RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482646

বিত্তীয় কাৰ্যব্যৱস্থা কৰ্মবাহিনী (এফ এ টি এফ) ৰাজহুৱা বিবৃতি - দিনাংক ২৪ ফেব্ৰুৱাৰী, ২০১৭

২৭ মাৰ্চ, ২০১৭

বিত্তীয় কাৰ্যব্যৱস্থা কৰ্মবাহিনী (এফ এ টি এফ) ৰাজহুৱা বিবৃতি - দিনাংক ২৪ ফেব্ৰুৱাৰী, ২০১৭

বিত্তীয় কাৰ্যব্যৱস্থা কৰ্মবাহিনী (এফ এ টি এফ)য়ে ইয়াৰ সদস্য আৰু অন্যান্য ক্ষেত্ৰাধিকাৰসমূহক, কোৰিয়া গণতান্ত্ৰিক গণৰাজ্য (ডি পি আৰ কে)ৰ ক্ষেত্ৰাধিকাৰৰ পৰা উদ্ভৱ হোৱা ধাৰাবাহিক তথা বুজন পৰিমাণৰ মাণি লণ্ডাৰিং আৰু সন্ত্ৰাসবাদীক অৰ্থ যোগান (এম এল/এফ টি) বিপদশংকাবোৰৰ আন্তৰ্জাতিক বিত্তীয় প্ৰণালীটোক সুৰক্ষিত কৰাৰ বাবে প্ৰতি-ব্যৱস্থা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। ক্ষেত্ৰাধিকাৰটোৰ পৰা উদ্ভৱ হোৱা বিপদশংকাৰ অনুপাতে বৰ্ধিত বিহিত কৰ্মতত্পৰতা প্ৰয়োগ কৰাটো ইয়াৰ সদস্যসকলক এফ এ টি এফৰ এক আহ্বান সাপেক্ষে ইৰাণৰ ক্ষেত্ৰাধিকাৰ হ’ব। এফ এ টি এফে অদ্যোপৰি কৌশলগত বিসংগতিপূৰ্ণ হিচাপে নিম্নোক্ত ক্ষেত্ৰাধিকাৰবোৰ চিনাক্ত কৰিছে আৰু সেইবিলাকৰ মোকাবিলা কৰিবলৈ এফ এ টি এফৰ সৈতে এক কাৰ্য আঁচনি যুগুত কৰিছে। এই ক্ষেত্ৰাধিকাৰবোৰ হ’ল – আফগানিস্তান, বছনিয়া আৰু হাৰ্জেগোৱিনা, ইথিঅপিয়া, ইৰাক, লাও পি ডি আৰ, ছিৰিয়া, উগাণ্ডা, ভানুৱাটু আৰু য়েমেন।

এফ এ টি এফে ২৪ ফেব্ৰুৱাৰী, ২০১৭ ত প্ৰকাশ কৰা শেহতীয়া ৰাজহুৱা বিবৃতি আৰু নথিবোৰত এই তথ্য উপলব্ধ আছে। নিম্নোক্ত ইউ আৰ এলবোৰত এই বিবৃতি আৰু নথিবোৰ একচেছ কৰিব পাৰি-

1. http://www.fatf-gafi.org/publications/high-riskandnon-cooperativejurisdictions/documents/public-statement-february-2017.html and

2. http://www.fatf-gafi.org/publications/high-riskandnon-cooperativejurisdictions/documents/fatf-compliance-february-2017.html

এফ এ টি এফ প্লেনাৰীয়ে, কৌশলগত এণ্টি মাণি লণ্ডাৰিং (এএমএল)/সন্ত্ৰাসৰ বিত্ত যোগান প্ৰতিৰোধ (চিএফটি) ত্ৰুটি সম্পৰ্কীয় ক্ষেত্ৰাধিকাৰবোৰৰ চিনাক্তকৰণ আৰু সিবিলাকৰ সৈতে কাম কৰাৰ অৰ্থে চলোৱা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে কৌশলগত এএমএল/চিএফটি বিসংগতিপূৰ্ণ ক্ষেত্ৰাধিকাৰবোৰৰ সন্দৰ্ভত এক ৰাজহুৱা বিবৃতি আৰু “গোলকীয় এএমএল/চিএফটি মান্যতা উন্নতি সাধন : ধাৰাবাহিক প্ৰক্ৰিয়া” শিৰোনামৰ এক নথি প্ৰকাশ কৰিছে। বিবৃতিটো আৰু নথিখন এফ এ টি এফৰ ৱেবছাইটত উপলব্ধ আৰু এনে দিহাবোৰে নিয়ন্ত্ৰিত সত্ত্বাসমূহক উপৰিউক্ত দেশ তথা ক্ষেত্ৰাধিকাৰসমূহৰ সৈতে ন্যায্য বেহা-বেপাৰ আৰু ব্যৱসায়িক লেনদেন কৰাটো বাৰণ কৰা নাই।

এফ এ টি এফৰ বিষয়ে

বিত্তীয় কাৰ্যব্যৱস্থা কৰ্মবাহিনীটো (এফ এ টি এফ) হল ইয়াৰ সদস্য ক্ষেত্ৰাধিকাৰসমূহৰ মন্ত্ৰীসকলৰ দ্বাৰা ১৯৮৯ চনত গঠিত এক আন্তঃচৰকাৰী সংস্থা। এফ এ টি এফৰ উদ্দেশ্য হ’ল অবৈধ ধন প্ৰক্ষালন প্ৰতিৰোধ, সন্ত্ৰাসবাদীক অৰ্থযোগান আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰণালীটোৰ অখণ্ডতালৈ আহিব পৰা অন্য তত্জাতীয় ভাবুকি প্ৰতিৰোধৰ কাৰণে মান প্ৰতিষ্ঠা কৰা আৰু তাৰ বাবে বিধিগত, নিয়ামক আৰু সঞ্চালন ব্যৱস্থাবোৰৰ সাৰ্থক ৰূপায়ণ বৃদ্ধি কৰা। এফ এ টি এফে আৱশ্যকীয় ব্যৱস্থাৱলী ৰূপায়ণত ইয়াৰ সদস্যসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰে, অবৈধ ধন প্ৰক্ষালন তথা সন্ত্ৰাসবাদীক অৰ্থ যোগান পদ্ধতি আৰু ইয়াৰ প্ৰতি-ব্যৱস্থাবোৰ পুনৰীক্ষণ কৰে আৰু উপযুক্ত গোলকীয় ব্যৱস্থাৰ গ্ৰহণ তথা ৰূপায়ণ বৰ্ধিত কৰে। এফ এ টি এফৰ সিদ্ধান্ত গ্ৰহণকাৰী গোট- এফ এ টি এফ প্লেনাৰী, বছৰত তিনিবাৰকৈ মিলিত হয় আৰু পৰিলক্ষণীয় এনে বিবৃতিবোৰ শেহতীয়া তথ্যভিত্তিক কৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫৮৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?