বিত্তীয় সাক্ষৰতা উপকৰণ
১০ মাৰ্চ, ২০১৭ বিত্তীয় সাক্ষৰতা উপকৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে সৰ্বসাধাৰণ ৰাইজৰ বুজ-বাজৰ বাবে মৌলিক বিত্তীয় সাক্ষৰতা বাৰ্তাবোৰ যোগান ধৰিবলৈ এফ এ এম ই (বিত্তীয় সজাগতা বাৰ্তা) শিৰোনামৰ এখন পুস্তিকা প্ৰকাশ কৰিছে। এই পুস্তিকাখনত এঘাৰটা প্ৰতিষ্ঠান/সামগ্ৰী নিৰপেক্ষ বিত্তীয় সজাগতা বাৰ্তা আছে, যেনে- বেংক একাউণ্ট এটা খোলোতে দাখিল কৰিবলগা নথিসমূহ (কে ৱাই চি), আয়-ব্যয়ৰ আগতীয়া হিচাপ কৰাৰ গুৰুত্ব, সঞ্চয় আৰু দায়িত্বশীল ঋণ গ্ৰহণ, সময় মতে ঋণ পৰিশোধৰ দ্বাৰা ভাল আস্থাসূচক লেখ অটুট ৰখা, দুৱাৰডলিত আৰু আশে পাশে বেংকিং সুবিধা আৰু লোকপালত অভিযোগ কেনেকৈ আনিব লাগে জনা, ইলেকট্ৰনিক মাধ্যমেৰে ধন প্ৰেৰণ প্ৰণালীৰ ব্যৱহাৰ, পঞ্জীভুক্ত সত্ত্বাতহে ধন বিনিয়োগ কৰা ইত্যাদি। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে বিত্তীয় সাধন আৰু সেৱাবোৰৰ বিষয়ে, উত্তম বিত্তীয় প্ৰথা, ডিজিটেল পদ্ধতি অৱলম্বন আৰু গ্ৰাহক সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা। স্থানীয় ভাষাবোৰত উপলব্ধ এই পুস্তিকাখন (/en/web/rbi/financial-education/downloads/financial-awareness-messages) ত ডাউনলড কৰিব পাৰিব। UPI (Unified Payment Interface) আৰু *99# (Unstructured Supplementary Service Data বিষয়ক দুখন পোষ্টাৰ স্থানীয় ভাষাত ডাইনলড কৰাৰ বাবে ব্যৱস্থা আছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪২৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: