RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494050

চভাৰেইন গল্ড বণ্ড পঞ্চমটো কিস্তি মুকলি হ’ব ১ ছেপ্টেম্বৰ,২০১৬ত

৩০ আগষ্ট,২০১৬

চভাৰেইন গল্ড বণ্ড পঞ্চমটো কিস্তি মুকলি হ’ব ১ ছেপ্টেম্বৰ,২০১৬ত

ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ মন্ত্ৰণা সাপেক্ষে চভাৰেইন গল্ড বণ্ডৰ পঞ্চমটো কিস্তি জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। ১ ছেপ্টেম্বৰ, ২০১৬ৰ পৰা ৯ ছেপ্টেম্বৰ, ২০১৬লৈ এই বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ ২৩ ছেপ্টেম্বৰ, ২০১৬ত জাৰি কৰা হ’ব। বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল) মনোনীত ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব।

বণ্ডবোৰৰ বৈশিষ্ট্য হ’ল-

ক্ৰমিক নং বিষয় সবিশেষ
১. সামগ্ৰীৰ নাম চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-২
২. জাৰি ভাৰত চৰকাৰৰ হৈ ভাৰতীয় বেংকৰ দ্বাৰা জাৰি কৰা হ’ব।
৩. যোগ্যতা ব্যক্তি, এইছইউএফ, ন্যাস, বিশ্ববিদ্যালয় আৰু দাতব্য প্ৰতিষ্ঠানকে ধৰি নিবাসী ভাৰতীয় সত্ত্বাসমূহত বণ্ডৰ বিক্ৰী সীমাবদ্ধ থাকিব।
৪. মুদ্ৰাংকন সোণৰ ১ গ্ৰাম মৌলিক গোটৰ গুণীতকত বণ্ডবোৰ মুদ্ৰাংকিত হ’ব।
৫. চলনকাল বণ্ডবোৰৰ চলন কাল ৮ বছৰ অবধিৰ বাবে হব আৰু পঞ্চম বৰ্ষৰ পৰা প্ৰস্থান বিকল্প সাব্যস্ত হ’ব।
৬. ন্যূনতম আকাৰ বিনিয়োগৰ ন্যূনতম আকাৰ ১ গ্ৰাম সোণৰ হ’ব।
৭. সৰ্বোচ্চ সীমা একোটা সত্ত্বাৰ দ্বাৰা সৰ্বাধিক ক্ৰয়-নিবেদিত ৰাশি, প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিত ৫০০ গ্ৰামৰ অধিক নহব। এই বিষয়ত স্ব-ঘোষণা এটা লোৱা হ’ব।
৮. যুটীয়া ধাৰক যুটীয়া হল্ডিঙৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে থকা ৫০০ গ্ৰামৰ সীমাটো প্ৰথম ধাৰকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
৯. জাৰি মূল্য ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যন লিমিটেডে ক্ৰয়-নিবিদা অবধিৰ পূৰ্বৱৰ্ত্তী সপ্তাহটো (সোমবাৰ-শুকুৰবাৰ)ৰ বাবে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডৰ মূল্য স্থিৰ কৰা হ’ব।
১০. প্ৰদান বিকল্প নগদ (সৰ্বাধিক ২০,০০০ টকা) প্ৰদান, বা ডিমাণ্ড ডাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে বণ্ডৰ বাবে প্ৰদান কৰিব পৰা যাব।
১১. জাৰিৰ আকাৰ জিএছ আইন, ২০০৬ৰ অন্তৰ্গত ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত বণ্ডবোৰ জাৰি কৰা হ’ব। বিনিয়োগকাৰীক একোখন হল্ডিং চাৰ্টিফিকেট দিয়া হ’ব। বণ্ডবোৰ ডি-মেট আকাৰলৈ ৰূপান্তৰণ যোগ্য হ’ব।
১২. বিমোচন মূল্য ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যন লিমিটেডে প্ৰকাশ কৰা বিমোচনৰ পূৰ্বৱৰ্ত্তী সপ্তাহটো (সোমবাৰ-শুকুৰবাৰ)ৰ ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বিমোচন মূল্য হ’ব।
১৩. বিক্ৰীত মাধ্যমসমূহ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), জ্ঞাপিত মতে মনোনীত ডাকঘৰসমূহ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জসমূহ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিঃ আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি পোনপটীয়াকৈ বা এজেণটযোগে বণ্ডবোৰ বিক্ৰী কৰা হ’ব।
১৪. সুদৰ হাৰ বিনিয়োগকাৰীসকলক বছৰি ২.৭৫ শতাংশ স্থিৰ হাৰত বিনিয়োগৰ প্ৰাৰম্ভিক মূল্যৰওপৰত অৰ্দ্ধ-বাৰ্ষিক নিবৃত্তিত সুদ প্ৰদান কৰা হ’ব।
১৫. বন্ধকী ঋণৰ বন্ধকী হিচাপে বণ্ডবোৰ ব্যৱহাৰ কৰিব পৰা যাব। ৰিজাৰ্ভ বেংকে সময়ে সময়ে দিয়া আজ্ঞা মতে সাধাৰণ স্বৰ্ণ ঋণৰ সমানে মূল্যৰ বিপৰীতে ঋণৰ (এল টি ভি) অনুপাত স্থিৰ কৰা হ’ব।
১৬. কে ৱাই চি প্ৰমাণ- সুসংবদ্ধকৰণ আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) ৰীতিবোৰ আবয়ৱিক সোণ ক্ৰয়ত প্ৰযোজ্যবোৰৰ সৈতে একে হ’ব। ভোটাৰ পৰিচয়পত্ৰ, আধাৰ কাৰ্ড/পিএএন/বা টিএএন/পাছপৰ্টৰ নিচিনা কেৱাইচি নথিবোৰ আৱশ্যক হ’ব।
১৭. কৰ উপচাৰ আয়কৰ আইন ১৯৬১ (১৯৬১ৰ ৪৩)ৰ উপবন্ধ অনুযায়ী গল্ড বণ্ডৰ সুদখিনি কৰাৰোপ্য হব। এছ জি বিৰ বিমোচনৰ ফলত উদ্ভুত মূলধনী লাভ কৰখিনি ব্যক্তিৰ ক্ষেত্ৰত ৰেহাই হ’ব। বণ্ডৰ হস্তান্তৰণত কোনো ব্যক্তিলৈ হোৱা দীৰ্ঘম্যাদী মূলধনী লাভত সূচীভুক্তকৰণ সুবিধাবোৰ আগবঢ়োৱা হ’ব।
১৮. ক্ৰয়-বিক্ৰয়যোগ্যতা আৰ বি আয়ে জ্ঞাপন কৰিবলগীয়া এটা তাৰিখৰ পাছত ষ্টক একচেঞ্জবোৰ/এনভিএছ-অ’এমত বণ্ডবোৰ ক্ৰয়-বিক্ৰয় কৰিব পৰা যাব।
১৯. এছএলআৰ যোগ্যতা বিধিগত নদগী অনুপাতৰ উদ্দেশ্যৰ বাবে বণ্ডবোৰ উপযোগী হব।
২০. কমিছন গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা মুঠ ক্ৰয়নিবিদাৰ ১ শতাংশ হাৰত বণ্ডবোৰৰ বিতৰণৰ বাবদ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়বোৰে, এজেণ্ট/উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা ব্যৱসায়খিনিৰ কমেও ৫০ শতাংশ কমিছন তেওঁলোকক ভগাই দিব।

মন কৰিবলগীয়া যে মাননীয় বিত্ত মন্ত্ৰীয়ে ২০১৫-১৬ ৰ কেন্দ্ৰীয় বাজেটত এক বিত্তীয় সম্পদ বিকশোৱা, ধাতব সোণ ক্ৰয়ৰ বিকল্প হিচাবে, চভাৰেইন গল্ড বন্ড ঘোষণা কৰিছিল। সেইমতে, ২০১৫-১৬ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষত অদ্যপৰিমিত চাৰিটা কিস্তি জাৰি কৰা হৈছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ&# 2509;ঞপ্তিঃ ২০১৬-২০১৭/৫৩১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?