হাৰিয়ানা ৰাজ্যত এখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত
আৰ বি আই/২০১৬-১৭/২৯২ ২৭ এপ্ৰিল,২০১৭ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকসকল মহোদয়/মহোদয়া, হাৰিয়ানা ৰাজ্যত এখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত হাৰিয়ানা চৰকাৰে ৰাজপত্ৰিত অধিসূচনা দিনাংক ১ ডিচেম্বৰ, ২০১৬যোগে হাৰিয়ানা ৰাজ্যত চাৰকী দাদ্ৰী নামেৰে এখন নতুন জিলা গঠনৰ বিষয়ে অধিসূচিত কৰিছিল। এই নতুন জিলাখনত লীড বেংকৰ দায়িত্ব তলৰ বিৱৰণী মতে পঞ্জাৱ নেশ্যনেল বেংকক ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল-
২. অধিকন্তু, ওপৰৰ আৰ্জাত উল্লেখিত মতে, বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপ’ৰ্টিঙৰ উদ্দেশ্যত নতুন জিলাৰ জিলা ৱৰ্কিং ক’ডটো ধাৰ্য কৰা হৈছে। ৩. হাৰিয়ানা ৰাজ্যত অন্যান্য জিলাবোৰৰ লীড বেংক দায়িত্বত কোনো সালসলনি হোৱা নাই। আপোনাৰ বিশ্বাসী (অজয় কুমাৰ মিশ্ৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: