদে স্ফীতিৰ পৰিসীমিততা মোটামুটিভাৱে প্ৰগিতগামী হৈছে। নিকটম্যাদত এই উৰ্দ্ধমুখী পৰিক্ৰমা অব্যাহত থকাৰ বিপদশংকা আছে। দ্বিতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এইছআৰএ বৃদ্ধিৰ প্ৰভাৱ ডিচেম্বৰত তুংগী হোৱাৰ আশা আছে। বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা এইছআৰএ বৃদ্ধিৰ অস্থিৰপদ প্ৰভাৱবোৰে ২০১৮ত গৃহ নিৰ্মাণ স্ফীতি অধিক বঢ়াব পাৰে, সমগামী দ্বিতীয় শৃংখলা পৰিনাম সহকাৰে। তৃতীয়তে খাৰুৱা তেলৰ সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় মূল্যবৃদ্ধি অটুট থাকিব পাৰে বিশেষকৈ বছৰটোত উত্পাদন কৰ্তন অব্যাহত ৰাখিবলৈ অপেকে লোৱা সিদ্ধান্ত লোৱা বাবে। এনে এক দৃশ্যপটত ভৌগোলিক ৰাজনৈতিক পৰিঘটনা উদ্ভুত যিকোনো প্ৰতিকূল যোগান আঘাটে অধিক মূল্যবৃদ্ধি ঘটাব পাৰে। শাক-পাচলিৰ মূল্য সম্প্ৰতি বৃদ্ধি পোৱা সত্বেও শীতকালীন যোগান আৰম্ভ হবলৈ লোৱাত সমাগত মাহকেইটাৰ কেতবোৰ বতৰীয়া পণ্য সংযত হোৱাৰ আশা আছে। দাইলৰ মূল্যৰ নিম্নগামী ধাৰা অব্যাহত আছে। জিএছটি পৰিষদে ইয়াৰ শেহতীয়া বৈঠকত কেবাপদো খুচুৰা সামগ্ৰী আৰু সেৱাক নিম্নতৰ কৰ-বন্ধনীলৈ আনিছে, যিটোৱে নিম্নতন খুচুৰা মূল্যলৈ ৰূপান্তৰণক আগুৱাই নিব লাগে। মুঠতে, চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত স্ফীতি ৪.৩-৪.৭ৰ মাত্ৰাত থকাৰ পূৰ্বানুমান কৰা হৈছে, একেআগী সুষম বিপদশংকাৰে, ৩৫ বেছিক পইণ্ট পৰ্যন্তৰ এইছআৰএ পৰিণামকে ধৰি (চাৰ্ট-১)।

১৬. জিভিএ পূৰ্বানুমানলৈ ঘূৰি দ্বিতীয় ত্ৰিমাসিকত বিকাশ অক্টোবৰ প্ৰস্তাৱত উল্লেখিতকৈ কম আছিল। তেলৰ মূল্যত সাম্প্ৰতিক বৃদ্ধিয়ে প্ৰতিষ্ঠানবোৰৰ উপান্ত আৰু জিডিএ বিকাশৰ প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে। খাৰিফ শষ্যৰ উত্পাদন হ্ৰাস আৰু ৰবি বপনৰ অৱনতিয়ে কৃষিৰ বাবে দৃশ্যপটলৈ নিম্নমুখী বিপদশংকা চপাইছে। যোগাত্মক দিশত, সাম্প্ৰতিক মাহকেইটাত –আকলন বৃদ্ধিত কিছু বেগ আহিছে। ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ পুনৰবিত্ত যোগানে আকলন স্ৰোত অধিক খৰ কৰিব পাৰে। ৰিয়েল ইষ্টেটৰ লেখিয়া সেৱা খণ্ডৰ কেতবোৰ উপাদানত দুৰ্বলতা আছে যদিও ৰিজাৰ্ভ বেংকৰ জৰীপে আভাস দিছে যে সেৱা আৰু আন্তঃগাঁঠনি খণ্ডই চতুৰ্থ ত্ৰিমাসিকত চাহিদা, বিত্তীয় অৱস্থা আৰু সামগ্ৰিক ব্যৱসায় পৰিস্থিতিত উন্নতি আশা কৰিছে। উপৰিউক্ত কাৰকসমূহ বিবেচনা কৰিলে, ২০১৭-১৮ৰ বাবে জিডিএ বিকাশ ৬.৭ শতাংশত থাকিব বোলা অক্টোবৰ প্ৰস্তাৱৰ পূৰ্বানুমান ৰক্ষা হৈছে, একেআগীকৈ সুষম বিপদশংকাৰে (চাৰ্ট-২)

১৭. এমপিচিয়ে অনুধাৱন কৰিছে যে উদীয়মান প্ৰক্ষেপ পথটো সাৱধানতাৰে নিৰীক্ষণ কৰা আৱশ্যক। প্ৰথমতে, জীৱন নিৰ্বাহ কাৰকবোৰৰ দুটা অৰ্থাত্ খাদ্য আৰু ইন্ধন স্ফীতি নৱেম্বৰত তীক্ষ্ণ হৈ উঠে। ৰিজাৰ্ভ বেংকৰ দ্বাৰা জৰীপিত গৃহস্থালি স্ফীতি প্ৰত্যাশাবোৰ ইতিমধ্যে গজগজীয়া হৈ উঠিছে আৰু খাদ্য তথা ইন্ধন মূল্যত যিকোনো বৃদ্ধিয়ে এই প্ৰত্যাশাবোৰ কঠোৰতৰ কৰিব পাৰে। দ্বিতীয়তে বিভিন্ন জৰীপত প্ৰতিফলিত মতে ক্ৰমবৰ্দ্ধমান ইনপুট উত্পাদনী মূল্য অৱস্থাবোৰে নিকটম্যাদত খুচুৰা মূল্যলৈ ঠেলি দিয়াৰ অধিক বিপদশংকৰ ইংগিত দিছে। তৃতীয়তে, ৰাজ্যবিশেষৰ দ্বাৰা কৃষি ঋণ মুকুব ৰূপায়ণ, পেট্ৰলিয়াম সামগ্ৰীৰ ক্ষেত্ৰত আংশিকভাৱে আবকাৰী কৰ আৰু ভেট প্ৰত্যাহাৰ, আৰু বিভিন্ন পণ্য তথা সেৱাৰ বাবে জিএছটিতকৰ্তন হেতু ৰাজহ হ্ৰাসে মুদ্ৰাস্ফীতিৰ অনুৱৰ্ত্তী পৰিণাম সহকাৰে ৰাজস্ব অপগমন ঘটাবগৈ পাৰে। চতুৰ্থতে এইবোৰত মৌদ্ৰিক নীতিক লৈ দেখা দিয়া বুলন/অনিশ্চয়তা হেতু গোলকীয় বিত্তীয় অস্থিৰতা আৰু আমেৰিকাত মৌদ্ৰিক সম্প্ৰসাৰণে মুদ্ৰাস্ফীতিৰ বিপদশংকা কঢ়িয়াইছে। শাকপাচলি আৰু ফল-মূলৰ মূল্যত প্ৰত্যাশিত ঋতুগত পৰিমিততা আৰু জিএছটি পৰিষদৰ দ্বাৰা সম্প্ৰতি কৰ নমোৱাটোৱে উৰ্দ্ধমুখী চাপ লাঘৱ কৰিব পাৰে। তদনুযায়ী, এমপিচিয়ে নীতিগত ৰেপ হাৰ অপৰিৱৰ্ত্তি ৰাখিবলৈ সিদ্ধান্ত ললে। অৱশ্যে, আউটপুট ব্যৱধান চালনশক্তিৰ কথা মনত ৰাখি এমপিচিয়ে নিৰপেক্ষ স্থিতি অব্যাহত ৰাখিবলৈ আৰু অন্তৰ্গামী ডেটাবোৰ সযতনে লক্ষ্য কৰিবলৈ সিদ্ধান্ত ললে। হেডলাইন স্ফীতি স্থায়ীভিত্তিত ৪ শতাংশৰ আশেপাশে ৰাখিবলৈ এমপিচি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে।

১৮. এমপিচিৰ মূল্যায়নত, সাম্প্ৰতিক অবধিটোত কেইবাটাও তাত্পৰ্যপূৰ্ণ পৰিৱৰ্ধন বিৰাজমান যিবিলাকত বিকাশ সম্ভাৱনা আগুৱাই যোৱাত শুভ ফলপ্ৰদ। প্ৰথমে, প্ৰাথমিক মূলধনী বজাৰৰ পৰা সংগৃহীত মূলধন, কেইবাবছৰজোৰা মন্থৰ সক্ৰিয়তাৰ পাছত যথেষ্ট বৃদ্ধি পাইছে। সংগৃহীত মূলধন যিহেতু নতুন প্ৰকল্প ৰূপায়ণত নিয়োজিত হয়, এই হ্ৰস্ব অনুক্ৰমত চাহিদাৰ বৃদ্ধিত সহায় কৰিব আৰু মধ্যম্যাদত গৈ অৰ্থব্যৱস্থাৰ বিকাশ সম্ভাৱনা টনকীয়াল কৰিবগৈ। দ্বিতীয়তে ব্যৱসায় সূচলতাৰ ৰেংকিঙত উৰ্দ্ধগমনে অৰ্থনীতিত নিৰৱচ্ছিন্ন বিদেশী প্ৰত্যক্ষ বিনিয়োগত সহায় কৰিব লাগে। তৃতীয়তে, বৃহত্ কোৰোকী ধৰুৱাসকলক দেউলীয়া তথা সম্পূৰ্ণ নিঃস্বতা বিধি (আইবিচি)লৈ প্ৰেৰণ কৰিবলৈ লোৱাত আৰু ৰাজহুৱা খণ্ডৰ বেংকবোৰত পুনৰবিত্ত যোগান ধৰিবলৈ লোৱাত আবণ্টনমূলক দক্ষতা বৃদ্ধি পাব লাগে। অৱশ্যে, এমপিচিয়ে অনুধাৱন কৰে যে শোধ নকৰা ঋণত আগৰ মৌদ্ৰিক নীতি সালসলনিবোৰৰ বেংকবোৰৰ দ্বাৰা উন্নত সংবহনৰ জৰিয়তে ঘৰুৱা ধাৰৰ ব্যয় হ্ৰাসেৰে কাৰকবোৰৰ প্ৰভাৱখিনি লাঘৱ কৰিব পৰা যাব।

১৯. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ মাইকেল দেৱব্ৰত পাত্ৰ, ড০ ৱিৰাল ভি আচাৰ্য আৰু উৰজিত্ আৰ পেটেলে মৌদ্ৰিক নীতি সিদ্ধান্তৰ সমৰ্থন কৰাৰ বিপৰীতে ড০ ৰবীন্দ্ৰ এইছ ধোলিকায়াই ২৫ বেছিচ পইণ্টেৰে নীতি হাৰ হ্ৰাসকৰণৰ বাবে মত দান কৰে।

২০. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকখন ৬ আৰু ৭ ফেব্ৰুৱাৰী, ২০১৮ত সময় তালিকাভুক্ত কৰা হয়।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৫৪২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?