অসম ৰাজ্যৰ নতুন জিলাৰ গঠন – লীড বেংক দায়িত্ব ন্যস্ত
আৰবিআই/২০১৭-১৮/১২২ ১৮ ফেব্ৰুৱাৰী, ২০১৮ অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকল/মুখ্য কাৰ্যকৰী বিষয়াসকল, মহাশয়/মহাশয়া, অসম ৰাজ্যৰ নতুন জিলাৰ গঠন – লীড বেংক দায়িত্ব ন্যস্ত অসম চৰকাৰে ৰাজপত্ৰিত অধিসূচনাৱলী দিনাংক ২৫ জানুৱাৰী, ২০১৬, ২৬ ফেব্ৰুৱাৰী, ২০১৬ আৰু ৫ আগষ্ট, ২০১৬ যোগে অসম ৰাজ্যত আঠখন নতুন জিলা গঠনৰ সূচনা দিছিল। নতুন জিলাবোৰৰ লীড বেংক দায়িত্ব তলত বৰ্ণোৱা ধৰণে ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হল-
২. অধিকন্তু, যদিও দুখন নতুন জিলা – ইষ্ট কামৰূপ আৰু দক্ষিণ কামৰূপ জিলাক ৰাজপত্ৰিত অধিসূচনা দিনাংক ২৬ ফেব্ৰুৱাৰী, ২০১৬ যোগে প্ৰকাশিত হৈছে, অসম চৰকাৰৰ পৰা প্ৰাপ্ত পত্ৰ অনুযায়ী এই জিলা দুখন এতিয়াও অকাৰ্যক্ষম হৈ আছে। জিলা দুখনৰ বাবে লীড বেংক দায়িত্ব সুকীয়াকৈ ন্যস্ত কৰা হব। ৩. বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপোৰ্টিঙৰ উদ্দেশ্যে নতুন জিলাকেইখনৰ জিলা ৱৰ্কিং কোড ধাৰ্য কৰা হৈছে। ৪. অসম ৰাজ্যত অন্যান্য জিলাৰ লীড বেংক দায়িত্বত কোনো পৰিৱৰ্তন ঘটোৱা নাই। আপোনাৰ বিশ্বাসী, (অজয় কুমাৰ মিশ্ৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: