ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৬-২০১৭ বৰ্ষৰ আন্& - আৰবিআই - Reserve Bank of India
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৬-২০১৭ বৰ্ষৰ
আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা
আগষ্ট ৩০,২০১৬ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৬-২০১৭ বৰ্ষৰ বেংকিং বিষয়সমূহৰ ওপৰত হিন্দীত মৌলিক লেখাত উদগণি যোগোৱাৰ উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি বছৰে আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সকলো বিষয়া আৰু কৰ্মচাৰীয়ে (ৰাজভাষা বিষয়া আৰু অনুবাদক বাদে) এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। সেইমতে, 2016-17 বৰ্ষৰ বাবে অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাৰ কাৰণে নিম্নোক্ত তিনিটা বিষয় বাছনি কৰা হৈছেঃ-
প্ৰতিযোগীসকলে যিকোনো এটা বিষয়ত হিন্দীত ৰচনা পঠিয়াব পাৰে। দাখিলৰ অন্তিম তাৰিখ হ’ল 30 নৱেম্বৰ, 2016 (বুধবাৰ) প্ৰতিযোগিতাৰ নিয়মাৱলী সংযোজন Aত, আৰু অংশগ্ৰহণকাৰী বিষয়া/কৰ্মচাৰীয়ে দাখিল কৰিবলগীয়া প্ৰমাণপত্ৰৰ আৰ্হি সংযোজন Bত দিয়া হৈছে। সকলো ৰাজহুৱা খণ্ডৰ বেংক (RRB সমন্বিতে) আৰু বিত্তীয় প্ৰতিষ্ঠানক এই চাৰ্কুলাৰৰ বিষয়বস্তু তেওঁলোকৰ কাৰ্যালয়ত সংলগ্ন সকলো কৰ্মচাৰীৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ল। ব্যাপক প্ৰচাৰৰ অৰ্থে উপৰিউক্ত প্ৰতিযোগিতা সন্দৰ্ভত তথ্যসমূহ তেওঁলোকৰ প্ৰতিষ্ঠানৰ হাউছ জাৰ্ণেল/হিন্দী সাময়িকীত প্ৰকাশ কৰিবলৈ আৰু নিজ নিজ ৱেবছাইটতো উপলব্ধ কৰাবলৈ অনুৰোধ জনোৱা হ’ল। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৫৪০ |