RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493828

বিত্ত মন্ত্ৰীৰ আৰ বি আইৰ কেন্দ্ৰীয় বোৰ্ডৰ সঞ্চালকৰ সৈতে বৈঠক

১১ ফেব্ৰুৱাৰী, ২০১৭

বিত্ত মন্ত্ৰীৰ আৰ বি আইৰ কেন্দ্ৰীয় বোৰ্ডৰ সঞ্চালকৰ সৈতে বৈঠক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে আজি নতুন দিল্লীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ প্ৰথাগত বাজেট উত্তৰ সভাত ভাষণ দিয়ে। মাননীয় বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত গ্ৰামীণ খণ্ড, আৱাস তথা আন্তঃগাঁথনিত ৰাজকোষীয় অনুশাসনৰ দিশত অগ্ৰগতিৰ উপৰি সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) প্ৰৱৰ্তন আৰু ক্ষুদ্ৰ তথা মজলীয়া খণ্ডৰ বাবে কৰ কৰ্তনৰ বিষয়সমূহ উল্লেখ কৰে। বোৰ্ডে বিত্ত মন্ত্ৰীক বাজেটৰ বাবে প্ৰশংসা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালো আছিল। বৈঠকত বিত্ত সচিব শ্ৰী অশোক লাভাছা, (ৰাজহ) সচিব ড০ হসমুখ আধিয়া, সচিব (বিনিয়োগ তথা ৰাজহুৱা সম্পদ), শ্ৰী নীৰজ কুমাৰ গুপ্তা আৰু মুখ্য অৰ্থনৈতিক উপদেষ্টা ড০ অৰবিন্দ সুব্ৰমণিয়ামো উপস্থিত আছিল।

কেন্দ্ৰীয় বোৰ্ডৰ সভাখনত ড০ উৰজিত্ আৰ পেটেল, গৱৰ্ণৰে অধ্যক্ষতা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰসকল শ্ৰী আৰ গান্ধী, শ্ৰী এছ এছ মুন্দ্ৰা, শ্ৰী এন এছ বিশ্বনাথন আৰু ড০ বিৰল আচাৰ্যৰ উপৰি শ্ৰী নটৰাজন চন্দ্ৰশেখৰণ, শ্ৰী ভাৰত দোষী, শ্ৰী সুধীৰ মানকাড, ড০ ৰাজীৱ কুমাৰ, ড০ অশোক গুলাতি আৰু শ্ৰী মনীষ সাভাৰৱালকে ধৰি ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ অন্য সঞ্চালকসকলো বৈঠকখনত উপস্থিত আছিল। চৰকাৰ মনোনীত সঞ্চালকসকল শ্ৰী শক্তিকান্ত দাস, সচিব, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু কুমাৰী অঞ্জলী শিৱ ডুগ্গল, সচিব, বিত্তীয় সেৱা বিভাগও উপস্থিত আছিল। বোৰ্ডে চলিত অৰ্থনৈতিক পৰিস্থিতি, গোলকীয় তথা দেশীয় প্ৰত্যাহ্বানসমূহ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালনৰ অন্যান্য নিৰ্দিষ্ট ক্ষেত্ৰবোৰৰ পৰ্যালোচনা কৰে।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১৬৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?