RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498897

প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি কমিটীৰ বৈঠক
মৌদ্ৰিক নীতি কমিটীৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক

৫ এপ্ৰিল,২০১৮

প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি কমিটীৰ বৈঠক
মৌদ্ৰিক নীতি কমিটীৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক

আজি অনুষ্ঠিত বৈঠকত চলিত আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি কমিটী (এমপিচি)য়ে এইমৰ্মে সিদ্ধান্ত লয়-

  • চলনিধি সমাযোজন সুবিধা অন্তৰ্গত নীতিগত ৰেপো হাৰ ৬.০ শতাংশ অপৰিৱৰ্তিত ৰখা হওক

পৰিণামস্বৰূপে, এলএএফ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ হাৰ ৫.৭৫ শতাংশত আৰু উপান্ত স্থায়ী সুবিধা হাৰ তথা বেংক হাৰ ৬.২৫ শতাংশত।

বিকাশৰ সমৰ্থন পুষ্টিৰে, +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশৰ গ্ৰাহক মূল্য সূচ্যাংক স্ফীতিৰ বাবে মধ্যম্যাদী লক্ষ্যত উপনীত হোৱাকৈ সংগতিপূৰ্ণ মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সামঞ্জস্য ৰাখি এমপিচিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ অন্তৰালত থকা বিবেচনাবোৰ তলত বৰ্ণোৱা হল।

মূল্যায়ন

২. ফেব্ৰুৱাৰী,২০১৮ত এমপিচিৰ যোৱাখন বৈঠকৰ পাছত গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপে অধিক গতি লাভ কৰিছে উন্নত আৰু উদীয়মান উভয় অৰ্থব্যৱস্থাতে, যদিওৱা বিত্তীয় বজাৰ উদ্বায়ীতা আৰু সম্ভাৱ্য বাণিজ্যিক যুদ্ধই সম্ভাৱনালৈ বিপদ চপাইছে। উন্নত অৰ্থব্যৱস্থাবোৰৰ ভিতৰত মাৰ্কিন অৰ্থব্যৱস্থা সামান্য দুৰ্বল ভাৱেৰে ২০১৭ত শেষ হৈ ২০১৮ৰ প্ৰথম ত্ৰিমাসিকত প্ৰতিক্ষিপ্ত হোৱা যেন লাগিছে, কেইবামহীয়া উচ্চ নিয়োগ সহকাৰে কৰ্মসংস্থানহীনতা তলত থাকে। ইউৰো অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ প্ৰাণচঞ্চল হৈ থাকে, যদিও ইউৰোৰ শক্তিবৃদ্ধি হেতু গ্ৰাহক খৰচ আৰু কাৰখানা কাৰ্যকলাপ মন্থৰ হয়, কিন্তু কৰ্মসংস্থানহীনতাত ধাৰাবাহিক হ্ৰাস আৰু উথ্বিত গ্ৰাহক আস্থাই অৰ্থব্যৱস্থাৰ শক্তিক উত্থানমুখী কৰি থাকে। জাপানী অৰ্থব্যৱস্থাই ২০১৭ৰ চতুৰ্থ ত্ৰিমাসিক পৰ্যন্ত একেৰাহে আঠটা ত্ৰিমাসিকত বিকাশ লাভ কৰে, অৱশ্যে বছৰটোৰ আৰম্ভণি মন্থৰ হব বুলি তথ্যই কৈছে।

৩. ২০১৮ৰ প্ৰথম ত্ৰিমাসিকত উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰৰ অৰ্থনৈতিক কাৰ্যকলাপ তেজাল হৈ থাকে। চীনা অৰ্থনীতিয়ে শক্তি সহকাৰে বছৰটো আৰম্ভ কৰে, খুচুৰা বিক্ৰী বৃদ্ধিয়ে মজবুত উপভোগৰ ইংগিত দিয়াৰ লগতে বৰ্ধিত খনন আৰু প্ৰস্তুতকৰণ কাৰ্যকলাপে প্ৰথম ত্ৰিমাসিকত ঔদ্যোগিক উত্পাদনত বৃদ্ধি আনিছে। ব্ৰাজিলত বৰ্ধিত সামগ্ৰী মৃত্যৰ বলত অৰ্থনৈতিক কাম-কাজে গতিলাভ কৰিছে। ৰাছিয়ান অৰ্থনীতি প্ৰথম ত্ৰিমাসিকত পুনৰপ্ৰাপ্ত হৈছে, দুমহীয়া সংকোচনৰ পাছত ঔদ্যোগিক উত্পাদন জানুৱাৰী-ফেব্ৰুৱাৰীত সম্প্ৰসাৰিত হৈছে, ৰপ্তানি তেজী হৈছে। দক্ষিণ আফ্ৰিকাত প্ৰস্তুতকৰণ পিএমআই আৰু গ্ৰাহক আস্থা প্ৰথম ত্ৰিমাসিকত উন্নত হৈছে।

৪. বিশ্ব বাণিজ্য আকাৰ বিকাশ, বাণিজ্যিক সামগ্ৰী অনা-নিয়া, বিমান মালভাড়া আৰু ৰপ্তানি ফৰমাছৰ জোখেৰে প্ৰথম ত্ৰিমাসিকত তেজী হোৱাৰ সম্ভাৱনা হৈছে। বিগত সময়ছোৱাত খাৰুৱা তেলৰ মূল্য উদ্বায়ী হৈ থাকে। আমেৰিকাত বৃদ্ধিপ্ৰাপ্ত উত্পাদনেৰে কেবাবছৰীয়া উচ্চতাৰ পাছত ফেব্ৰুৱাৰীত সামান্য মৃদু হৈ খাৰুৱা মূল্য মাৰ্চত কঠোৰ হয়, জাপান আৰু অপেকৰ যোগান সুষমীকৰণ আৰু আমেৰিকাত লাগত চাহিদা হেতুকে। ধাতু মূল্যবোৰ বিক্ৰী চাপৰ সন্মুখীন হয়, গোলকীয় বাণিজ্যিক সংৰক্ষণবাদ আৰু মাৰ্কিন মৌদ্ৰিক নীতি উদ্ভুত অনিশ্চয়তা হেতু তামৰ মূল্যই মাৰ্চত তিনিমহীয়া নিম্ন স্পৰ্শ কৰে। সোণ মূল্য মাৰ্চত নামিছিল যদিও বাণিজ্যিক যুদ্ধ প্ৰসাৰৰ আশংকাত বৃদ্ধিমুখী হৈছে।

৫. বিত্তীয় বজাৰবোৰ ফেব্ৰুৱাৰী-মাৰ্চত উদ্বায়ী হৈ পৰে, মাৰ্কিন মৌদ্ৰিক নীতিৰ স্বাভাৱিকৰণ গতি আৰু গোলকীয় বাণিজ্য কেন্দ্ৰিক আশংকাৰ হেতুকে। ইকুইটী বজাৰবোৰে গোলকীয়ভাৱে আশাবাদী মাৰ্কিন চাকৰি সৃষ্টি আৰু চীনা সামগ্ৰীত আমেৰিকাৰ নতুন মাচুল প্ৰয়োগলৈ চাই ফেব্ৰুৱাৰী-মাৰ্চত উধাই-মুধাই বিক্ৰীৰ দ্বাৰা আগৰ ত্ৰিমাসিকত লাভখিনি হেৰুৱাব লগা হয়। আমেৰিকাত স্ফীতি চাপৰ আশংকা আৰু সম্ভাৱ্য ফেড হাৰ বৃদ্ধিয়ে প্ৰতিপালনবোৰ বিক্ৰী কৰায়। অন্যান্য প্ৰধান ইএমইবোৰতো প্ৰতিফল হ্ৰাস পাইছে। কাৰেন্সি বজাৰবোৰত অৰ্থনীতিৰ উজ্বল সম্ভাৱনালৈ চাই আগ-মাৰ্চত সামান্য উন্নত হোৱা মাৰ্কিন ডলাৰে মাহটোৰ পাছৰ ভাগত পূৰ্বৰ বৃদ্ধিখিনি হেৰুৱায় যত নেকি ফেডহাৰ আৰু সম্ভাৱ্য বাণিজ্যিক যুদ্ধই ক্ৰিয়া কৰে। অন্যান্য প্ৰধান কাৰেন্সিৰ ভিতৰত ইউৰোৱে অঞ্চলটোৰ উন্নত বিকাশ সম্ভাৱনাৰ কাৰণে বৃদ্ধি আহৰণ কৰি থাকে। সৰহভাগ ইএমই কাৰেন্সিয়ে বজাৰ উদ্বায়ীতা আৰু মাৰ্কিন অৰ্থনৈতিক সম্ভাৱনা হেতু পশ্চাত্গামী হয়, অৱশ্যে বিনিয়োগকাৰীসকলে দেশ-বৈশেষিক কাৰকবোৰো চায়।

৬. ঘৰুৱা অৰ্থনীতিলৈ আহিলে, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে যোৱা ৫ জানুৱাৰীত প্ৰকাশ কৰা প্ৰথমটো অগ্ৰিম প্ৰাককলনত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উত্পাদন ৬.৫ শতাংশৰ পৰা ৬.৬ শতাংশলৈ সামান্য সংসোধিত কৰি ২৮ ফেব্ৰুৱাৰীত দ্বিতীয়টো অগ্ৰিম প্ৰাককলন (২০১৭-১৮ৰ বাবে) প্ৰকাশ কৰিছে। ২০১৭-১৮ৰ জিডিপি বিকাশ (৬.৬ শতাংশ) ২০১৬-১৭ৰ ৭.১ শতাংশতকৈ কম। বেচৰকাৰী উপভোগ বিকাশ ২০১৭-১৮ত জিডিপি বিকাশলৈ যি ৬৮ শতাংশ বৰঙণি যোগাইছিল, দ্বিতীয়াৰ্ধত মৃদু হয়। পণ্য তথা সেৱা কৰৰ ক্ষণস্থায়ী যদিও বিৰূপ প্ৰভাৱে শ্ৰম বহুল অসংগঠিত খণ্ডত নিৰ্গম আৰু নিয়োগ ক্ষতিৰে চহৰীয়া উপভোগ বিঘ্নিত কৰিছিল। চৰকাৰী ব্যয়ে সামগ্ৰিক চাহিদাক সমৰ্থিত কৰি, দ্বিতীয়াৰ্ধত গতি সঞ্চাৰ কৰে। মুঠ স্থাবৰ মূলধন গঠনে Q2ত মোৰ সলাই Q3ত দৃঢ় হৈ দ্বিতীয়াৰ্ধত দ্ৰুত হয়, যিটোৱে মূলধনী সামগ্ৰী উত্পাদনত ক্ৰমাগত বৃদ্ধি আৰু নিৰ্মাণ কাৰ্যকলাপ মাৰ্জিত হোৱাটো দেখুৱাইছে। ২০১৭-১৮ত আমদানি বৃদ্ধি আৰু ৰপ্তানি হ্ৰাস হেতু শুদ্ধ ৰপ্তানিয়ে সামগ্ৰিক চাহিদা নমাই আনে, জিএছটি সম্পৰ্কিত মূলধনী ব্যাঘাতৰ বাবে ৰপ্তানি ক্ষতিগ্ৰস্ত হৈছিল।

৭. Q4ৰ বাবে, ফ্ৰিকুৱেন্সি ইণ্ডিকেটৰবোৰে চাহিদা স্থিতিবোৰৰ অধিক শক্তি হোৱা সূচাইছে। ঘৰুৱা বিমান যাত্ৰীৰ আহ-যাহ আৰু বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি, যাত্ৰীবাহী বাহনৰ বিক্ৰী বৃদ্ধি আৰু উপভোক্তা সামগ্ৰী উত্পাদনত যথেষ্ট বৃদ্ধিৰে বেচৰকাৰী উপভোগ বঢ়া যেন লাগিছে। দুচকীয়া বাহন আৰু ট্ৰেক্টৰৰ বিক্ৰী বিকাশে গ্ৰামীণ উপভোগ প্ৰাণৱন্ত হোৱা দেখুৱায়। জানুৱাৰী,২০১৮ত মূলধনী সামগ্ৰী উত্পাদনে ১৯মহীয়া উচ্চতা স্পৰ্শ কৰে, বিনিয়োগ চাহিদা লক্ষণ। বেংকৰ গৃহ নিৰ্মাণ ঋণ বৃ্দ্ধি আৱাসিক বিনিয়োগত শুভলক্ষণ। সোণৰ আমদানিৰ কাৰণে সদাগৰী আমদানি বিকাশ হ্ৰাস পায়, ৰপ্তানি বিকাশো দুৰ্বল হৈছে।

৮. ফেব্ৰুৱাৰী,২০১৮ত প্ৰকাশিত দ্বিতীয় অগ্ৰিম প্ৰাককলনত ২০১৭-১৮ বৰ্ষৰ বাবে খাৰিফ শষ্যৰ উত্পাদন ২.৮ শতাংশ ওপৰত সংশোধিত কৰা হৈছে। ২০১৭-১৮ৰ বাবে প্ৰাককলন কৰা মুঠ খাদ্যশষ্য উত্পাদন ২৭৭.৫ নিযুত টন, ২০১৬-১৭ৰ পৰ্যায়তকৈ ০.৯ শতাংশ বেছি, চাউল, দাইল আৰু মোটা দানাদাৰ শষ্যৰ অভিলেখ উত্পাদন হেতু। ঘেঁহুৰ উত্পাদন যোৱা বছৰতকৈ কম হয়, কিন্তু ১.৬ নিযুত টন আমদানি আৰু বাফাৰ মজুতে প্ৰতিকূল পৰিস্থিতি চম্ভালিব। ২০১৭-১৮ বৰ্ষত উদ্যানশষ্যৰ উত্পাদন ৩০৫.৪ নিযুত টনৰ অভিলেখ উচ্চতালৈ উঠে, যোৱা বছৰতকৈ ১.৬ শতাংশ অধিক।

৯. সামগ্ৰিকভাৱে ২০১৭-১৮ বৰ্ষটোৰ বাবে, চিএছঅৰ প্ৰাককলনত উদ্যোগত মূল্য সংযোজন আগৰ বছৰতকৈ কম হয়, ত্ৰিমাসিক হিচাপত অৱশ্যে Q2ত আৰম্ভণিতে Q3 আৰু Q4ত সম্প্ৰসাৰণ হয়। প্ৰস্তুতকৰণ প্ৰতিক্ষিপ্ত হোৱা বাবে এইটো হৈছে। প্ৰস্তুতকৰণ পিএমআই মাৰ্চত একেৰাহে অষ্টম মাহলৈ থাকে, অৱশ্যে Q4ত শাম কাটে। আৰবিআইৰ ঔদ্যোগিক সম্ভাৱনা জৰীপ মতে প্ৰস্তুতকৰণ খণ্ডৰ সামগ্ৰিক ব্যৱসায় মনোভাৱৰ মূল্যায়ন Q4ত উন্নত হয়, বৰ্ধিত উত্পাদন আৰু ফৰমাচ হেতু। সেৱা খণ্ডত মূল্য সংযোজিত বিকাশ গোটেই বছৰটোতে ত্বৰান্বিত হয়, হোটেল-পৰিবহন-বাণিজ্য-যোগাযোগো বৃদ্ধি আৰু নিৰ্মাণকাৰ্যত চমকপ্ৰদ সম্প্ৰসাৰণ হেতু। নৌ পৰিবহন বৃদ্ধিৰ লগতে বাণিজ্যিক বাহন বিক্ৰীও যথেষ্ট বাঢ়ে। নতুন ব্যৱসায় আৰু প্ৰত্যাশাৰে সেৱা খণ্ডৰ পিএমআই সংকোচনৰ পৰা ওলাই মাৰ্চত সুস্থিৰ হৈ পৰে।

১০. খুচুৰা স্ফীতি, চিপিআইত বৰ্ষ-পৰ-বৰ্ষ পৰিৱৰ্তনেৰে পৰিমাপিত মতে, জানুৱাৰীৰ ৫.১ শতাংশৰ পৰা ফেব্ৰুৱাৰীত ৪.৪ শতাংশলৈ নামে, খাদ্য় আৰু ইন্ধন স্ফীতি হ্ৰাস হেতু। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱে বাদে ফেব্ৰুৱাৰীত শিৰোনাম স্ফীতি আছিল ৪.১ শতাংশ। ফেব্ৰুৱাৰীত খাদ্যস্ফীতি ১২০ বিপিএছ হ্ৰাস পায়, পিঁয়াজ আৰু বিলাহীকে ধৰি পাচলিৰ ঋতুগত হ্ৰাসমূল্য আৰু দাইলৰ ধাৰাবাহিক হ্ৰাস হেতু। কণী, চেনী, মাছ-মাংস, তেল, মছলা, দানাদাৰ আৰু গাখীৰতো মূল্য হ্ৰাস পায়।

১১. ইন্ধন আৰু আলোক গোটত, আন্তৰ্জাতিক মূল্য উঠা-নমাৰ সংগতি ৰাখি ৰন্ধন গেছৰ স্ফীতি কমে। বিশেষকৈ খড়ি আৰু গোবৰ পিঠাৰ মূল্যতো বৃদ্ধি হাৰ কমে।

১২. খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি জুন,২০১৭ত বাঢ়ি যোৱাৰ পাছত একেৰাহে তৃতীয় মাহলৈ ফেব্ৰুৱাৰীত ৫.২ শতাংশত অপৰিৱৰ্ত্তিত থাকে। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱ দেখুৱাই আবাসন গোট স্ফীতি যথেষ্ট কমত, ৪.৪ শতাংশত প্ৰাককলন হয়। পেট্ৰলিয়াম সামগ্ৰী মূল্য আৰু পৰিবহন ভাড়া বৃদ্ধিৰ বাবে পৰিবহন আৰু যোগাযোগ গোটৰ স্ফীতি ফেব্ৰুৱাৰীত বাঢ়ি যায়। গৃহস্থালি সামগ্ৰী তথা সেৱা, বিনোদন-প্ৰণোদন, শিক্ষা আৰু ব্যক্তিগত যতন আৰু সাধনবোৰৰ স্ফীতি সংযত থাকে।

১৩. ৰিজাৰ্ভ বেংকৰ ২০১৮ মাৰ্চলানি গৃহস্থালি প্ৰত্যাশাৰে পৰিমাপিত মতে, গৃহস্থালিৰ স্ফীতি প্ৰত্যাশাবোৰ তিনি মাহপূৰ্ব আৰু এবছৰপূৰ্ব উভয় দিগন্ততে বাঢ়ে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপত উত্তৰ দিয়া প্ৰতিষ্ঠানবোৰে জনোৱা মতে লাগত মূল্য চাপ আৰু বিক্ৰী মূল্য বৃদ্ধি ২০১৭-১৮ৰ Q4ত হৈছিল, যিটো ২০১৮-১৯ৰ Q1লৈ থকাৰ সম্ভাৱনা। প্ৰস্তুতকাৰী আৰু সেৱা প্ৰতিষ্ঠানবোৰেও পিএমআইত, Q4ত লাগত আৰু নিৰ্গম মূল্য বৃদ্ধি দেখুৱাইছে।

১৪. প্ৰণালীটোত চলনিধি, ফেব্ৰুৱাৰী-মাৰ্চ ২০১৮ত ৰাহি-ঘাটিৰ মাজত উঠা-নমা কৰি থাকে। ১-১১ ফেব্ৰুৱাৰী,২০১৮ত দৈনিক গড়ে ২৭২ বিলিয়ন টকা ৰাহিৰ পৰা ফেব্ৰুৱাৰী ১২-১ মাৰ্চত চলনিধি ঘাটিলৈ আহে, চৰকাৰী ব্যয়ত মন্থৰতা আৰু বুজন কৰ সংগ্ৰহ দৰ্শায়। মাৰ্চ,২-১৫ত ৰাহি হোৱাৰ পাছত প্ৰণালীটো মাৰ্চ ১৬-২২ত জুনৰ ঘাটিলৈ আহে, ত্ৰিমাসিক অগ্ৰিম কৰ প্ৰবাহৰ কাৰণে। মাৰ্চৰ শেহলৈ চলনিধিৰ ঋতুগত নাটনিৰ অনুমান কৰি ৰিজাৰ্ভ বেংকে মুঠ ১ ত্ৰিলিয়ন টকাৰ চাৰিটা অতিৰিক্ত ভেৰিয়েবল ৰেট ৰেপো অভিযান চলায়। মাজ-মাৰ্চত বজাৰ সুস্থিৰকৰণ আঁচনিৰ অধীনত এপ্ৰিল-মে,২০১৭ত জাৰি কৰা ট্ৰেজাৰী বিলবোৰ বিমোচন কৰি অতিৰিক্ত ১ ত্ৰিলিয়ন টকা প্ৰণালীটোত সুমুওৱা হয়। ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু মাৰ্চত শুদ্ধ দৈনিক গড় হিচাপত যথাক্ৰমে ৬০ বিলিয়ন আৰু ২১৩ বিলিয়ন টকা সঞ্চাৰ কৰে। WACR নীতি ৰেপো হাৰৰ ওচৰলৈ আহে, জানুৱাৰীত নীতি ৰেপো হাৰৰ ১২ বেছিচ কমৰ পৰা ফেব্ৰুৱাৰীত ৭ বিপিএছলৈ আৰু মাৰ্চত ৫ বিপিএছলৈ।

১৫. সদাগৰী ৰপ্তানি বিকাশ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত ধীৰ হয়, মণি-মুকুতা-গহণা গাঠৰিৰ প্ৰস্তুত সাজ-পোছাক আৰু ইঞ্জিনীয়াৰিং সামগ্ৰীৰ ৰপ্তানি হ্ৰাস হেতু। ফেব্ৰুৱাৰীত আমদানি বিকাশো মৃদু হয়, সোণৰ আমদানি হ্ৰাস, অনাতৈল-অনাস্বৰ্ণ আমদানি হ্ৰাস, পৰিবহন সামগ্ৰী তথা পাচলি-দাইলৰ আমদানি সংকোচন হেতু। জানুৱাৰী-ফেব্ৰুৱাৰী ৰপ্তানিতকৈ আমদানি বেছি হোৱাত বাণিজ্যিক ঘাটিৰ প্ৰসাৰ ঘটে। বণিজ্যিক ঘাটিৰ কাৰণে ২০১৭-১৮ৰ তৃতীয় ত্ৰিমাসিকত কাৰেণ্ট একাউণ্ট ঘাটি বৃদ্ধি পায়। এপ্ৰিল-জানুৱাৰী ২০১৭-১৮ত শুদ্ধ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আগৰ বছৰতকৈ মৃদু হয়। ৩০ মাৰ্চ,২০১৮ত ভাৰতৰ বিদেশী বিনিময় মুদ্ৰাৰ ভাণ্ডাৰ আছিল ৪২৪.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ।

সম্ভাৱনা

১৬. ২০১৭-১৮ৰ ষষ্ঠ দ্বিমাসিকত মৌদ্ৰিক নীতি প্ৰস্তাৱত চিপিআই স্ফীতি, চতুৰ্থ ত্ৰিমাসিকত ৫.১ শতাংশ দেখুৱাইছিল, ২০১৮-১৯ৰ প্ৰথমাৰ্ধত ৫.১-৫.৬ শতাংশ ৰেঞ্জত আৰু দ্বিতীয়াৰ্ধত ৪.৫-৪.৬ শতাংশৰ ভিতৰত ঘৰভাড়া বানচ প্ৰভাৱকে ধৰি। জানুৱাৰী-ফেব্ৰুৱাৰীত প্ৰকৃত স্ফীতি পৰিণাম গড়ে ৪.৮ শতাংশ হয়গৈ পাচলিৰ মূল্য হ্ৰাস আৰু ইন্ধন গোটৰ স্ফীতি সংযত হোৱা হেতুকে। পাচলি মাৰ্চলৈকে সহজ হৈ থাকে। তদনুযায়ী, ২০১৭-১৮ চতুৰ্থ ত্ৰিমাসিকত স্ফীতি এতিয়া ৪.৫ শতাংশত ধৰা হৈছে।

১৭. একাধিক কাৰণে স্ফীতি সম্ভাৱনাক প্ৰভাৱিত কৰিব পাৰে। ফেব্ৰুৱাৰী-মাৰ্চত খাদ্যমূল্য যথেষ্ট সংযত হৈ, ফেব্ৰুৱাৰী বিবৃতিত অনুমান কৰাতকৈ তলতহে ২০১৮-১৯ প্ৰথমাৰ্ধৰ স্ফীতি প্ৰক্ষেপ পথ থকাৰ সম্ভাৱনা আছে। স্বাভাৱিক বৰষুণ আৰু চৰকাৰী যোগান ব্যৱস্থাৰ আশাৰে সামগ্ৰিক খাদ্য স্ফীতি প্ৰতিৰুধ্য হৈ থাকিব লাগে। দ্বিতীয় বিগত সময়ছোৱাত উত্পাদন বৃদ্ধি পোৱা সত্ত্বেও খাৰুৱা তেলৰ মূল্য জঠৰ হয়। ফলত খাৰুৱা তেল মূল্যত বিৰূপ প্ৰভাৱ পৰিছে। তৃতীয়, বৰ্তমানৰ মূল্যায়নত বছৰটোৰ বাকী সময়ছোৱাত ভাৰতীয় ঘৰুৱা চাহিদা শক্তিশালী হোৱাৰ আশা আছে। চতুৰ্থ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধিৰ পৰিসাংখ্যিক প্ৰভাৱ ২০১৮ৰ মাজভাগলৈকে থাকি তাৰ পাছত ক্ৰমান্বয়ে নোহোৱা হবগৈ।

১৮. এই কাৰকবোৰ চালিজাৰি চাই, ২০১৮-১৯ৰ সম্ভাৱ্য চিপিআই স্ফীতি সংসোধিত কৰি বছৰটোৰ প্ৰথমাৰ্দ্ধত ৪.৭-৫.১ শতাংশৰ ভিতৰত আৰু দ্বিতীয়াৰ্ধত ৪.৪ শতাংশত ধৰা হৈছে যত ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱো ধৰা আছে। (CHART-1). Excluding the impact of HRA revisions, CPI inflation is projected at 4.4-4.7 percent in H1:2018-19 and 4.4 percent in H2.

১৯. বিকাশ সম্ভাৱনাৰ দিশত, বিভিন্ন কাৰকে ২০১৮-১৯ত অৰ্থনৈতিক কাৰ্যকলাপৰ গতি বৃদ্ধি কৰিবলৈ লাগে। প্ৰথম, মূলধনী সামগ্ৰীৰ উত্পাদনত নিৰন্তৰ বৃদ্ধি আৰু জানুৱাৰীৰ সংকোচন বাদে এতিয়াও বাঢ়নমুখী হৈ থকালৈ চাই, বিনিয়োগ কাৰ্যকলাপ পুনৰ বৃদ্ধিৰ স্পষ্ট লক্ষণবোৰ আহিছে। দ্বিতীয়, গোলকীয় চাহিদা উন্নত হৈছে। ই ৰপ্তানিক উত্সাহিত আৰু নতুন বিনিয়োগ টনকীয়াল কৰিবগৈ লাগে। মুঠতে, জিডিপি বিকাশ ২০১৭-১৮ৰ ৬.৬ শতাংশৰ পৰা ২০১৮-১৯ত ৭.৪ শতাংশত হোৱাৰ আশা আছে –প্ৰথমাৰ্ধত ৭.৩-৭.৪ শতাংশ আৰু দ্বিতীয়াৰ্ধত ৭.৩-৭.৬ শতাংশৰ পৰিসৰত, যত বিপদশংকাবোৰ সুষম কৰি লোৱা হৈছে।

২০. এমপিচিয়ে অনুধাৱন কৰিছে যে আধাৰৰেখা স্ফীতি মাৰ্গৰ চৌপাশে ভালেমান অনিশ্চয়তা আছে। প্ৰথমে, ২০১৮-১৯ কেন্দ্ৰীয় বাজেটত খাৰিফ শষ্যৰ এমএচপিৰ সংশোধিত সূত্ৰৰ ঘোষণাই মুদ্ৰাস্ফীতিক প্ৰভাৱিত কৰিব পাৰে, যদিওবা সঠিক পৰিণামখিনি অহা মাহকেইটাতহে ওলাব। দ্বিতীয়তে বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱবোৰে শিৰোনাম স্ফীতিক ঠেলা দিব পাৰে। ঘৰভাড়া বানচ বৃদ্ধিৰ পৰিসাংখ্যিক প্ৰভাৱবোৰ মোকাবিলা কৰিব পৰা হব যদিও তাত দ্বিতীয়লানি প্ৰভাৱ কিছুমানো লক্ষ্য কৰিব লাগিব। তৃতীয়তে ২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটৰ প্ৰাককলনৰ পৰা অধিক মৌদ্ৰিক অপসৰণ অধিক বৃদ্ধি হলে বা মধ্যম পৰ্যায়ত হলেও ই মুদ্ৰাস্ফীতিৰ সম্ভাৱনাত প্ৰভাৱিত কৰিব পাৰে। বৰ্ধিত প্ৰতিশ্ৰুত ৰাজহ ব্যয়ৰ ফলত ৰাজ্যসমূহৰ মৌদ্ৰিক অপসৰণেও মুদ্ৰাস্ফীতিলৈ বিপদশংকা আনিছে। চতুৰ্থতে বৰষুণ সাময়িকভাৱে কম আৰু/অথবা চেগাচেৰেকা হলেও খাদ্যস্ফীতিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। পঞ্চমতে, ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপত উত্তৰ দিয়া প্ৰতিষ্ঠানবোৰে লাগত আৰু নিৰ্গম মূল্যবৃদ্ধিৰ আশা কৰিছে। ষষ্ঠ, খাৰুৱা মূল্যত শেহতীয়া উদ্বায়ীতাই মধ্যম্যাদী সম্ভাৱনাত যথেষ্ট অনিশ্চয়তা আনিছে।

২১. ওপৰোক্ত প্ৰেক্ষাপটত, এমপিচিয়ে নীতি ৰেপো হাৰ অপৰিৱৰ্ত্তিত ৰাখিবলৈ আৰু নিৰপেক্ষ স্থিতিৰে আগবাঢ়িবলৈ সিদ্ধান্ত ললে। ৪ শতাংশৰ শিৰোনাম স্ফীতি দীৰ্ঘস্থায়ী ভিত্তিত আহৰণৰ প্ৰতিশ্ৰুতিবদ্ধতা এমপিচিয়ে দৃঢ়তাৰে দোহাৰিছে।

২২. এমপিচিয়ে অনুধাৱন কৰিছে যে বিকাশ পুনৰাই হবলৈ লৈছে আৰু নিৰ্গম ব্যৱধান শেষ হবলৈ লৈছে। প্ৰাথমিক মূলধন বজাৰৰ বৃহত্ সম্পদ সঞ্চালনে বিনিয়োগ কাৰ্যকলাপত অধিক সমৰ্থন যোগাবলৈ লাগে। শংকাৰ ক্ষেত্ৰত ৰাজহুৱা বিত্ত যোগান বিপদশংকাত অৱনতিয়ে বেচৰকাৰী বিত্ত যোগান আৰু বিনিয়োগ বিস্তাৰ কৰিছে। অধিকন্তু, গোলকীয় বিকাশ আৰু বিনিয়োগ মজবুত হোৱা সত্ত্বেও, ক্ৰমবৰ্দ্ধমান বাণিজ্যিক সংৰক্ষণবাদ আৰু বিত্তীয় বজাৰ অস্থিৰতাই চলিত গোলকীয় প্ৰকৃতিস্থভৱন বিঘ্নিত কৰিব পাৰে। এনে এক অস্থিৰপ্ৰদ গোলকীয় পৰিবেশত ঘৰুৱা স্থূল অৰ্থনৈতিক মূলাধাৰবোৰ শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। লগতে চাপপ্ৰাপ্ত কৰ্পোৰেটক নাকি লগাই বেংক উদ্ধৃত্তপত্ৰ উন্নত কৰি যোৱাৰ সমানে বিপদশংকাগ্ৰাহী বজাৰবোৰ দৃঢ় কৰি যাব লাগিব।

২৩. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, ড০ বিৰাল ভি. আচাৰ্য আৰু ড০ উৰজিত আৰ. পেটেলে মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে মত দিয়ে। ড০ মাইকেল দেৱব্ৰত পাত্ৰই নীতিগত ৰেপো হাৰ ২৫ বেছিচ পইণ্ট বৃদ্ধিৰ হকে মতদান কৰে। এমপিচিৰ এই বৈঠকৰ কাৰ্যবিৱৰণী ১৯ এপ্ৰিল,২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

২৪. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকৰ তাৰিখ ৫ আৰু ৬ জুন,২০১৮ত নিৰ্ধাৰণ কৰা হয়।

জোছ জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৬৪১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?