RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78488345

“ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ এশ পচিশতম বৰ্ষ” উপলক্ষে ১০ টকীয়া স্মাৰক সিকা জাৰি

২৬ এপ্ৰিল,২০১৭

“ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ এশ পচিশতম বৰ্ষ” উপলক্ষে ১০ টকীয়া স্মাৰক সিকা জাৰি

ভাৰত চৰকাৰে ওপৰোল্লেখিত সিকাবোৰ প্ৰস্তুত কৰিছে যিবিলাক ভাৰতীয় ৰিজাৰ্ভ বেংকে অচিৰে প্ৰচলনত দিব।

ভাৰতৰ ৰাজপত্ৰ – অসাধাৰণ অংশ - ৩– উপাংশ(১) –জি.এছ.আৰ.১৯৭(ই) দিনাংক ২৬ ফেব্ৰুৱাৰী,২০১৬ত যাক বিত্ত মন্ত্ৰণালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, নতুন দিল্লীয়ে জাৰি কৰা মতে অধিসূচীত এই সিকাবোৰৰ আৰ্হি তলত দিয়া হ’ল-

সন্মুখ ফাল

সিকাৰ সন্মুখভাগৰ কেন্দ্ৰত অশোক স্তম্ভৰ সিংহ শীৰ্ষ থাকিব যাৰ তলত “सत्यमेव जयते” মুদ্ৰা লেখ উত্কীৰ্ণিত থাকিব। বাঁওফালৰ পৰিধিত দেৱনাগৰী লিপিত “भारत” শব্দ আৰু সোঁফালৰ পৰিধিত ইংৰাজীত “India” শব্দ উত্কীৰ্ণিত থাকিব আৰু সিংহ শীৰ্ষৰ তলত টকাৰ প্ৰতীক “” আৰু আন্তঃৰাষ্ট্ৰীয় সংখ্যাত মূল্যাংকন মূল্য “10” থাকিব।

পিঠি ফাল

মুদ্ৰাৰ পিছফালৰ কেন্দ্ৰত “নেশ্যনেল আৰ্কাইভ বিল্ডিঙ”ৰ প্ৰতিৰূপ আৰু তাৰ তলত “125 वर्ष/YEARS” প্ৰতিৰূপ উত্কীৰ্ণ হ’ব। কেন্দ্ৰত “নেশ্যনেল আৰ্কাইভ বিল্ডিঙ”ৰ প্ৰতিৰূপৰ ওপৰত ১২৫তম বাৰ্ষকী উদযাপনৰ এক শুভংকৰ থাকিব। মুদ্ৰাৰ ওপৰফালে পৰিধিত দেৱনাগৰী লিপিত “राष्ट्रीय अभिलेखागार” আৰু তলৰ পৰিধিত “NATIONAL ARCHIVES OF INDIA” ইংৰাজীত উত্কীৰ্ণিত হ’ব। মুদ্ৰাৰ ওপৰ আৰু নিম্ন পৰিধিত ইংৰাজীত যথাক্ৰমে “1891” আৰু “2016” লিখা থাকিব। মুদ্ৰাৰ বাঁও আৰু সোঁফালৰ শীৰ্ষত আন্তৰ্জাতিক সংখ্যাত বৰ্ষ “1916” আৰু “2016” যথাক্ৰমে লিখা থাকিব।

সিকা নিৰ্মাণ আইন,২০১১ত দিহা দিয়া মতে এই সিকাবোৰ বৈধ মুদ্ৰা হ’ব। এই মুদ্ৰাবৰ্গৰ বৰ্তমানত বৰ্তমানে প্ৰচলনৰত সিকাবোৰো বৈধ মুদ্ৰা হৈ থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৯০৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?