অৰুণাচল প্ৰদেশ ৰাজ্যত নতুন জিলা গঠন – লীড বেং - আৰবিআই - Reserve Bank of India
অৰুণাচল প্ৰদেশ ৰাজ্যত নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত
আৰ বি আই/২০১৬-১৭/৩১০ ২৫ মে’,২০১৭ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকসকল মহোদয়/মহোদয়া, অৰুণাচল প্ৰদেশ ৰাজ্যত নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজপত্ৰিত অধিসূচনা দিনাংক ৩ মাৰ্চ, ২০১৪যোগে অৰুণাচল প্ৰদেশ ৰাজ্যত চাৰিখন নতুন জিলা গঠনৰ বিষয়ে অধিসূচিত কৰিছিল। এই নতুন জিলাকেইখনত লীড বেংকৰ দায়িত্ব ভাৰতীয় ষ্টেট বেংকক তলত বৰ্ণোৱা মতে ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল-
২. অধিকন্তু, ওপৰৰ আৰ্জাত উল্লেখিত ৰাজপত্ৰিত অধিসূচনাত “ল’ৱাৰ চিয়াং” নামৰ নতুন জিলা এখন প্ৰকাশিত হৈছে যদিও জিলাখনৰ সীমা আৰু প্ৰশাসনিক গোটবোৰ এতিয়াও চূড়ান্ত হোৱা নাই আৰু সেয়ে, অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰা প্ৰাপ্ত তথ্যত জিলাখন অকাৰ্যক্ষম হৈ আছে। গতিকে এই জিলাৰ লীড বেংকৰ দায়িত্ব সুকীয়াকৈ ন্যস্ত কৰা হ’ব। ৩. বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপ’ৰ্টিঙৰ উদ্দেশ্যে নতুন জিলাকেইখনৰ জিলা ৱৰ্কিং ক’ড ধাৰ্য কৰা হৈছে। ৪. অৰুণাচল প্ৰদেশ ৰাজ্যত অন্যান্য জিলাবোৰৰ লীড বেংক দায়িত্বত কোনো পৰিৱৰ্তন হোৱা নাই। আপোনাৰ বিশ্বাসী (অজয় কুমাৰ মিশ্ৰ) |