RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78500326

"R" ক্ষেপক বৰ্ণ সহ, সংখ্যা পেনেলত সংখ্যাবোৰ আৰোহী আকাৰত থকাকৈ আৰু উত্তোলিত মুদ্ৰণ নোহোৱাকৈ 20 বেংক-নোট জাৰী

১৫ চেপ্টেম্বৰ, ২০১৬

‘R’ ক্ষেপক বৰ্ণ সহ, সংখ্যা পেনেলত সংখ্যাবোৰ আৰোহী আকাৰত থকাকৈ আৰু উত্তোলিত মুদ্ৰণ নোহোৱাকৈ 20 বেংক-নোট জাৰী

ভাৰতীয় ৰিজাৰ্ভ বেংকে সোনকালে মহাত্মা গান্ধী ছিৰিজ-২০০৫ৰ উভয় সংখ্যা পেনেলত ‘R’ ক্ষেপক বৰ্ণ আৰু অপৰ পিঠিত মুদ্ৰণ চন ২০০৬ সহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ ড. উৰ্জীত আৰ পেটেলৰ চহীযুক্ত 20 বেংক-নোট জাৰী কৰিব।

নিম্নোক্ত বিষয় ব্যতিৰেকে আগতে জাৰী কৰা মহাত্মা গান্ধী ছিৰিজ-২০০৫ৰ 20 বেংক-নোটৰ দৰে ডিজাইন আৰু সুৰক্ষা বৈশিষ্ঠ্যবোৰ একে থাকিব ।

সন্মুখ পিঠি

আৰোহী বৰ্ণ

উভয় সংখ্যা পেনেলত থকা সংখ্যাবোৰ বাওঁ ফালৰ পৰা সোঁ ফাললৈ আৰোহী আকাৰত হব আনহাতে আল্ফা নিউমেৰিক বৰ্ণবোৰ(উপসৰ্গ) একে ৰুপত থাকিব।

উত্তোলিত মুদ্ৰণ

ইমানদিনে উত্তোলিত মুদ্ৰণৰ “20” সংখ্যাটো, আৰবিআই মোহৰ, মহাত্মা গান্ধীৰ প্ৰতিকৃতি, আৰবিআই লিজেন্ড, গেৰান্টী আৰু প্ৰতিশ্ৰুতি দফা, গৱৰ্নৰৰ চহী,অশোক স্তম্ভৰ প্ৰতীক অফ ছেটত মুদ্ৰণ কৰা হব (উত্তোলিত মুদ্ৰণ নোহোৱাকৈ)। আকৌ, বেংক-নোটৰ বাওঁ ফালে থকা আয়তাকাৰ চিনাক্তকৰণ চিন্হ আতৰাই দিয়া হৈছে।

ৰং

নোটখনৰ উলোটা পৃষ্ঠৰ ৰঙৰ কোনো সালসলনি ঘটোৱা নাই । কিন্তু সমূখ পৃষ্ঠৰ ৰং পাতল কৰা হৈছে (উত্তোলিত মুদ্ৰণ গুছাই দিয়া বাবে )।

অন্তৰ্নিহিত প্ৰতিকৃতি

মহাত্মা গান্ধী চিত্ৰৰ সোঁফালে থকা উলম্ব বেণ্ডত আগতে এক অন্তৰ্নিহিত প্ৰতিকৃতিৰ ৰূপত নোটৰ সংখ্যা “২০” দেখা পোৱা গৈছিল । ইয়াক কেৱল চকুৰ স্তৰৰ সমান্তৰালকৈ নোটখন ৰাখিলেহে দেখা পোৱা গৈছিল । এই বিশেষতা এতিয়াৰ পৰা উপলব্ধ নহব ।

উলোটা পৃষ্ঠ

বেংক নোটখনৰ উলোটা পৃষ্ঠত কোনো সালসলনি ঘটোৱা নাই ।

বেংক নোটখনৰ নমুনাৰ প্ৰতিকৃতি এনে ধৰণৰ –


বেংকৰ দ্ৱাৰা পূৰ্বতে জাৰি কৰা ২০ মূল্যবৰ্গৰ সকলো বেংকনোট এতিয়াও বৈধ হৈ থাকিব ।

অজিত প্ৰসাদ
সহকাৰী পৰামৰ্শদাতা

প্ৰেচ প্ৰকাশণী : ২০১৬-২০১৭/৬৭৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?